পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৯৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
বহল ব্যাকৰণ

 ২৭। সম্ভ্ৰম বুজাবলৈ বিশেষণ-সৰ্ব্বনাম, আপোন, আৰু স্থানবোধক সৰ্ব্বনাম, এখেত, তেখেত, অত, আৰু তত ব্যক্তিবোধক সৰ্ব্বনাম স্বৰূপে ব্যৱহাৰ হয়।

 অসমীয়া ভাষাত সম্ভ্ৰমৰ হীন-ডেঢ়ি কৰা হয়। সাধাৰণতঃ সম্ভ্ৰমেৰে সম্বোধন কৰিবলৈ বা উল্লেখ কৰিবলৈ হলে আপোন সৰ্ব্বনাম ব্যৱহাৰ হয়। আপোন এটা তৃতীয় পুৰুষৰ সৰ্ব্বনাম, ইয়াৰ ক্ৰিয়াও তৃতীয় পুৰুষৰ হয়। কিন্তু ব্যৱহাৰত ই দ্বিতীয় পুৰুষ যেন। যি মানুহক সম্বোধন কৰা যায়, সেই মানুহেৰে সৈতে মুখা-মুখি হৈ কথা কওঁতেও তেওঁক আপুনি বুলি সম্বোধন কৰিব পাৰি, অৰ্থাৎ যি ঠাইত কেৱল আদৰত তুমি সৰ্ব্বনাম ব্যৱহাৰ হয়, সেই ঠাইত সম্ভ্ৰমত আপুনি ব্যৱহাৰ কৰিব পাৰি। কিন্তু বিশেষ সম্ৰমেৰে কাৰো কথা উল্লেখ কৰিব লাগিলে, আপুনি ব্যৱহাৰ নহয়। তেতিয়া এখেত, তেখেত বা অত, তত ব্যৱহাৰ হয়। অৰ্থাৎ তেতিয়া কথা কওঁতাই তেওঁৰ সম্ভ্ৰমৰ মানুহ জনলৈ পোনে নোটোঁৱায়, তেওঁ থকা ঠাইখনলৈ মাথোন টোঁৱায়। তেনেকুৱা কৰিলে, ঠিক চকুলৈ নাচায় ভৰিলৈ চাই কথা কোৱা যেন হয়। ই অতি সম্ভ্ৰমৰ চিন। এই সৰ্ব্বনাম কেইটা ব্যক্তিবোধক – সৰ্ব্বনাম স্বৰূপে ব্যৱহাৰ হলে, ভিন ভিন বিভক্তিত সিহঁতৰ ভিন ভিন ৰূপ হয়। সেই ৰূপবিলাক তলত দেখুৱা হল।

তৃতীয় পুৰুষৰ সৰ্ব্বনাম—আপোন।
পুং আৰু স্ত্ৰীলিঙ্গত।

 ২৮। প্ৰথমাৰ বহুবচনত আৰু আন বিভক্তিত আপোন আপোনা হয়, আৰু ইয়াৰ বহুবচন কৰিবলৈ লোক বা সকল যোগ দিয়া হয়।