পৃষ্ঠা:বহল ব্যাকৰণ.pdf/১০৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৪
বহল ব্যাকৰণ।

পঞ্চমী বিভক্তি।

 ৫৫। সীমা বুজালে শব্দত পঞ্চমী বিভক্তি হয়। যেনে, গুৱাহাটীৰ পৰা নগাৱঁলৈ ৭৫ মাইল। সি লৰাকালৰ পৰা বুধিয়ক।

 ৫৬। শুন আদি ক্ৰিয়াৰ যোগত পঞ্চমী বিভক্তি হয়। যেনে, তাৰ মুখৰ পৰা শুনিলোঁ।

  ৫৭। সিদ্ধা ক্ৰিয়া লোপ হলে শব্দত পঞ্চমী বিভক্তি হয়। যেনে, পৰ্ব্বতৰ টিঙৰ পৰা গোটেইখন দেশ দেখা যায়, অৰ্থাৎ পৰ্ব্বতৰ টিঙত উঠিলে৷ পৰ্ব্বতৰ পৰা চালোঁ, অৰ্থাৎ পৰ্ব্বতত উঠি চালোঁ।

 ৫৮। আৰম্ভণ বুজালেও পঞ্চমী বিভক্তি হয়। যেনে, সোমবাৰৰ পৰা পৰীক্ষা হব, অৰ্থাৎ আৰম্ভ হব।

ষষ্ঠী বিভক্তি।

 ৫৯। কোনো বস্তুৰ লগত সম্বন্ধ বুজালে শব্দত যষ্ঠী বিভক্তি হয়। যেনে, ঈশ্বৰৰ সৃষ্টি, গছৰ পাত, মোৰ হাত। ষষ্ঠী বিভক্তি হলে শব্দক সম্বন্ধ পদ বোলা যায়।

 ৬০। প্ৰতি, নিমিত্তে, কাৰণে, অৰ্থে, মতে, হতুৱাই, নিচিনা, দৰে, বাজে, বাহিৰ, ভিতৰ, অনুসাৰে, ইত্যাদি শব্দৰ যোগত শব্দত ষষ্ঠী বিভক্তি হয়। যেনে, দুখীয়াৰ প্ৰতি দয়ালু হবা, জ্ঞানৰ নিমিত্তে বিদ্যা আৰ্জিবা, তাৰ কাৰণে মই বিপদত পৰিলোঁ, ধনৰ অৰ্থে শ্ৰম কৰিলেহে ধন হয়, ৰামৰ