বহল ব্যাকৰণ
অসমীয়া ভাষাৰ
বহল ব্যাকৰণ।
ৰচক
৺ সত্যনাথ বৰা বি,এল।
গুৱাহাটী।
১৮৪৮ শঁক।
বেচ ১॥৹ দেৰ টকা মাথোন।
সাম্য-প্ৰেস,
৬নং কলেজ স্কোৱাৰ, কলিকতা,
শ্ৰীউপেন্দ্ৰনাথ দাসৰ দ্বাৰা মুদ্ৰিত আৰু প্ৰকাশিত।
⸺
নিবেদন।
এই পুথি ৰচোতা জনা আৰু ইহলোকত নাই। তেখেতে এই পুথি লিখি শেষ কৰি, প্ৰেচত দি প্ৰায় এশ পিঠিমান ছপা হওঁতেই হঠাৎ গল আঘোণ মাহৰ ২৭ তাৰিখে দুপৰীয়া চিৰশান্তিধাম লাভ কৰিলে। আমি জনাত আজি কেই বছৰমানৰ পৰা তেখেতে কৈছিল যে, আমাৰ ভাষা এতিয়া বহুত খিনি উদ্গতি কৰিছে, গতিকে এখন ডাঙৰ ব্যাকৰণৰ আৱশ্যক হৈছে। এই কথা তেখেতৰ কোনো কোনো সাহিত্যিক বন্ধু- বান্ধৱৰ লগতো কোৱামেলা কৰিছিল আৰু সেইসকলে তেখেতকে এই গুৰু কাম হাতত লবলৈ কৈছিল। পাচত গল বছৰি তেখেতে এই ব্যাকৰণ লিখিবলৈ আৰম্ভ কৰে আৰু প্ৰায় মে মাহত লিখা শেষ হয়। ইয়াৰ ভিতৰতে তেখেতৰ চকুত অলপ দোষ জন্মে আৰু এই পুথি লিখাৰ পৰা সেই ৰোগ বৃদ্ধি পাইছিল৷ সি যিকি নহওঁক কোনো মতে পুথিখন লিখি শেষ কৰি গল আগষ্ট মাহত ইয়াক প্ৰেচত দিয়া হয় আৰু ইয়াৰ কেঁচা ছপাও তেখেতে নিজেই শুধৰাইছিল আৰু কেঁচা ছপা শুধৰাওঁতে কোনো কথা সলোৱা পজৰাও কৰি- ছিল। এইদৰে ৯৬ পিঠিলৈকে তেখেতে চাই দিয়াত পুথি ছপোৱা হয়। তাৰ পাচত তেখেত ধুকালত আমি নিজে সেই কেঁচা ছপা চাই পুথি ছপাব লগা হল। আৰু কেঁচা ছপা চাওঁতে যদি পুথিৰ কোনো কথা সিজনাই সলালে হেতেন [ ভূমিকা ] তাকো কৰা নহল। কিয়নো আমি তেনে কাম কৰিবলৈ সাহ নকৰিলো। এই পুথি সিজনাই অসমীয়া ৰাইজলৈ লিখিছিল, গতিকে আমি যেনে পাইছিলো তেনেই অসমীয়া ৰাইজৰ আগত উলিয়াই দিলোঁ। এতিয়া ইয়াৰ কোনো দোষাদোষ থাকিলে সেইটো ৰাইজৰ ইচ্ছা অনুসৰি আমি দ্বিতীয় তাঙ্গৰণত সলাই দিম। গতিকে আমাৰ দেশৰ সাহিত্যিক সকলৰ গুৰিত আমাৰ এয়ে প্ৰাৰ্থনা যেন তেখেতসকলে পুথিখন এবাৰ পঢ়ি চাই দোষাদোষ আমাক জানিবলৈ দিয়ে। সিজনাই এই পুথিৰ পাতনি এখনো লিখিছিল, কিন্তু আমাক কৈছিল যে যিখন পাতনি লিখি উলিয়াইছিল সেইখন তেখেতৰ মনত তেতিয়াও সন্তোষজনক হোৱা নাছিল, আকৌ এবাৰ হাতফুৰাব লাগিব বুলিছিল। কিন্তু তাক আৰু কৰিবলৈ নেপালে। গতিকে আমি সেই পাতনি খনকেই ইয়াৰ লগত ছপাই দিলোঁ, আৰু ৰাইজে তাক সমালোচনা কৰোতে এই কথাষাৰলৈ চকু ৰাখিব বুলি আশা কৰিলোঁ।
বিদেশত ছপা হোৱাত পুথিত অলপ ছপাৰ ভূল ৰৈ গল, গতিকে লগত এখন শুধৰণি পত্ৰ দিয়া হল। ইতি—
ৰাইজৰ অনুগ্ৰহপ্ৰাৰ্থী
সিজনৰ অভাজন পুত্ৰ
শ্ৰীঅম্বিকানাথ বৰা।
শ্ৰীজ্ঞাননাথ বৰা।
পাতনি।
ব্যাকৰণ ভাষাৰ বিশ্লেষণ বা ভাঙ্গনি। ই ভাষা এটাক খণ্ড খণ্ড কৰি, তাৰ গঠন আৰু গঠন প্ৰণালীটোক ভাঙ্গি ছিঙ্গি ভিন ভিন কৰি দেখুৱায় দিয়ে, আৰু সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিয়ে। যথাৰ্থ পক্ষত ব্যাকৰণে ভাষা নিশিকায়, ভাষাটোক ফালি ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাকে মাথোন দেখুৱাই দিয়ে। সেই দেখি এক ৰকমে চালে যাৰ যি ভাষা তাক সেই ভাষাৰ ব্যাকৰণ নালাগেই। ব্যাকৰণ নিশিকাকৈয়ে সি সেই ভাষাত সুন্দৰৰূপে কথা কব পাৰে৷ তাক ব্যাকৰণ লাগে কেৱল ভাষাটোৰ ভিতৰুৱা গঠন শিকিবলৈ আৰু ভাষাটো শুদ্ধৰূপে লিখিবলৈ। কিন্তু যি এটা ভাষা নকৈ শিকিব খোজে সি সেই ভাষাৰ ব্যাকৰণ নিশিকিলে ভাষাটোৰ গোটেই তত্ত্ব লাভ কৰিব নোৱাৰে। মুখে মুখে ইংৰাজী শিকা মানুহৰ দুটা কথা যদি শুদ্ধ হয়, দুটা কথা অশুদ্ধ হয়, সি যি কথাটো ইংৰাজৰ মুখত এদিন শুনিছে তাকে মাথোন কব পাৰে, ভিন কথা সাজি কব নোৱাৰে। সেই দেখি ভিন জাতিৰ ভাষা শিকিবলৈ হলে সেই ভাষাৰ ব্যাকৰণ পঢ়িব লাগে ব্যাকৰণ নপঢ়িলে এজন ইংৰাজ বা জাপানীয়ে বঙ্গলা বা [ পাতনি ] অসমীয়া ভাষা শিকিব নোৱাৰে। এই কথা সাৰোগত কৰি বহল ব্যাকৰণ লিখা হৈছে। অৰ্থাৎ বহল ব্যাকৰণ কেৱল অসমীয়া লৰাৰ নিমিত্তে লিখা হোৱা নাই, ভিন জাতিৰ মানুহেও যেন ইয়াক পঢ়ি অসমীয়া ভাষাৰ সকলো তত্ত্ব অবগত হব পাৰে, তালৈ চকু বাখি হে লিখা হৈছে। চেষ্টা সফল হৈছে নে নাই, সেই কথা অৱশ্যে ৰাইজৰ বিচাৰ্য্য।
যদিও সচৰাচৰ অসমীয়া ব্যাকৰণ লিখোঁতে সংস্কৃত ব্যাকৰণৰ আৰ্হি লৈ লিখা হয়, অসমীয়া ভাষা সংস্কৃত ভাষাৰ নিচিনা নহয়। সিহঁতৰ গঠন আৰু গঠন-প্ৰণালী একেবাৰে ভিন। আখৰবোৰৰ উচ্চাৰণ ভিন, আখৰ যোঁটনিৰ নিয়ম ভিন। সংস্কৃতত শব্দৰ সন্ধি হয়, অসমীয়াত নহয়। অসমীয়াত কেৱল সংস্কৃত শব্দৰহে সন্ধি কৰা হয়। সিও লিখোঁতাৰ ইচ্ছাধীন। সমাস অৱশ্যে অসমীয়াত আছে, কিন্তু তাৰ ব্যৱহাৰ সকলো ঠাইত হব নোৱাৰে। সংস্কৃত শিৰোভূষণ বা শিৰভূষণ হয়, কিন্তু অসমীয়াত মূৰৰ সাজহে হয় “মূৰসাজ” নহয়। অসমীয়াত তদ্ধিত প্ৰত্যয় অলেখ, প্ৰায় শব্দটোৱে পতি প্ৰত্যয় ভিন ভিন হয়। সংস্কৃতত ইমানবোৰ তদ্ধিত প্ৰত্যয় আছে নে নাই কব নোৱাৰোঁ। অসমীয়াত কৃত প্ৰত্যয়ৰ সংখ্যাও তাকৰ নহয়। সংস্কৃতত সনন্ত ধাতু আৰু যঙন্ত ধাতু আছে, অসমীয়াত নাই। এতেকে অসমীয়া ব্যাকৰণ ঠিক সংস্কৃত ব্যাকৰণৰ আৰ্হিত হব নোৱাৰে। সেই দেখি অসমীয়া বৈয়াকৰণসকলে তদ্ধিত কৃত আদি প্ৰত্যয় ভিন [ পাতনি ] ভিন কৰি দেখুৱাইছে, বহল ব্যাকৰণতো সেইদৰে ভিন ভিন কৰি দেখুৱা হৈছে।
প্ৰচলিত অসমীয়া ব্যাকৰণবিলাকত ক্ৰিয়াৰ কাল সম্বন্ধে অলপ অসঙ্গত কথা দেখা যায়। পঢ়িছোঁ, খাইছোঁ আদি ক্ৰিয়াৰ ৰূপক সেই ব্যাকৰণবিলাকত স্বৰূপ বৰ্ত্তমান ৰূপ বুলি কৈছে৷ পঢ়িছোঁ কথাৰ অৰ্থ দুটা হব পাৰে, এই মুহূৰ্ত্তত পঢ়ি আছোঁ, আৰু আগেয়ে কেতিয়াবা পঢ়িছোঁ। প্ৰথম অৰ্থত ক্ৰিয়াটোক এনে গুটিয়া ক্ৰিয়া বুলিব নোৱাৰি। ই দুটা ক্ৰিয়াৰ সানমিহলি পঢ়ি আৰু আছোঁ। পঢ়ি+আছোঁ= পঢ়িছোঁ, খাই+আছোঁ=খাইছোঁ। অসমীয়াত এনেকুৱা যুটীয়া ক্ৰিয়া আৰু আছে। যেনে; দে+আহি=দেহি, যা+আহি=যাহি। পঢ়ি সাধ্যা ক্ৰিয়াৰ লগত আছোঁ সিদ্ধা ক্ৰিয়া গোট খাই পঢ়িছোঁ ৰূপ সিদ্ধ হৈছে। এতেকে পঢ়িছোঁ পঢ় ধাতুৰ এটা বিশেষ ৰূপ নহয়, আৰু তাৰ ভিন নামো হব নোৱাৰে। পঢ়িছোঁ কথাৰ দ্বিতীয় অৰ্থ, কেতিয়াবাই পঢ়িছোঁ, কিন্তু তাৰ ফলভোগ আজিও কৰি আছোঁ। এই অৰ্থত পঢ়িছোঁ পঢ় ধাতুৰ এটা বিশেষ ৰূপ। তাক পূৰ্ণ ভূত কালৰ ৰূপ বুলিব পাৰি। প্ৰচলিত ব্যাকৰণবিলাকত এই কথাৰ কোনো উল্লেখ নাই। ৺হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণত এই কথা অলপ উনুকিয়াইছে, কিন্তু কালটোৰ কোনো নাম দিয়া নাই, কেৱল বাক্যবিন্যাস প্ৰকৰণত এই ৰূপটো সেই অৰ্থতো ব্যৱহাৰ হয় বুলি লিখা আছে। আমি প্ৰথমে ধাতুৰ [ পাতনি ] এই ৰূপ দুটাক পৃথক্ কৰি দেখুৱাই সুকীয়া ৰূপটোক পূৰ্ণ ভূত কালৰ ৰূপ বুলি লিখিবলৈ ওলাইছিলোঁ, কিন্তু তেনে কৰিলে অসমীয়া ব্যাকৰণত এটা বিশেষ পৰিবৰ্ত্তন ঘটোৱা হব, আৰু ইমান কালৰ পাচত তেনে পৰিবৰ্ত্তন কৰিলে ভাষাটোৰ অনিষ্ট হব পাৰে, গছৰ পুলি ঘনে পতি ঠাই সলাই ৰুলে সি উদ্গতি কৰিব নোৱাৰে, এনেটো আশঙ্কা কৰি অসমীয়া ভাষাৰ খ্যাতনামা অধিনায়ক স্বৰ্গীয় হেমচন্দ্ৰ বৰুৱাৰ অনুসৰণ কৰি আমিও কথাটো বাক্যবিন্যাস অধ্যায়ত উনুকিয়াই থলোঁ।
ণত্ব বিধিৰ ভিতৰতো এনেকুৱা অসঙ্গত কথা পোৱা যায়। ঋৰ আৰু ষৰ পাচত ণ মূৰ্দ্ধন্য হয়। এইটো সংস্কৃত ব্যাকৰণৰ বিধি অসমীয়া ব্যাকৰণত গ্ৰহণ কৰা হৈছে। কিন্তু সেই তিনি আখৰ আৰু নৰ মাজত ক বৰ্গ প বৰ্গৰ আখৰ বা য ব হ থাকিলেও ন মূৰ্দ্ধন্য হয়। ইও সংস্কৃত ব্যাকৰণৰ বিধি, কিন্তু এই বিধি অসমীয়া ব্যাকৰণত গ্ৰহণ কৰা হোৱা নাই; কিয় হোৱা নাই তাৰ কাৰণ পোৱা নাযায়৷ আৰু স্ত্ৰী প্ৰত্যয়ৰ নী কেতিয়াও মূৰ্দ্ধন্য নহয়, কিয় নহয়, কাৰণ পোৱা নাযায়। কিন্তু আগত কোৱা কাৰণেই এই অসঙ্গত কথাও বহল ব্যাকৰণত গ্ৰহণ কৰা হৈছে।
উচ্চাৰণ সম্বন্ধে বহল ব্যাকৰণত বিস্তীৰ্ণ ভাবে একো কোৱা হোৱা নাই। উচ্চাৰণ বিষয়টোৱেই হৈছে অভিধানৰ [ পাতনি ] বিষয়, তাক অভিধান চাই শিকিব লাগে। কিন্তু বেজাৰৰ কথা অসমীয়াত এই পৰিমিত তেনে দৰৰ অভিধান ওলোৱা নাই। হেমকোষত শব্দবিলাকৰ উচ্চাৰণ শব্দে শব্দে দিয়া নাই। কিন্তু পাতনিত কিছুমান নিয়ম প্ৰণালী দিয়া হৈছে। তাক পঢ়ি চালে বৰ্ণ আৰু শব্দৰ উচ্চাৰণ সম্বন্ধে অনেক কথা জনা যাব পাৰে।
ভাষাই পতি কোৱাৰ এটা সুকীয়া ধৰণ আছে। অসমীয়া ভাষাৰো এটা সুকীয়া ধৰণ আছে। সেই ধৰণটোক আমি অসমীয়া ভাষাৰ জতুৱা ঠাচ বুলিছোঁ। ঠাচ কথাৰ অৰ্থ ঠাচা বা সাঁচ। কোনো বস্তু গঢ়িবলৈ হলে তাৰ এটা সাঁচ মাটিৰে গঢ়িলোৱা হয়, আৰু তাতে ঢালি সেই গঢ়ৰ বস্তু প্ৰস্তুত কৰা হয়। অসমীয়া ঠাচত বা সাঁচত বাক্য নাঢালিলে সি যথাৰ্থ অসমীয়া নহয়। বঙ্গলা চোক-উঠেছে, বা পেট- নেবেছে এই দুই কথাৰ পৰিবৰ্ত্তে অসমীয়াত চকু উঠিছে বা পেট নামিছে বুলিলে বাক্য দুটা অসমীয়া নহব, সিহঁতক অসমীয়া ঠাচত ঢলা নহল। আচল ঠাচত ঢালিলে সিহঁত চকু নামিছে আৰু পেট বৈছে হব। আজিকালিৰ দিনত কিন্তু এনেকুৱা কথা বহুত পোৱা যায়। সেই নিমিত্তে বহল ব্যাকৰণত অসমীয়া ভাষাৰ জতুৱা ঠাচ সম্বন্ধে লিখা হৈছে, আৰু কিছুমান উদাহৰণো দিয়া হৈছে।
ব্যাকৰণ প্ৰণয়ন এটা টান কাম, ই হাতী মাৰি ভুৰুকাত ভৰোৱ কাম। এটা দীঘল ডাঙৰ ভাষাক তাৰ ডাল পাত [ পাতনি ] সমন্বিতে এটা এশ বা ডেৰ শ পতীয়া/ ব্যাকৰণত ভৰাব লাগে। এই দুষ্কৰ কাম নিৰ্ভুল ভাবে প্ৰথম বাৰেই সম্পন্ন হব বুলি আমি কেতিয়াও আশা কৰা নাই। কোনো কোনো লাগতিয়াল কথাও এই পুথিত নোসোমাব পাৰে, আৰু আন আন ৰকমৰ ভুলো ইয়াত থাকিব পাৰে। সেই বাবে আমি ৰাইজক নিবেদন কৰো যে, সিবিলাকে কোনো ভুল বা ত্ৰুটী দেখিলে আমাক যেন জনায়, আমি ইয়াৰ ভবিষ্যত তাঙ্গৰণত সেইবোৰ শুধৰাই দিবলৈ চেষ্টা কৰিম।
১৮৪৭৷ |
নিৰ্ঘণ্ট।
—:✶:—
বিষয়। | পিঠি। | বিষয়। | পিঠি। |
প্ৰথম অধ্যায়। | চতুৰ্থ অধ্যায়। | ||
ভাষা আৰু ব্যাকৰণ |
১ |
শব্দ প্ৰকৰণ |
৩৫ |
দ্বিতীয় অধ্যায়। | পঞ্চম অধ্যায়। | ||
ণত্ববিধি |
১৫ |
সৰ্ব্বনাম |
৬১ |
তৃতীয় অধ্যায়। | বোধক সৰ্ব্বনামৰ ৰূপ | ৬২ | |
সন্ধি প্ৰকৰণ |
২০ |
কাৰক |
৭৭ |
বিষয়। |
পিঠি। |
বিষয়। |
পিঠি। |
ষষ্ঠ অধ্যায়। | উপসৰ্গ | ১১১ | |
বিশেষণ | ৯২ | অষ্টম অধ্যায়। | |
বিশেষণীয় বিশেষণ |
৯৪ |
সমাস প্ৰকৰণ |
১১৬ |
সপ্তম অধ্যায়। | বহুব্ৰিহী সমাস | ১২২ | |
সংখ্যাবোধক শব্দ |
৯৮ |
কৰ্ম্মধাৰয় সমাস |
১২৭ |
বিষয়। |
পিঠি। |
বিষয়। |
পিঠি। |
নৱম অধ্যায়। | মৌলিক ধাতুৰ ৰূপ | ১৮৬ | |
তদ্ধিত প্ৰকৰণ |
১৪০ |
পাঁচনি ক্ৰিয়া |
১৯২ |
অন্য এবিধ তদ্ধিত প্ৰত্যয় | ১৬৮ | একাদশ অধ্যায়। | |
দশম অধ্যায়। | কৃৎ প্ৰকৰণ | ২০৩ | |
ধাতু আৰু ক্ৰিয়া প্ৰকৰণ |
১৭৫ |
বাচ্য |
২০৩ |
স্বৰূপ বৰ্তমান কাল | ১৮০ | দ্বাদশ অধ্যায়। | |
স্বৰূপ ভূতকাল |
১৮০ |
বাক্যবিন্যাস প্ৰকৰণ |
২৩৬ |
বিষয়। | পিঠি। | বিষয়। | পিঠি। |
কাল আৰু ক্ৰিয়াৰ সঙ্গতি | ২৫৫ | ত্ৰয়োদশ অধ্যায়। | |
বিশেষ্য আৰু বিশেষণ |
২৫৮ |
অসমীয়া ভাষাৰ জতুৱা ঠাচ |
২৬৯ |
⸻
শুধৰণী।
—:✶:—
পিঠি |
শাৰী |
অশুদ্ধ |
শুদ্ধ |
পিঠি |
শাৰী |
অশুদ্ধ |
শুদ্ধ |
⸺⸻