পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
বহল ব্যাকৰণ।
বিভক্তি একবচন   বহুবচন
ষষ্ঠী কোনোবাৰ কোনোবাবিলাকৰ
সপ্তমী কোনোবাত কোনোবাবিলাকত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কিহ্ আৰু যিহ্।
ক্লীবলিঙ্গত।

 ২৫। এই দুই সৰ্ব্বনামৰ বহুবচন নাই, ইহঁত কেৱল একবচনত ব্যৱহাৰ হয়।

বিভক্তি কিহ্   যিহ্
প্ৰথমা কিহে যিহে
দ্বিতীয়া কিহক যিহক
তৃতীয়া কিহেৰে

(আনবিলাক ওপৰৰ দৰে)

যিহেৰে

(আনবিলাক ওপৰৰ দৰে)

চতুৰ্থী কিহলৈ

কিহক

যিহলৈ

যিহক

পঞ্চমী কিহৰ পৰা যিহৰ পৰা
ষষ্ঠী কিহৰ যিহৰ
সপ্তমী কিহত যিহত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — কেওঁ।
পুং আৰু স্ত্ৰীলিঙ্গত।

 ২৬। কেওঁ সৰ্ব্বনাম কেৱল মানুহ বুজুৱা বিশেষ্যৰ সলনি প্ৰথমা বিভক্তিৰ একবচনত ব্যৱহাৰ হয়। ইয়াৰ বহুবচন নাই।