পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০
বহুল ব্যাকৰণ।

অধিকৰণকাৰক।

 ৪০। যত বা যিহত ক্ৰিয়া সম্পাদিত হয় তাক অধিকৰণ, কাৰক বোলে। অধিকৰণকাৰকত সপ্তমী বিভক্তি হয়। যেনে, পাটীত শুই আছে। ইয়াত শোৱন ক্ৰিয়া পাৰ্টীত সম্পাদিত হৈছে, এতেকে পাটী অধিকৰণকাৰক, আৰু সেই দেখি তাত সপ্তমী বিভক্তি হৈছে।

 ৪১। অধিকৰণ দুবিধ হব পাৰে, কাল আৰু ঠাই। কোন কালত বা সময়ত ক্ৰিয়া সম্পাদিত হৈছে, সেই কথা অধিকৰণত প্ৰকাশ হলে, সি কালবোধক অধিকৰণ আৰু কোন ঠাইত ক্ৰিয়া সম্পাদিত হৈছে, সেই কথা অধিকৰণত প্ৰকাশ হলে, সি স্থানবোধক অধিকৰণ। তাৰ বাপেক ভাদ মাহত মৰিছে; ভাদ মাহত কালবোধক অধিকৰণ। সি শিৱসাগৰত উপজিছিল; শিৱসাগৰত স্থানবোধক অধিকৰণ।

 কোনো কোনো ব্যাকৰণত ষষ্ঠী বিভক্তিযুক্ত পদক সম্বন্ধকাৰক বুলিছে। আমি তেনেকুৱা পদক কাৰক বোলা নাই। বিভক্তি সাতোটা হলেও আমাৰ বিবেচনাত কাৰক ছটাহে। ক্ৰিয়াৰ লগত সম্বন্ধ নহলে বিশেষ্য বা সৰ্ব্বনামক কাৰক বুলিব নোৱাৰি। সম্বন্ধ পদৰ লগত কোনে৷ ক্ৰিয়াৰ সম্বন্ধ নহয়। ৰজাৰ ঘৰ বুলিলে ‘ৰজাৰ’ এই পদৰ লগত কোনো ক্ৰিয়াৰ সম্বন্ধ প্ৰকাশ নাই। এতেকে তাক কাৰক নুবুলি কেৱল সম্বন্ধ পদ বোলা যুগুত। সম্বন্ধ বুজাবলৈ মাথোন শব্দত ষষ্ঠী বিভক্তি যোগ দিয়া হয়।