পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
বহল ব্যাকৰণ।

শুইছে। ইয়াত পঢ়ন ক্ৰিয়া লৰাই, গাজন ক্ৰিয়া মেঘে, আৰু শোৱন ক্ৰিয়া সি কৰিছে, এতেকে লৰা, মেঘ আৰু সি কৰ্ত্তাকাৰক, আৰু সিহঁতত প্ৰথমা বিভক্তি হৈছে।

কৰ্ম্মকাৰক।

 ৩৫। যাৰ ওপৰত ক্ৰিয়া হয়,তাক কৰ্ম্ম কাৰক বোলে। কৰ্ম্ম কাৰকত দ্বিতীয়া বিভক্তি হয়। যেনে, গোপালে হৰিক মাৰিলে। ইয়াত, মাৰণ ক্ৰিয়াটো হৰিৰ ওপৰত হৈছে, এতেকে হৰি কৰ্ম্ম কাৰক, আৰু তাত দ্বিতীয়া বিভক্তি হৈছে।

কৰণকাৰক।

 ৩৬। যাৰ বা যিহৰ দ্বাৰায় কৰ্ত্তাই ক্ৰিয়া সম্পন্ন কৰে তাক কৰণকাৰক বোলে। কৰণকাৰকত তৃতীয়া বিভক্তি হয়। যেনে, সি কুঠাৰেৰে কাঠডোখৰ দুছেও কৰিলে। ইয়াত ছেও দিয়া ক্ৰিয়া কুঠাৰৰ দ্বাৰায় সম্পন্ন কৰা হৈছে, এতেকে কুঠাৰ কৰণকাৰক, আৰু সেই কাৰণে তাত তৃতীয়া বিভক্তি যোগ হৈছে।

সম্প্ৰদানকাৰক।

 ৩৭। যাক দান কৰা যায়, তাক সম্প্ৰদানকাৰক বোলে। সম্প্ৰদানকাৰকত চতুৰ্থী বিভক্তি হয়। যেনে, দক্ষিণাৰ সলনি তেওঁ পুৰোহিতক এজনী গাই দিছে। ইয়াত গাইজনী পুৰোহিতক দিয়া হৈছে, এতেকে পুৰোহিত সম্প্ৰদানকাৰক, আৰু সেই কাৰণে তাত চতুৰ্থী বিভক্তি যোগ হৈছে।