পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
বহল ব্যাকৰণ।
চতুৰ্থী এখেলৈ, এখেতলৈ

এখেতক

এখেতসকললৈ

এখেতসকলক

পঞ্চমী এখেৰ পৰা, এখেতৰ পৰা এখেতসকলৰ পৰা
ষষ্ঠী এখেৰ, এখেতৰ এখেতসকলৰ
সপ্তমী এখেত, এখেতত এখেতসকলত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — তেখেত।
পুং আৰু স্ত্ৰীলিঙ্গত।

 ৩০। ইয়াৰ বহুবচন কৰিবলৈ সকল যোগ দিয়া হয়।

বিভক্তি একবচন   বহুবচন
প্ৰথমা তেখেত, তেখেতে তেখেতসকলে
দ্বিতীয়া তেখেতক তেখেতসকলক
তৃতীয়া তেখেতেৰে

(আনবিলাক ওপৰৰ দৰে)

তেখেতসকলেৰে

(আনবিলাক ওপৰৰ দৰে)

চতুৰ্থী তেখেতলৈ

তেখেতক

তেখেতসকললৈ

তেখেতসকলক

পঞ্চমী তেখেতৰ পৰা তেখেতসকলৰ পৰা
ষষ্ঠী তেখেতৰ তেখেতসকলৰ
সপ্তমী তেখেত, তেখেতত তেখেতসকলত

তৃতীয় পুৰুষৰ সৰ্ব্বনাম — অত, তত।
পুং আৰু স্ত্ৰীলিঙ্গত।

 ৩১। দ্বিতীয়া বিভক্তিত ইহঁতৰ ব্যৱহাৰ নাই। তৃতীয়াদি বিভক্তিত ইহঁতৰ ত লোপ হয়, কিন্তু চতুৰ্থীৰ অক বিভক্তি