পৃষ্ঠা:বহল ব্যাকৰণ.pdf/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
বহল ব্যাকৰণ।

 ৭৷ যাৰ কথা বা যাৰ বিষয়ে কোৱা যায়, সি তৃতীয় পুৰুষৰ সৰ্ব্বনাম। সি, তেওঁ, ই, এওঁ, যি, কোন, কোনো, কোনোবা, যিহ্, কিহ্‌, আৰু কেওঁ তৃতীয় পুৰুষৰ সৰ্ব্বনাম।

 ৮৷ অনাদৰত তৃতীয় পুৰুষৰ সি আৰু ই ব্যৱহাৰ হয়, আদৰত তেওঁ আৰু এওঁ ব্যৱহাৰ হয়।

 ৯। সি আৰু ই, এই দুই সৰ্ব্বনামৰ লিঙ্গ আছে। পুং আৰু ক্লীৱলিঙ্গত সি, স্ত্ৰীলিঙ্গত তাই হয়। সেই দৰে, ই পুং আৰু ক্লীৱলিঙ্গত ব্যৱহাৰ হয়; স্ত্ৰীলিঙ্গত এই হয়।

 ১০। বিশেষ্যৰ নিচিনা ব্যক্তিবোধক সৰ্ব্বনামৰো বচন আছে। হঁত, লোক, বোৰ, বিলাক আদি বহুবচনৰ চিন্ যোগ দি সিহঁতৰ বহুবচন কৰা হয়। যেনে, সিহঁত, ইহঁত, তেওঁলোক, এওঁলোক বা তেওঁবিলাক এওঁবিলাক ইত্যাদি।


বিভক্তি অনুসাৰে ব্যক্তিবোধক সৰ্ব্বনামৰ ৰূপ।

 ১১। শব্দত বিভক্তি যোগ দিবৰ যি নিয়ম, প্ৰায় সেই নিয়ম মতেই সৰ্ব্বনামতো বিভক্তি যোগ হয়।

প্ৰথম পুৰুষৰ সৰ্ব্বনাম—মই।
পুং স্ত্ৰী দুয়ো লিঙ্গত।

 ১২৷ প্ৰথমা বিভক্তিৰ একবচনত বাজে আন ঠাইত মই একবচনত মো আৰু বহুবচনত আমা হয়। ইয়াৰ বহুবচন