বহল ব্যাকৰণ/একাদশ অধ্যায়

[ ২০৩ ]

একাদশ অধ্যায়।
⸺:✱:⸺
কৃৎ প্ৰকৰণ।

বাচ্য।

 ১। বাচ্য মুঠত ছবিধ— প্ৰত্যয়ৰ বাচ্য আৰু বাক্যৰ বাচ্য।বাক্যৰ বাচ্য সম্বন্ধে পাচত কোৱা যাব।

 ২। যি অৰ্থত ধাতুত কৃৎ প্ৰত্যয় (তলত চোৱাঁ) যোগ দিয়া হয়, তাক প্ৰত্যয়ৰ বাচ্য বোলে।

 ৩।প্ৰত্যয়ৰ বাচ্যও দুবিধ—ভাববাচ্য আৰু কাৰক- বাচ্য। কাৰক ছবিধ। এতেকে কাৰক বাচ্যও ছবিধ—কৰ্ত্তৃবাচ্য, কৰ্ম্মবাচ্য, কৰণবাচ্য, সম্প্ৰদানবাচ্য, অপাদানবাচ্য আৰু অধিকৰণবাচ্য।

 ভাববাচ্য—যি বাচ্যত ধাতুৰ অৰ্থটো মাথোন প্ৰকাশ পায়, তাক ভাব বাচ্য বোলে। যেনে, গম্ ধাতু, ভাব বাচ্যত অনট্ প্ৰত্যয়, গমন = যাৱন।

 কৰ্তৃবাচ্য—যি বাচ্যত কৰ্ত্তা কাৰকৰ অৰ্থ প্ৰকাশ পায়, তাক কৰ্তৃবাচ্য বোলে। যেনে, দা ধাতু, কৰ্তৃবাচ্যত তৃ প্ৰত্যয়,

প্ৰথমাৰ একবচন দাতা = দিওঁতা।

[ ২০৪ ]  কৰ্ম্মবাচ্য—যি বাচ্যত কৰ্ম্ম কাৰকৰ অৰ্থ প্ৰকাশ পায়, তাক কৰ্ম্মবাচ্য বোলে। যেনে, কু ধাতু কৰ্ম্মবাচ্যত ক্ত প্ৰত্যয়, কৃত = যিহক কৰা হৈছে।

 কৰণবাচ্য—যি বাচ্যত কৰণ কাৰকৰ অৰ্থ প্ৰকাশ পায়, তাক কৰণবাচ্য বোলে। যেনে, দম্ ধাতু কৰণবাচ্যত ড প্ৰত্যয়, দণ্ড = লাঠি, যিহেৰে দমন কৰা যায়।

 সেই দৰে, যি যি বাচ্যত সম্প্ৰদান, অপাদান আৰু অধি- কৰণ কাৰকৰ অৰ্থ প্ৰকাশ পায়, সিহঁতক ক্ৰমান্বয়ে সম্প্ৰদান বাচ্য, অপাদান বাচ্য আৰু অধিকৰণ বাচ্য বোলে।

কৃৎ প্ৰত্যয়।

 ৪। এটা ধাতুৰ পৰা ভিন ভিন অৰ্থৰ পদ কৰিবলৈ তাত যি ভিন ভিন প্ৰত্যয় যোগ দিয়া হয়, সেই প্ৰত্যয়বিলাকক কৃৎ প্ৰত্যয় বোলে আৰু নিষ্পন্ন পদটোক কৃদন্ত পদ বোলে। কৃদন্ত পদবিলাক বিশেষ্য, বিশেষণ বা সিদ্ধা ক্ৰিয়া হয়।

 ৫। ধাতুত কৃৎ প্ৰত্যয় যোগ দিবৰ সাধাৰণ নিয়ম। (ক) কৃৎ প্ৰত্যয় যোগ হলে, ধাতুৰ শেষৰ স্বৰ আৰু উপধাৰ হ্ৰস্ব স্বৰৰ গুণ হয়, প্ৰত্যয়ৰ ক্ বা ঙ্ ইৎ গলে নহয়।

 (খ) কৃৎ প্ৰত্যয়ৰ ণ বা ঞ ইৎ গলে, ধাতুৰ শেষৰ স্বৰ আৰু উপধাৰ অ বৃদ্ধি হয় আৰু আ-কাৰান্ত ধাতুৰ পাচত এটা য হয়। [ ২০৫ ]  (গ) কৃৎ প্ৰত্যয় হলে, ধাতুৰ ণিচ প্ৰত্যয় লোপ হয়।
 (ঘ) কৃৎ প্ৰত্যয়ৰ ঘ ইৎ গলে, ধাতুৰ শেষত থকা চ মৰি ক আৰু জ মৰি গ হয়।
 (ঙ) কৃৎ প্ৰত্যয়ৰ খ ইৎ গলে, ধাতুৰ আগত থকা পদত অনুস্বাৰ যোগ হয়।
 (চ) কৃৎ প্ৰত্যয়ৰ প ইৎ গলে, হ্ৰস্ব স্বৰ শেষত থকা ধাতুৰ পাচত এটা ৎ হয়।
 (ছ) কৃৎ প্ৰত্যয়ৰ য পাচত থাকিলে, ধাতুৰ শেষৰ ও মৰি অব আৰু ঔ মৰি আব হয়।
 (জ) তদ্ধিত প্ৰত্যয় যোগ দিবৰ কিছুমান নিয়ম কৃৎ প্ৰত্যয়তো খাটে।

সংস্কৃত কৃৎ প্ৰত্যয়।

 যিবিলাক কৃৎ প্ৰত্যয় যুক্ত পদ অসমীয়া সাহিত্যত পোৱা যায় সেই বিলাক প্ৰত্যয় মাথোন ইয়াত দিয়া হল।

সন্, ষঙ্, ক্যঙ্, ণিচ।

 এই কেইটা প্ৰত্যয়ৰ বিষয়ে সবিশেষ আগত কোৱা হৈছে (ধাতু আৰু ক্ৰিয়া প্ৰকৰণৰ আদিতে চোৱা)।

তব্য, অনীয়, যৎ, ণ্যৎ, ক্যপ্।

তব্য।

 ৬। কৰিব লগীয়া বা কৰা উচিত, এই অৰ্থত ভাববাচ্যত আৰু কৰ্ম্মবাচ্যত, ধাতুত তব্য প্ৰত্যয় হয়। যেনে, [ ২০৬ ] দা—দাতব্য, শ্ৰু—শ্ৰোতব্য, ভূ—ভবিতব্য, কৃ—কৰ্ত্তব্য, বচ—বক্তব্য, মনু—মন্তব্য, গম্—গন্তব্য, দৃশ্—দ্ৰষ্টব্য, ইত্যাদি।

অনীয়।

 ৭। সেই অৰ্থত ভাব বাচ্যত আৰু কৰ্ম্ম বাচযত, ধাতুত অনীয় প্ৰত্যয় হয়। যেনে, পা—পানীয়, শ্ৰু—শ্ৰবণীয়, কৃ— কৰণীয়, স্মৃ—স্মৰণীয়, শুচ—শোচনীয়, ভুজ—ভোজনীয়, ৰম—ৰমণীয়, সেৱ—সেৱনীয়, দৃশ্—দৰ্শনীয়, ৰক্ষ্—ৰক্ষণীয়, নিজন্ত পূজ্, অৰ্থাৎ পূজি—পূজনীয়, সেই দৰে, অৰ্চ্চি— অৰ্চ্চনীয়, পালি—পালনীয় ইত্যাদি।
 তব্য আৰু অনীয় প্ৰত্যয় যোগ দিয়াত শ্ৰু আদিৰ উ মৰি ও হৈছে আৰু কৃ আদিৰ ঋ মৰি অৰ হৈছে অৰ্থাৎ সিহঁতৰ গুণ হৈছে। সাধাৰণ নিয়ম (ক) চোৱাঁ।

যৎ।

 ৮। সেই অৰ্থত, ভাববাচ্যত আৰু কৰ্ম্মবাচ্যত, স্ববান্ত ধাতুত যৎ প্ৰত্যয় হয়। ৎ ইৎ যায়, য থাকে। যেনে, জি— জেয়, নী ―নেয় [সাঃ নিঃ (ক) চোৱাঁ], শ্ৰু—শ্ৰব্য, ভূ—ভব্য সাঃ নিঃ (ছ) চোৱাঁ।
 যৎ প্ৰত্যয় হলে, ধাতুৰ শেষৰ আ মৰি এ হয়। যেনে, দা–দেয়, গা—গেয়, পা-পেয়, ধা—ধেয়।
 আৰু যেনে, সহ্‌—সহ্য, লভ্ – লভ্য, গম্—গম্য, ৰম্ ৰম্য, মদ্—মদ্য, পৰি—ধা—পৰিধেয়, গদ্—গদ্য।

. [ ২০৭ ]

ণ্যৎ ( ঘ্যণ্)।

 ৯। সেই অৰ্থত, ভাব বাচ্যত আৰু কৰ্ম্ম বাচ্যত, ঋ-কাৰান্ত আৰু ব্যঞ্জনান্ত ধাতুত ণ্যৎ প্ৰত্যয় হয়। ণ ৎ ইৎ যায়, য থাকে। যেনে কৃ—–কাৰ্য্য, ধৃ—ধাৰ্য্য, হৃ—হাৰ্য্য, বচ—বাচ্য বা বাক্য, ত্যজ্ — ত্যাজ্য, অ—কজ্—আৰোগ্য, মন্—মান্য, বহ্ — বাহ্য। সাঃ নিঃ (খ) চোৱাঁ।
 অমাবস্যা বা অমাবাস্যা পদ এই প্ৰত্যয় কৰি নিপাতনত সিদ্ধ। অমা একে লগে বস বা বাস, অৰ্থাৎ চন্দ্ৰ সূৰ্য্যৰ লগত বাস কৰে, এই অৰ্থত।

ক্যপ্।

 ১০। সেই অৰ্থত, ভাববাচ্যত আৰু কৰ্ম্মবাচ্যত, কৃ, ভৃ, স্তু, শাস্ আদি ধাতুত ক্যপ্ প্ৰত্যয় হয়। ক্ প্ ইৎ যায়, য থাকে। কৃ—কৃত্য, ভৃ—ভৃত্য, স্তু – স্বত্য। ক্যপ্ প্ৰত্যয় হলে, শাস্ ধাতুৰ ঠাইত শিস্ হয়। যেনে, শাস্- শিস্য। সাঃ নিঃ (ক) চোৱাঁ।
 ক্যপ্ প্ৰত্যয় হলে, হন্ ধাতুৰ ন্ মৰি ত হয়। গো হন্ = স্ত্ৰীলিঙ্গত গোহত্যা। সেইদৰে, ব্ৰহ্মহত্যা, পিতৃহত্যা।
 সূৰ্য্য আৰু ৰাজসূয় পদ সূ ধাতুত ক্যপ্ কৰি নিপাতনত সিদ্ধি।

শতৃ।

 ১১। কৰি, বা হৈ আছে, এই অৰ্থত, বৰ্ত্তমান কালত, কৰ্তৃবাচ্যত, শতৃ প্ৰত্যয় হয়। শ্ ঋ ইৎ কায়, অৎ থাকে। [ ২০৮ ] যেনে, চল্ – চলৎ,জ্বল্ – জ্বলৎ, জীব্—জীবৎ, ভূ—ভবৎ, ৰুদ্-ৰুদৎ।
 বিদ্‌ ধাতুত শতৃ প্ৰত্যয় হলে, তাৰ ঠাইত ক্বসু হয়, ক্ ইৎ যায়, বস্ থাকে। যেনে, বিদ্—বিদ্বস্,। ১মা, ১ ব, বিদ্বান, স্ত্ৰী বিদুষী।

শান।

 ১২। হৈ আছে, এই অৰ্থত, বৰ্তমান কালত, কৰ্তৃবাচ্যত ধাতুত শান প্ৰত্যয় হয়। শ্ ইৎ যায়, আন থাকে। প্ৰায় ধাতুৰ পাচত শানৰ ঠাইতে মান হয়, আৰু কোনো ধাতুৰ পাচত অ, কোনো ধাতুৰ পাচত য হয়। যেনে, বৃৎ – বৰ্ত্তমান, বৃধ্—বৰ্দ্ধমান, বিদ্—বিদ্যমান, দীপ্—দীপ্যমান, মৃ— ম্ৰিয়মান, বহ- বহমান, যজ— যজমান।
 আস্ ধাতুৰ পাচত শান গুচি ঈন হয়। যেনে, আস্— আসীন।কোনো কোনো সকৰ্ম্মক ধাতুত কৰ্ম্ম বাচ্যতো শান প্ৰত্যয় হয়। যেনে, দৃশ্—দৃশ্যমান।

স্যতৃ, স্যমান।

 ১৩। ভবিষ্যৎ কালত কৰ্ত্তৃ বাচ্যত, ধাতুত স্বতৃ আৰু সামান প্ৰত্যয় হয়। স্যতৃৰ ঋ ইৎ যায়, স্যুৎ থাকে। যেনে, ভূ+স্যতৃ=ভবিষ্যৎ। কৰ্ম্ম বাচ্যত বচ্ +স্যমান = বক্ষ্যমান।
 শতৃ শান, স্যতৃ স্যমান। এই চাৰিটা প্ৰত্যয় একে উদ্দেশ্য সিদ্ধিৰ নিমিত্তে, অৰ্থাৎ একে অৰ্থত ব্যৱহাৰ হয়। কেৱল বৰ্ত্তমান কালৰ হলে

শতৃ আৰু শান, ভবিষ্যৎ কালৰ হল স্যতৃ আৰু স্যমান ব্যৱহাৰ হয়। [ ২০৯ ]

ক্ত।

 ১৪। ভূত কালত, কৰ্ত্তৃ আৰু কৰ্ম্মবাচ্যত, ধাতুত ক্ত প্ৰত্যয় হয়। ইয়াৰ ক ইৎ যায়, ত থাকে। ভাববাচ্যত এই প্ৰত্যয় ধাতুত যোগ হয় কিন্তু অতি বিৰল। ক্ত প্ৰত্যয় কৰি সিদ্ধ হোৱা পদ প্ৰায় বিশেষণ হয়।

 ১৫। ক্ত প্ৰত্যয় হলে, ক্ৰম্, ক্লম্, ক্ষম, শম্, শ্ৰম্ আদি ধাতুৰ আদিৰ অ মৰি আ হয়। যেনে, ক্ৰম্—ক্ৰান্ত, ক্লম্— ক্লান্ত, ক্ষম্—ক্ষান্ত, শম্ —শান্ত, শ্ৰম্—শ্ৰান্ত।

 ১৬। ক্ত প্ৰত্যয় হলে, গম্, নম্, মন্, হন্ আদি ধাতুৰ শেষ বৰ্ণ লোপ হয়। যেনে, গম্—গত, নম্—নত, মন্—মত, হন্—হত।

 ১৭। ক্ত প্ৰত্যয় হলে, খন্ ধাতুৰ ঠাইত খা আৰু জন্ ধাতুৰ ঠাইত জা হয়। যেনে, খন্—খাত, জন্—জাত।

 ১৮। ক্ত প্ৰত্যয় হলে, দন্‌শ্, ৰন্‌জ্‌ আদি ধাতুৰ শেষ বৰ্ণৰ আগৰ বৰ্ণ লোপ হয়। যেনে, দন্‌শ্—দষ্ট, ৰন্‌জ্‌—ৰক্ত।

 ১৯। ক্ত প্ৰত্যয় হলে, দ্ শেষত থকা ধাতুৰ দ্ আৰু প্ৰত্যয়ৰ ত মৰি ন হয়। যেনে, ছিদ্—ছিন্ন, ভিদ্—ভিন্ন, ক্ষুদ্—ক্ষুণ্ণ, কিন্তু মদ্ ধাতুৰ তেনে পৰিবৰ্ত্তন নহয়। যেনে, মদ—মত্ত।

 ২০। ৰুজ্, মস্‌জ, ক্ষি, আদি ধাতুৰ পাচত ক্ত প্ৰত্যয়ৰ ত মৰি ন হয়, মস্‌জ্‌ ধাতুৰ স্ লোপ হয় আৰু ক্ষি ধাতুৰ [ ২১০ ] ই মৰি ঈ হয়। যেনে, ৰুজ্‌—ৰুগ্ন, মস্‌জ্—মগ্ন, ক্ষি—ক্ষীণ। আন আন সলনিৰ নিমিত্তে সাঃ নিয়ম চোৱাঁ।

 ২১। ধাতুৰ শেষত ৰ্, থাকিলে, প্ৰত্যয়ৰ ত মৰি ন হয়। যেনে, পূৰ্‌—পূৰ্ণ, চূৰ্‌—চূৰ্ণ।

 ২২। ত্ৰৈ আদি ধাতুৰ পাচত প্ৰত্যয়ৰ ত মৰি ন হয়, ণ হৈও থাকে, কিন্তু স্নৈ আদি ধাতুৰ পাচত সদায় ন হয়। যেনে, ত্ৰৈ—ত্ৰাণ বা ত্ৰাত।

 ২৩। দীৰ্ঘ ৠ-কাৰান্ত ধাতুত ক্ত প্ৰত্যয় হলে, তাৰ ঋ মৰি ঈৰ হয়। যেনে, শ—শীৰ্ণ, জৃ—জীৰ্ণ, সম্—ক— সঙ্কীৰ্ণ, বি—দ়ৃ —বিদীৰ্ণ। সেইদৰে, উত্তীৰ্ণ, বিস্তীৰ্ণ, অবতীৰ্ণ, ইত্যাদি।

 ২৪। ক্ত প্ৰত্যয় হলে, ৰুষ্, শ্বস্ আদি ধাতুৰ পাচত এটা. ই হয়, নহৈও থাকে। যেনে, কষ্—ৰুষ্ট বা ৰুষিত, বি— শ্বস্—বিশ্বস্ত বা বিশ্বসিত।

 ২৫। ক্ত প্ৰত্যয় হলে, স্থা, মা আদি ধাতুৰ আ মৰি ই হয়, ধা ধাতুৰ ঠাইত হি, আৰু দা ধাতুৰ ঠাইত দৎ হয়। যেনে, স্থা—স্থিত, মা—মিত, বি—ধা—বিহিত, অভি—ধা —অভিহিত, দা—দত্ত।

 ২৬। ক্ত প্ৰত্যয় হলে, যজ আৰু ব্যধ্ ধাতুৰ য আৰু অ দুয়ো মৰি ই হয়। যেনে, যজ্—ইষ্ট, ব্যধ্—বিদ্ধ।

 ২৭৷ ক্ত প্ৰত্যয় হলে, গ্ৰহ্, প্ৰচ্ছ্, ভ্ৰস্‌জ ধাতুৰ ৰ্‌ আৰু [ ২১১ ] অ দুয়ো মৰি ঋ হয়। যেনে, গ্ৰহ্—গৃহীত, প্ৰচ্ছ্—পৃষ্ট। ভ্ৰস্‌জ্‌, ধাতুৰ স্ লোপ হয়। যেনে, ভ্ৰস্‌জ্‌—ভৃষ্ট।

 ২৮। ক্ত প্ৰত্যয় হলে, হবা ধাতুৰ ঠাইত হূ হয়। যেনে, আ—হ্বা—আহূত।

 ২৯। ক্ত প্ৰত্যয় হলে, স্বপ্, বচ্ আদি ধাতুৰ ব মৰি উ হয়। যেনে, স্বপ্–সুপ্ত, বচ্—উক্ত।

 ৩০। শুষ্ ধাতুৰ পাচত প্ৰত্যয়ৰ ত মৰি ক, আৰু পচ্ ধাতুৰ পাচত ব হয়। যেনে, শুষ্—শুষ্ক, পচ্—পক্ক।

 ৩১। ক্ত প্ৰত্যয় হলে, গা, পা, হা আদি ধাতুৰ আ মৰি ঈ হয়। গা (গৈ)—গীত, পা—পীত, হা—হান।

 ৩২। ফুল্ল, ঋণ, নিৰ্ব্বাণ আদি শব্দ ক্ত প্ৰত্যয় কৰি অনিয়মিতৰূপে নিপাতনত সিদ্ধ।

 ৩৩। ক্ত প্ৰত্যয় কৰি সিদ্ধ হোৱা আৰু কেতবিলাক পদ ইয়াত দিয়া হল। যেনে, কৰ্ত্তৃ—আ—সন্‌জ—আসক্ত, স্তন্ভ--স্তব্ধ, নিস্তব্ধ, সম্—পদ—সম্পন্ন, বিপন্ন, প্ৰসদ —প্ৰসন্ন, উৎ—বিজ—উদ্বিগ্ন, দী—দীন, শী—শয়িত, স্ফাৰ —স্ফীত।
 কৰ্ম্মবাচ্যৰ—কৃ—কৃত, ধৃ—ধৃত, লিখ্ — লিখিত, পঠ— পঠিত, অৰ্চ্চি—অৰ্চ্চিত, পূজি—পূজিত, গাৰ্হি— গাৰ্হিত, ভন্ জ —ভগ্ন, অ—ছাদি—আচ্ছন্ন।

ক্তি।

 ৩৪। ভাববাচ্যত সকলো ধাতুত ক্তি প্ৰত্যয় হয়। [ ২১২ ] তাৰ ক ইৎ যায় তি থাকে। যেনে, খ্যা—খ্যাতি, স্থা—স্থিতি, ই—ইতি, নী—নীতি, প্ৰী—প্ৰীতি, শ্ৰু—শ্ৰুতি, স্মৃ—স্মৃতি, স্তু—স্তুতি, শক্—শক্তি, বচ—উক্তি ,ভজ্ -ভক্তি, সৃজ্— সৃষ্টি, বুধ—বুদ্ধি, সিধ্—সিদ্ধি, মন্—মতি, তৃপ্—তৃপ্তি, দীপ্ —দীপ্তি, ক্লম্—ক্লান্তি, গম্—গতি, ভ্ৰম্—ভ্ৰান্তি, শম্—শান্তি, শ্ৰম্—শ্ৰান্তি, দৃশ্—দৃষ্টি, তুম্—তুষ্টি, পুষ—পুষ্টি, বৃষ,—বৃষ্টি।

 ক্ৰিয়াৰ কৰ্ত্তাক বুজাবলৈ ধাতুত তৃন্, নক, নিন্, ঘিণুন, ষক, ণনট্, থক, খ, খট্, খি, খ্য, ড, টক্ ক্লিপ, ট আদি প্ৰত্যয় যোগ হয়। এই বিলাকৰ ভিতৰত তৃন্, ণক আৰু নিন্‌ সাধাৰণতঃ সকলো ধাতুত যোগ দিব পৰা যায়। আনবিলাক প্ৰত্যয় বিশেষ বিশেষ ধাতুতহে যোগ হয়। তৃন্ আৰু ণক প্ৰত্যায়া যে ইচ্ছা অনুসাৰে সকলো ধাতুত খাটে এনেও নহয়। কেতবিলাক ধাতুত তৃন্ প্ৰত্যয় আৰু কেতবিলাকত ণক প্ৰত্যয় হয়। কোনবিলাক ধাতুত তৃন্ হয়, আৰু কোনবিলাকত ণক হয়, সেই কথা অনেক কালৰ ব্যৱহাৰৰ পৰা স্থিৰ হৈছে। এতিয়া তাক লুটিয়াব নোৱাৰি। সেই দেখি কোন ধাতুত কি প্ৰত্যয় হয়, তাক ব্যৱহাৰৰ পৰা জানি লব লাগে।

তৃন্।

 ৩৫। কৰ্ত্তৃবাচ্যত ধাতুত তৃন্ (তৃচ্) প্ৰত্যয় হয়। ন্ ইৎ যায়, তৃ থাকে। যেনে, কৃ+তূন্=কৰ্ত্তৃ, ১ মা ১ ব কৰ্ত্তা। সেই দৰে, (সকলোবিলাক উদাহৰণ ১ মা ১ ব) ভুজ্‌—ভোক্তা, নী—নেতা, ধা—ধাতা, বি—ধা—বিধাতা, বচ—বক্তা, ত্ৰৈ—ত্ৰাতা (ত্ৰৈ দ্ৰৈ আদি ধাতু ত্ৰা দ্ৰা হয়), [ ২১৩ ] উপ—দৃশ্—উপদেষ্টা, সৃজ্—স্ৰষ্টা, শ্ৰু—শ্ৰোতা, যুধ্— যোদ্ধা, বুধ্—বোদ্ধা, দা—দাত। সাঃ নিঃ ( ক ) চোৱাঁ।

 ৩৬। তৃন্ প্ৰত্যয় হলে, কোনো কোনো ধাতুৰ শেষত ই হয়। যেনে, ভু—ভবিতা, ৰচি—ৰচয়িতা, স্থাপি—স্থাপয়িতা। এই এটাই কেইটা নিজন্ত ধাতু।

ণক।

 ৩৭। কৰ্ত্তৃবাচ্যত ধাতুত ণক প্ৰত্যয় হয়। ণ ইৎ যায়, অক থাকে। যেনে, পচ্–পাচক, পঠ্—পাঠক, গ্ৰহ্— গ্ৰাহক, যাচ্—যাচক, দ্ৰু—দ্ৰাবক, পু—পাবক, নী—নায়ক, গৈ—গায়ক, ঘট্—ঘটক, হন্—ঘাতক, বচ্—বাচক, কৃ— কাৰক। নিজন্ত ধৃ অৰ্থাৎ ধাৰি ধাতু+ণক = ধাৰক। সেই দৰে, জনি—জনক, চালি—চালক, পালি—পালক। সেই দৰে, নিজন্ত পুষ—পোষক,নশ্—নাশক। সাঃ নিঃ (খ) (গ) চোৱাঁ।

ণিন্।

 ৩৮। কৰ্ত্তৃবাচ্যত ধাতুত ণিন্ প্ৰত্যয় হয়। ণ ইৎ যায়, ইন্‌ থাকে। যেনে, বদ্ + ণিন্= বাদিন, ১মা ১ব বাদী। সেই দৰে বস্—বাসী, প্ৰ—বাসী, অধি—বাসী, স্থা—স্থায়ী, ৰুধ্—ৰোধী বি—ৰোধী, দ্ৰুহ্‌—দ্ৰোহী বি—দ্ৰোহী।

 ৩৯। কৰ্ম্মবাচক পদ আগত থাকিলে, হন্ ধাতুত কৰ্ত্তৃবাচ্যত ণিন্ প্ৰত্যয় হয়। ধাতুৰ হ মৰি ঘ হয়, আৰু ন্‌ মৰি ৎ হয়। যেনে, পিতৃ+হন্ = পিতৃঘাতিন্, ১মা ১ব পিতৃ [ ২১৪ ] ঘাতী। সেই দৰে, আত্মঘাতী, ফলাহাৰী, স্তন্যপায়ী, সত্যবাদী, শয্যাশায়ী।
 ৪। ভবিষাৎ কালত ভূ, স্থা, গম্ আদি ধাতুত নিন্ প্ৰত্যয় হয়। যেনে, ভূ—ভাবী, চিৰ—স্থা—চিৰস্থায়ী। সেই দৰে, আগামী। সাঃ নিঃ (ক) চোৱাঁ।

 বিশেষ কাৰণত বিশেষ বিশেষ ধাতুত যোগ হোৱা প্ৰত্যয়।

ঘিণুন্ (ঘ্নিন্)।

 ৪১। যুজ্, ত্যজ্, ভুজ্, ৰন্‌ঞ্জ্‌, সৃজ্ আদি ধাতুত স্বভাব বা নিয়ম বুজাবলৈ কৰ্ত্তৃবাচ্যত ঘিণুন্ প্ৰত্যয় হয়। ঘ, উ, ণ ইৎ যায়, ইন থাকে। যেনে, যুজ—যোগী, ত্যজ—ত্যাগী, ভুজ—ভোগী, ৰন্‌জ্‌, (ইয়াৰ ন্ লোপ হয়)—বাগী অনুৰাগী। সাঃ নিঃ (ক) (ঘ) চোৱাঁ।
 ৪২। কৰ্ম্মবাচক পদ আগত থাকিলে, নিন্দাৰ্থত ক্ৰী ধাতুতো কৰ্ত্তৃবাচ্যত ঘিণুন্ প্ৰত্যয় হয়। যেনে, মাংস—ক্ৰী —মাংস বিক্ৰয়ী, কন্যা—ক্ৰী— কন্যা বিক্ৰয়ী।

ষক।

 এই প্ৰত্যয়টেো বিশেষ ধাতুত আৰু বিশেষ কাৰণত ণকৰ সলনি ব্যৱহাৰ হয়। ণক সাধাৰণ প্ৰত্যয়।
 ৪৩। ব্যৱসায় বা পাৰ্গতালি বুজাবলৈ কৰ্তৃবাচ্যত নৃৎ, খন্ আৰু ৰন্‌জ্ ধাতুত ষক প্ৰত্যয় হয়। ষ্‌ ইৎ যায় অক [ ২১৫ ] থাকে। যেনে, নৃৎ-নৰ্ত্তক, খন্‌—খনক, ৰন্‌জ্‌ ( ইয়াৰ ন্ লোপ হয় )—ৰজক।

ণনট্, থক।

কেৱল গা ধাতুত৷

 ৪৪। ব্যৱসায় বুজাবলৈ গা ধাতুত কৰ্ত্তৃবাচ্যত ণনট্ আৰু থক্ প্ৰত্যয় হয়। ণ্ ট্ ইৎ যায়, অন্ থাকে। যেনে, গা—গায়ন, গাথক।

খ।

 ৪৫। প্ৰিয়, বশ্ আদি শব্দৰ পাচত থকা বাদ্, ভূ, জি আদি ধাতুত কৰ্ত্তৃবাচ্যত খ প্ৰত্যয় হয়। খ্ ইৎ যায়, অ থাকে। যেনে, প্ৰিয়—বদ্—প্ৰিয়ংবদ, বশ—বদ—বশংবদ, বিশ্ব—ভৃ—বিশ্বস্তৰ, ধন—জি—ধনঞ্জয়। সেইদৰে, মৃত্যুঞ্জয়, ধুৰন্ধৰ, স্বয়ম্—বৃ—সয়ম্বৰা স্ত্ৰী, বসুন্ধৰা স্ত্ৰী। সাঃ নিঃ (ক) (ঙ) চোৱাঁ৷ খ প্ৰত্যয়েৰে সিদ্ধ হোৱা পদৰ স্ত্ৰীলিঙ্গত আ হয়। যেনে, প্ৰিয়ংবদা, বিশ্বম্ভৰা।

খট্‌।

কেৱল কৃ ধাতুত।

 ৪৬। ভয়, শুভ ক্ষেম শব্দৰ পাচত থকা কৃ ধাতুত, কৰ্ত্তৃবাচ্যত খট্ প্ৰত্যয়। খ্‌ ট্‌ ইৎ যায়, অ থাকে। যেনে ভয়—কৃ—ভয়ঙ্কৰ, শুভ—কৃ—শুভঙ্কৰ, ক্ষেম—কৃ—ক্ষেমঙ্কৰ। সাঃ নিঃ (ক) (ঙ) চোৱাঁ খট্‌ প্ৰত্যয়েৰে সিদ্ধ হোৱা পদৰ

স্ত্ৰীলিঙ্গত ঈ হয়। যেনে, ভয়ঙ্কৰী, শুভঙ্কৰী, ক্ষেমঙ্কৰী। [ ২১৬ ]

খি,খ্য।

কেৱল ভৃ আৰু মন ধাতুত।

 ৪৭। কৰ্ম্মবাচক পদ আগত থাকিলে, কৰ্ত্তৃবাচ্যত, ভৃ ধাতুত খি, আৰু মন ধাতুত খ্য প্ৰত্যয় হয়। খ্ ইৎ যায়, ই আৰু য থাকে। যেনে, উদৰ—ভূ– উদৰম্ভৰি, আত্মন্—ভৃ —আত্মম্ভৰি, কৃতাৰ্থ—মন—কৃতাৰ্থন্মন্য। সাঃ নিঃ (ক) (ঙ) চোৱাঁ।

ড।

 ৪৮। কৰ্ম্মবাচক বা আন কোনো পদ আগত থাকিলে, স্থা, দা, পা, জন আদি ধাতুত, কৰ্ত্তৃবাচ্যত ড প্ৰত্যয় হয়। ড্ ইৎ যায়, অ থাকে। যেনে, পাদ—পা—পদপ, জল–দা — জলদ, মধু—পা—মধুপ, মোক্ষ-দা—মোক্ষদা স্ত্ৰী, বৰ–দা -বৰদ৷ স্ত্ৰী, পঙ্ক—জন—পঙ্কজ, অনু—জন–অনুজ, গৃহ–স্থা —গৃহস্থ, বি—জ্ঞা—বিজ্ঞ, মধ্য—স্থা—মধ্যস্থ, ভুজ—গম— ভুজগ, ত্বৰা—গম—তুৰগ। সেই দৰে, দ্বিজ, সৰোজ বা সৰসিজ, শোকাপহ।
 তুৰগ, বিহগ, পতগ. ভুজগ—ড প্ৰত্যয়েৰে সিদ্ধ। তুৰঙ্গ তুৰঙ্গম, বিহঙ্গ বিহঙ্গম, পতঙ্গ পতঙ্গম, ভুজঙ্গ ভুজঙ্গম -খ প্ৰত্যয়েৰে সিদ্ধ।

টক্।

কেৱল হন্ আৰু চৰ ধাতুত।

 ৪৯৷ অধিকৰণ কাৰকৰ কোনো পদ আগত থাকিলে, [ ২১৭ ] কৰ্ত্তৃবাচ্যত চৰ্ ধাতুত টক প্ৰত্যয় হয়। ট্ ক্ ইৎ যায়, অ থাকে। যেনে, জলত চৰে, জল—চৰ্—জলচৰ। সেই দৰে, বনচৰ, সহচৰ, স্থলচৰ, নিশাচৰ, খেচৰ, ভূচৰ, উভচৰ।

 ৫০। টক্ প্ৰত্যয় হলে, হন্ ধাতুৰ ঠাইত ঘ্ন হয়। যেনে, শত্ৰুঘ্ন, কৃতঘ্ন, পাপঘ্ন, জ্বৰঘ্ন, গোঘ্ন, ত্ৰিদোষঘ্ন।

ক্বিপ্।

 ৫১। কৰ্ম্মবাচক পদ আগত থাকিলে, জি, বিদ্, ভুজ, নী আদি ধাতুত কৰ্ত্তৃবাচ্যত ক্বিপ্, প্ৰত্যয় হয়। তাৰ সকলো ইৎ যায়, একো নাথাকে। যেনে, বিজ্ঞান—বিদ্—বিজ্ঞানবিৎ, জ্যোতিঃ—বিদ্— জ্যোতিৰ্ব্বিৎ, ভূতত্ত—বিদ্—ভূতত্তবিৎ, ইন্দ্ৰ জি–ইন্দ্ৰজিৎ, শত্ৰু—জি—শত্ৰুজিৎ, ৰণ—জি—ৰণজিৎ, সৰ্ব্ব—ভুজ—সৰ্ববভুক, সেনা—নী—সেনানী।

 ৫২। উপমা দিলে, সংস্কৃত সৰ্ব্বনাম তদ্, যদ, এতদ্, ভবৎ, কিম্, ইদম্ আৰু সমান শব্দৰ পাচত থকা দৃশ্, ধাতুত কৰ্ম্মবাচ্যত ক্বিপ্ বা টক্ প্ৰত্যয় হয়। ইয়াতো ক্কিপ, গোটেই ইৎ যায়, টকৰ ট্‌ ক্ ইৎ যায়, অ থাকে। তদ্ আদিৰ দ্ লোপ হয় আৰু তাৰ আগৰ অ মৰি আ হয়, ইদমৰ ঠাইত ঈ আৰু কিমৰ ঠাইত কী হয়, ভবতৰ ঠাইত ভবা, আৰু সমানৰ ঠাইত স হয়। যেনে, তদ্‌—দৃশ,+ক্বিপ্‌=তাদৃক, তদ্— দৃশ+টক্=তাদৃশ। সেই দৰে, যাদৃক যাদৃশ, ঈদৃক ঈদৃশ,

কীদৃক কীদৃশ, ভবাদৃক ভবাদৃশ, সদৃদক সদৃশ। [ ২১৮ ]

ট।

 ৫৩। দিবা, নিশা, প্ৰভা, যশঃ আদি কৰ্ম্মবাচক পদ আগত থাকিলে, কৰ্ত্তৃ বাচ্যত কৃ ধাতুত ট প্ৰত্যয় হয়। ট্‌ ইৎ যায়, অ থাকে। যেনে, দিবাকৰ, নিশাকৰ, প্ৰভাকৰ, যশস্কৰ। সেইদৰে, ভাস্কৰ, হিতকৰ, আয়ুষ্কৰ, অগ্ৰসৰ, কিঙ্কৰ, ক্লেশকৰ, প্ৰীতিকৰ।

অচ্।

 ৫৪। কৰ্ম্মবাচক পদ আগত থাকিলে, কৃ, হৃ আদি ধাতুত কৰ্ত্তৃবাচ্যত অচ্ হয়। চ্ ইৎ যায়, অ থাকে। যেনে, ৰোগহৰ, শোকহৰ, দুঃখহৰ, ক্লেশহৰ। সেইদৰে, ভূধৰ, অৰ্থকৰ, সৰ্প।

ষণ।

 ৫৫।কৰ্ম্মবাচক পদ আগত থাকিলে, কৰ্তৃবাচ্যত ধাতুৰ পাচত ষণ প্ৰত্যয় হয়। ষ্‌ ণ্ ইৎ যায়, অ থাকে। যেনে, মালা—কৃ+ষণ = মালাকাৰ। সেইদৰে, শাস্ত্ৰকাৰ, কুম্ভকাৰ, গ্ৰন্থকাৰ, সূত্ৰধাৰ, টীকাকাৰ।

ক।

৫৬। প্ৰী, বুধ, ৰুহ্ আদি ধাতুত কৰ্ত্তবাচ্যত ক প্ৰত্যয় হয়। ক্ ইৎ যায়, অ থাকে। যেনে, প্ৰী+ক = প্ৰিয় (প্ৰীৰ ঈ মৰি ইয় হয় ) বুধ্+ক=বুধ, শিৰঃ+ৰুহ্ =শিৰোৰুহ,

মহী+ৰুহ্‌ = মহীৰুহ। [ ২১৯ ]

অন ( অনট্ )।

 ৫৭। নন্দি, ভীষি আদি নিজন্ত ধাতুত কৰ্ত্তৃ বাচ্যত অন ( অনট) প্ৰত্যয় হয়। যেনে, নন্দি—নন্দন, সাধি—সাধন, বৰ্দ্ধি—বৰ্দ্ধন, বমি—বমন, ভীষি— ভীষণ, নাশি—নাশন। এইবিলাক সংস্কৃতত ক্লীবলিঙ্গ।
 এই অন অৰ্থাৎ অনট্ সাধাৰণতঃ ভাববাচ্যত ধাতুত যোগ হয়, কেতিয়াবা কৰণ আৰু অধিকৰণ বাচ্যতো যোগ হয়।

 ৫৮। অন্য নিজন্ত ধাতুত ভাববাচ্যত জন প্ৰত্যয় হয়। যেনে, অৰ্চ্চি—অৰ্চ্চনা, গণি—গণনা, ধাৰি—ধাৰণা, কল্পি- কল্পনা,ঘটি—ঘটনা, যাতি—যাতনা। সেইদৰে, বাসনা, বেদনা। এইবিলাক সংস্কৃতত স্ত্ৰীলিঙ্গ।

অনট্।

 ৫৯।ভাববাচ্যত সাধাৰণতঃ ধাতুত অনট প্ৰত্যয় হয়। টু ইৎ যায়, অন থাকে। যেনে, গম্ + অনট্ = গমন, ভুজ+ অনট্ = ভোজন। সেইদৰে, শয়ন, চলন, পতন, ৰক্ষণ, ভক্ষণ, মনন, অধ্যয়ন, পান, দান, জ্ঞান, স্নান, শ্ৰৱণ, মৰণ, হৰণ, দৰ্শন, স্পৰ্শন, ৰোদন।

 ৬০। কৰণ আৰু অধিকৰণ বাচ্যতো ধাতুত অনট্ প্ৰত্যয় হয়। যেনে, (কৰণবাচ্যত) নয়ন, লোচন, চৰণ, ভূষণ; (অধিকৰণবাচ্যত) যান, বাহন, ভবন। এইবিলাক সংস্কৃতত

ক্লীবলিঙ্গ। [ ২২০ ]

ইষ্ণু।

 ৬১। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত সহ, বৰ্দ্ধ, চন্ আদি ধাতুৰ পাচত ইষ্ণু প্ৰত্যয় হয়। যেনে, সহ—সহিষ্ণু, বৰ্দ্ধ— বৰ্দ্ধিষ্ণু, চন্—চনিষ্ণু।

ৰ।

 ৬২। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত, নম্, হিন্ স্ আদি ধাতুৰ পাচত ৰ প্ৰত্যয় হয়। যেনে, নম—নম্ৰ, হিন্‌স্— হিংস্ৰ, অ—জস্—অজস্ৰ।

ক্ষ্বৰপ্, বৰচ্।

 ৬৩। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত, নশ্ আদি ধাতুত ক্ষ্বৰপ, আৰু ঈশ্ আদি ধাতুত বৰচ্, প্ৰত্যয় হয়। ক্ষ্, প্ চ, ইৎ যায়, দুয়োৰো বৰ থাকে। যেনে, নশ + ক্ষ্বৰপ =নশ্বৰ, ঈশ্ + বৰচ =ঈশ্বৰ, স্থা + বৰচ = স্থাবৰ।

ঞুক।

 ৬৪। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত, গম্, কম্ আদি ধাতুৰ পাচত ঞুক প্ৰত্যয় হয়। ঞ্ ইৎ যায়, উক থাকে যেনে, গম্—গামুক, কম্-কামুক, ভূ–ভাবুক, হন্—ঘাতুক। সাঃ নিঃ (ক) চোৱা।

আলু।

 ৬৫। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত দয় আদি ধাতুত আলু প্ৰত্যয় হয়। যেনে, দয়—দয়ালু, নি—দ্ৰা—নিদ্ৰালু, তন্‌—দ্ৰা—তন্দ্ৰালু। [ ২২১ ] তদ্ধিত প্ৰত্যয়ৰ ভিতৰত এটা আলু প্ৰত্যয় আছে। এই আলু ভিন। এই আলু ধাতুত যোগ হয়। তদ্ধিতৰ আলু শব্দত যোগ হয়। যেনে, (তদ্ধিত) দয়া+আলু=দয়ালু।

ঘুৰ।

 ৬৬। স্বভাৱ বুজাবলৈ কৰ্ত্তৃবাচ্যত ভাস্, ভন্‌জ্ আদি ধাতুত্ ঘুৰ প্ৰত্যয় হয়। ঘ ইৎ যায়, উৰ থাকে। যেনে, ভনজ—ভঙ্গুৰ, ভাস্—ভাসুৰ।

উ।

 ৬৭। ইষ্, ভিক্ষ্, আদি ধাতুৰ পাচত আৰু সনন্ত ধাতুৰ পাচত, কৰ্ত্তৃবাচ্যত উ প্ৰত্যয় হয়। প্ৰত্যয় হলে, ইষ্ ধাতুৰ ঠাইত ইচ্ছ হয়। যেনে, ইষ্—ইচ্ছু, ভিক্ষ্‌—ভিক্ষু। মনন্ত, পিপাস্—পিপাসু, জিজ্ঞাস্—জিজ্ঞাসু, মুমুৰ্ষ—মুমুৰ্ষু।

ঊক।

 ৬৮। স্বভাৱ বুজাবলৈ কৰ্তৃবাচ্যত জগৃ আদি ধাতুত ঊক প্ৰত্যয় হয়। যেনে, জাগৃ—জাগৰূক।

 ৬৯। ভী আৰু শৎ ধাতুত কৰ্ত্তৃবাচ্যত ক্ৰু প্ৰত্যয় হয়। ক্ ইৎ যায়, ৰু থাকে। যেনে, ভী—ভীৰু, শৎ—শত্ৰু।

ডু।

 ৭০। উপসৰ্গ বা কোনো পদ আগত থাকিলে, কৰ্ত্তৃবাচ্যত ভূ ধাতুত ডু প্ৰত্যয় হয়। ড ইৎ যায়, উ থাকে। [ ২২২ ] যেনে, প্ৰ—ভু—প্ৰভু। শম্–ভূ-শম্ভূ, বি—ভু—বিভু, স্বয়ম্—ভূ-সয়ম্ভূ।

ঘঞ্।

 ৭১। ভাববাচ্যত আৰু কৰ্ত্তৃবাচ্যৰ বাজে আন কাৰক বাচ্যত ধাতুৰ পাচত ঘঞ্ প্ৰত্যয় হয়। ঘ্, ঞ্ ইৎ যায়, অ থাকে। যেনে, পচ্—পাক, ত্যাজ্—ত্যাগ, নশ্—নাশ, শুচ—শোক, ভুজ্,—ভোগ, ৰুজ্ —ৰোগ, বস্—বাস, শপ্— শাপ, তপ্ —তাপ, লভ্—লাভ, পঠ্ —পাঠ, ৰণ্‌জ্–(ইয়াৰ ন লোপ হয়) ৰাগ। ইয়াত এটাইবিলাক ধাতুত আদিত আ-কাৰ হৈছে। সাঃ নিঃ (ক) (খ) চোৱাঁ।

অল।

 ৭২। ভাববাচ্য আৰু কৰ্ত্তৃবাচ্যৰ বাজে আন কাৰক বাচ্যত ধাতুত অল প্ৰত্যয় হয়। ল ইৎ যায়, তা থাকে। যেনে, জি—জয়, লী—লয়, দ্ৰু—দ্ৰব, ভূ—ভব, ভী—ভয়, ৰুষ্—ৰোষ, তুষ্ —তোষ, ভিদ্—ভেদ, হৃষ্—হৰ্ষ। সাঃ নিঃ (ক) চোৱাঁ।

খল, অন (অনট)।

 ৭৩। সু আৰু দুৰ্ শব্দৰ পাচত থকা দৃশ, শাস্, যুধ ধাতুত কৰ্ম্মবাচ্যত খল আৰু অন প্ৰত্যয় হয়। খলৰ খ্ , ল্ ইৎ যায়, অ থাকে। যেনে সু—শাস্+ খল = সুশাস, সু শাস্+অন = সুশাসন। সেই দৰে, দুঃশাস দুঃশাসন, দুৰ্য্যোধ দুৰ্যোধন, সুদৰ্শ সুদৰ্শন। [ ২২৩ ] আৰু যেনে, সু—কৃ +খল =সুকৰ, দুঃ—কৃ +খল = দুঙ্কৰ, দুঃ—গম্ +খল = দুৰ্গম, সু—গম্ +খল = সুগম, দুঃ— লভ+খল=দুৰ্লভ।

 ৭৪। নী, শস্,দন্‌শ্, আদি ধাতুত কৰণবাচ্যত এ প্ৰত্যয় হয়। যেনে (ইয়াৰে বস্তুবোৰে ভিতৰলৈ নিয়ে) নী—নেত্ৰ, (ইয়াৰে শাসন কৰে ) শস্—শস্ত্ৰ, (ইয়াৰে দংশন কৰে) দন্ স্—দংষ্ট্ৰা স্ত্ৰী।

ইএ।

 ৭৫। পূ, চৰ্ আদি ধাতুত কৰণবাচ্যত ইএ প্ৰত্যয় হয়। যেনে, পূ – পবিত্ৰ, চৰ—চৰিত্ৰ।

ন।

 ৭৬। যত্, যজ্‌ আদি ধাতুত ভাববাচ্যত ল প্ৰত্যয় হয়। যেনে, যত্—যত্ন, যজ—যজ্ঞ, ৰত—ৰত্ন, স্বপ্—স্বপ্ন, প্ৰচ্ছ্—প্ৰশ্ন (ইয়াৰ চ্ছ মৰি শ হয়)।

ঙ।

 ৭৭। সনন্ত, নিজন্ত, নাম ধাতু, আৰু শন্ স্ হিন্ স ধাতুৰ পাচত, ভাববাচ্যত ঙ প্ৰত্যয় হয়। ঙ্ ইৎ যায়, অ থাকে। যেনে,
 সনন্ত ধাতু—পিপাস্—পিপাস স্ত্ৰী পিপাসা, জিজ্ঞাস্— জিজ্ঞাস স্ত্ৰী জিজ্ঞাসা, মীমাংস্— মীমাংস স্ত্ৰী মীমাংসা। [ ২২৪ ]  নিজন্ত ধাতু—চিন্তি—স্ত্ৰী চিন্তা, পূজি---স্ত্ৰী পূজা। সেই দৰে, চৰ্চ্চি---চৰ্চ্চা, কথি---কথা।
 নাম ধাতু---তপস্---স্ত্ৰী তপস্য।
 প্ৰ---শন্‌স্‌+ ঙ = স্ত্ৰী প্ৰশংসা, হিন্ স্+ঙ =স্ত্ৰী হিংসা।
 আৰু যেনে, ক্ষম্---ক্ষমা, পৰ---ইক্ষ =পৰীক্ষা, ভিক্ষ্--- ভিক্ষা, আ---কাঙ্ক্ষ্ = আকাঙ্ক্ষা, দীক্ষ্---দীক্ষা, নিন্দ্---নিন্দা, ৰক্ষ্—ৰক্ষা, খেল্---খেলা, শঙ্ক্—শঙ্কা, মূৰ্চ্ছ—মূৰ্চ্ছা, লজ্জ্—লজ্জা ক্ৰীড়---ক্ৰীড়া, বাঞ্ছ্---বাঞ্ছা।

কি।

  ৭৮। উপসৰ্গ বা কৰ্ম্মবাচক কোনো শব্দ আগত থাকিলে, ভাববাচ্যত আৰু অধিকৰণবাচ্যত ধা ধাতুত কি প্ৰত্যয় হয়। ক্ ইৎ যায়, ই থাকে আৰু ধাতুৰ আ-কাৰ লোপ হয়। যেনে, ( ভাববাচ্য ) বি---ধা---বিধি, নি---ধা ---নিধি, সং---ধা---সন্ধি ( কৰ্ম্মবাচক পদ আগত ) বাৰি---ধা ---বাৰিধি, জল---ধা---জলধি।

অসমীয়া কৃৎ প্ৰত্যয়।

৭৯। ধাতুত কৃৎ প্ৰত্যয় যোগ দিবৰ সাধাৰণ নিয়ম।

 (ক)ব্যঞ্জনান্ত ধাতুত আদিত ব্যঞ্জন বৰ্ণ থকা প্ৰত্যয় যোগ হলে, ধাতু অ-কাৰান্ত হয়।
 (খ) ব্যঞ্জনান্ত ধাতুত আদিত স্বৰ বৰ্ণ থকা প্ৰত্যয়

যোগ হলে, সেই স্বৰবৰ্ণ ধাতুৰ শেষ ব্যঞ্জনত যোগ হয়।

[ ২২৫ ]  (গ) অ, আ, আৰু ও-কাৰান্ত ধাতুৰ পাচত প্ৰত্যয়ৰ আদিৰ অ আৰু আ মৰি ক্ৰমে ৱ আৰু ৱা হয়; ই বা ঈ-কাৰান্ত ধাতুৰ পাচত ক্ৰমে য় আৰু য়া হয় আৰু অ-কাৰান্ত ধাতু ও-কাৰান্ত হয়।

 (ঘ) অ, আ, ই, ঈ আৰু ও-কাৰান্ত ধাতুৰ পাচত প্ৰত্যয়ৰ আদিৰ ই, ঈ লোপ হয়, ও কাৰান্ত ধাতুৰ পাচত ওঁ প্ৰত্যয়ৰ ও লোপ হয়, কেৱল চন্দ্ৰবিন্দু ধাতুৰ শেষ বৰ্ণত যোগ হয়, কিন্তু ধাতুৰ শেষত ন, ম আদি অনুনাসিক বৰ্ণ থাকিলে, তাত চন্দ্ৰবিন্দুও যোগ নহয়।

 ইয়াত বাজে ধাতুত বা প্ৰত্যয়ত আন যি সালসলনি হয়, তাক উদাহৰণ বিলাকৰ পৰা বুজা যাব৷

ওঁতা, অঁতী।

 ৮০৷ সকলো ধাতুত কৰ্ত্তৃবাচ্যত, পুংলিঙ্গত ওঁতা আৰু স্ত্ৰীলিঙ্গত অঁতী প্ৰত্যয় হয়। যেনে,—

ধাতু
কৰ

খা
দি
ধো

 

পুংৰূপ
কৰোঁতা
লওঁতা
খাওঁতা
দিওঁতা
ধোঁতা

 

স্ত্ৰীৰূপ
কৰঁতী
লৱঁতী বা লঁতী
খাঁতী
দিয়ঁতী
ধোৱঁতী

আ।

 ৮১। ভাববাচ্যত ধাতুৰ পাচত আ প্ৰত্যয় হয়। [ ২২৬ ] উৎপন্ন পদ বিশেষণ হয়। যেনে,—কৰ্-কৰা, ল-লোৱা, খা—খোৱা, দি—দিয়া, ধো—ধোৱা, মৰ্—মৰা, জী—জীয়া।

ই।

 ৮২। কোনো কোনে৷ ধাতুৰ কৰ্তৃবাচ্যত ই প্ৰত্যয় হয়। উৎপন্ন পদ বিশেষণ হয়। যেনে, মৰ্ + ই= মৰি, মৰিকলং, মৰিদিখৌ, মৰিশালি, মৰিলুইত। উঠ+ই=উঠি, উঠিৰজা। সেই দৰে, বহিৰজা, বহিফুকন। বাঢ়্-বাঢ়ি।

 ৮৩। পাৰ্ ধাতুত ভাববাচ্যত ই প্ৰত্যয় হয়। যেনে, পাৰ—পাৰি (নৈত পাৰি দিয়া)।

অন।

 ৮৪। ভাববাচ্যত সকলে৷ ধাতুত অন প্ৰত্যয় হয়। উৎপন্ন পদ বিশেষ্য হয়। যেনে, খা-খাৱন, শো-শোৱন, ফুৰ —ফুৰণ, চল্‌—চলন, ধৰ্ – ধৰণ, পিন্ধ — পিন্ধন, জীৱ— জীৱন, মৰ্ —মৰণ, পি—পিয়ন, ৰান্ধ—ৰান্ধন, বাঢ়্—বাঢ়ন, ভৰ্ —ভৰণ, ভাগ —ভগন।

 ৮৫। কোনো কোনো ধাতুত কৰ্তৃবাচ্যত অন প্ৰত্যয় হয়। যেনে, গজ—গজন = গজন জীৱ, উদ্ভিদ্, উৰ—উৰণ = উৰণ জীৱ, পক্ষী, বুৰ্—বুৰণ = বুৰণ জীৱ, মাছ আদি। সেইদৰে, বা—বায়ন ( অনিয়মিত ৰূপে নিপাতনত সিদ্ধ। )। লাগ্—লাগন।
 কাট্ আদি ধাতুত কৰ্ম্মবাচ্যত অন প্ৰত্যয় হয়। যেনে,

কাট্‌—কাটন। [ ২২৭ ]

অনা।

 ৮৬। বাজ্‌ আদি ধাতুত কৰ্ত্তৃবাচ্যত অনা প্ৰত্যয় হয়। যেনে, বাজ–বাজনা।
 বিন্ধ, আদি ধাতুত কৰণবাচ্যত অনা প্ৰত্যয় হয়। যেনে, বিন্ধ–বিন্ধনা।
 খুন্দ আদি ধাতুত অধিকৰণবাচ্যত অনা প্ৰত্যয় হয়। যেনে, খুন্দ—খুন্দনা, জী— জীয়না।

অনি।

 ৮৭। ভাববাচ্যত ধাতুত অনি প্ৰত্যয় হয়। উৎপন্ন পদ বিশেষ্য। যেনে, জিৰা—জিৰণি, পাত্—পাতনি, ধুপাল্— ধুপালনি, খচক্—খচকনি, গচক্—গচকনি, চৰ্—চৰণি ( চৰণীয়৷ ), নাট্—নাটনি, তৰ্—তৰণি। সেইদৰে, শোৱনি, ৰান্ধনি, নোৱনি, শপনি, ফুৰণি, বুজনি, উমনি, উজনি, নামনি, বাচনি, সিয়নি শুকনি, টপ্‌টপনি।

 ৮৮। কেতিয়াবা কৰ্ত্তৃ আৰু কৰ্ম্মবাচ্যত ধাতুত অনি প্ৰত্যয় হয়। যেনে, (কৰ্ত্তৃবাচ্যত) ৰান্ধ —ৰান্ধনি স্ত্ৰী ৰান্ধনী, ৰো—স্ত্ৰী ৰোৱনী, দা— দাৱনি বা দাউনি স্ত্ৰী দাৱনী বা দাউনী (ৱৰ পৰা অ ওলাই গলে সি উ উচ্চাৰিত হয়, উচ্চাৰণ প্ৰকৰণ চোৱাঁ), জুৰা—জুৰণি, নাট—নাটনি ( যিখিনি নটা হৈছে ), বাঢ়—বাঢ়নি স্ত্ৰী বাঢ়নী, শুৱা—শুৱনি স্ত্ৰী শুৱনী, শুটা—শুটনি, টুট্—টুটনি (কৰ্ম্মবাচ্যত) গঢ়—গঢ়নি ( বানচ ), ভব্—ভৰণি, পা—পাৱনি বা পাউনি, খা—খাৱনি [ ২২৮ ] বা খাউনি, ছা-ছাৱনি বা ছাউনি। সেই দৰে, পাচনি, শিকনি।

অনী।

 ৮৯। কোনো কোনো ধাতুত কৰ্ত্তৃবাচ্যত অনী প্ৰত্যয় হয়। যেনে, বাঢ়্—বাঢ়নী, ধৰ্—ধৰণী, পিয়া—পিয়নী, নাচ্—নাচনী ( তাঁতৰ সজুলি), শুকা—শুকনী, পকনী, সাঁচনী স্ত্ৰী।

 ৯০। কোনো কোনো ধাতুত কৰণবাচ্যত অনী প্ৰত্যয় হয়। যেনে, জনা—জাননী, বিচ্—বিচনী, চাল–চালনী, ঢাক্‌—ঢাকনী, মথ্—মথনী, থোট—খোটনী, বঢ়া—বঢ়নী। সেই দৰে, সোৱৰণী, কাঢ়নী, লৰণী, লিখনী, খোঁচনী (চিতাৰ জুই খোঁচা মাৰি), ছেকনী, শিচনী (লাহনী)।
 কোনো কোনো ধাতুত ভাববাচ্যত অনী প্ৰত্যয় হয়। যেনে, গোঁঠ—গোঁঠনী, ছাট্—ছাটনী, বুল্—বুলনী।
 কোনো কোনো ধাতুত কৰ্ম্মবাচ্যত অনী প্ৰত্যয় হয়। যেনে, তিয়া—তিয়নী।

অতি৷

 ৯১। খজুৱা আদি ধাতুত ভাববাচ্যত অতি প্ৰত্যয় হয়। যেনে, খজুৱা—খজুৱতি।

অতী।

 ৯২। কোনো কোনো ধাতুত কৰ্ম্মবাচ্যত অতী প্ৰত্যয় হয়। যেনে, ক্ষীৰা—ক্ষীৰতী। [ ২২৯ ]  ৯৩। ৰো ধাতুৰ পাচত অধিকৰণবাচ্যত অতী প্ৰত্যয় হয়। যেনে, ৰো—ৰোৱতী (মাটি)।

তাৰী।

 ৯৪। দি ধাতুত নিয়োজন অৰ্থত, কৰ্তৃবাচ্যত অৰি প্ৰত্যয় হয়। অৰি প্ৰত্যয় হলে, দি দে হয়। যেনে, দি + অৰী = দেৱৰী বা দেউৰী।

অৰীয়া, ঐয়া, ঐচ।

 ৯৫। খা ধাতুত অতিশয় অৰ্থত কৰ্ত্তৃবাচ্যত অৰীয়া, ঐয়া বা ঐচ প্ৰত্যয় হয়। যেনে, খা — খাৱৰীয়া বা খাউৰীয়া, খাৱৈয়া বা খাৱৈচ।

আৰু।

 ৯৬। কোনো কোনো ধাতুত, পাৰ্গত অৰ্থত কৰ্ত্তৃবাচ্যত আৰু প্ৰত্যয় হয়। যেনে, লিখ—লিখাৰু, শিক্‌—শিকাৰু, যুজ্‌—যুজাৰু।

উৰা।

 ৯৭। কান্দ, কাহ আদি ধাতুত অতিশয় অৰ্থত কৰ্ত্তৃবাচ্যত উৰা প্ৰত্যয় হয়। যেনে, কান্দ—কান্দুৰা স্ত্ৰী কান্দুৰী, কাহ্‌—কাহুৰা স্ত্ৰী কাহুৰী, হাগ—হাগুৰা স্ত্ৰী হাগুৰী, মুত্—মুতুৰা স্ত্ৰী মুতুৰী।

অল।

 ৯৮। ডাক্ ধাতুত কৰ্ত্তৃবাচ্যত অল প্ৰত্যয় হয়। [ ২৩০ ] যেনে, ডাক্—ডাকল, কেতিয়াবা ডাকাল (যেনে ডাকল কেঁচা, যি ডাকে)।

আল।

 ৯৯। সৰ্ ধাতুত ভাববাচ্যত আল প্ৰত্যয় হয়। যেনে, সৰ্—সৰাল (হাঁহিনী জনীয়ে পাখি সৰাল দিছে, অৰ্থাৎ তাইৰ পাখি সৰিবলৈ ধৰিছে।)

উকা।

 ১০০। বহ্ ধাতুত কৰ্ত্তৃবাচ্যত উকা প্ৰত্যয় হয়। যেনে, বহ্-বহুকা, বহুকা লৰা, বহুকা বন।

অতীয়া।

 ১০১। সাঁচ্ ধাতুত কৰ্ম্মবাচ্যত অতীয়া প্ৰত্যয় হয়। যেনে, সাঁচতীয়া কৰ্ত্তৃবাচ্যত অতিয়াৰ প্ৰত্যয় হয়। যেনে, সাঁচতিয়াৰ।

অনীয়া।

 ১০২। সাঁচ্ আৰু জীয়া ধাতুত কৰ্ম্মবাচ্যত অনীয়া প্ৰত্যয় হয়। যেনে, সাঁচ—সাঁচনীয়া, জীয়া—জীয়নীয়া।

ওঁতে।

 ১০৩। ক্ৰিয়া কৰি থকা সময়ত, এই ভাব বুজাবলৈ সকলো ধাতুত সকলো কালত ওঁতে প্ৰত্যয় হয়। যেনে, সি পুথি পঢ়ি থাকোঁতে মই পাইছিলোঁগৈ, সি পুথি পঢ়ি থাকোঁতে মই পাম গৈ।

 ওঁতে প্ৰত্যয়ৰ যোগত ধাতুৰ সিদ্ধা ৰূপ হয়। [ ২৩১ ]

ইলে।

 ১০৪। এটা ক্ৰিয়া ঘটিলে আন এটা ক্ৰিয়া হব, এই ভাব বুজাবলৈ ভবিষ্যৎ কালত আগৰ ক্ৰিয়াৰ ধাতুত ইলে প্ৰত্যয় হয়। যেনে, মই শুলে তই যাবি, সি আহিলে মই তাক কথাটো কম।

 ইলে প্ৰত্যয়ৰ যোগত ধাতুৰ সিদ্ধা ৰূপ হয়।

ইলত।

 ১০৫। এটা ক্ৰিয়াৰ শেষত আন এট। ক্ৰিয়া হৈছিল, এই অৰ্থ বুজাবলৈ, ভূত কালত, আগৰ ক্ৰিয়াৰ ধাতুত ইলত প্ৰত্যয় হয়। যেনে, সভা ভাগি গলত সি আহি পালে, তেওঁ ঢুকালতহে নাম ফুটি ওলাল।

 ইলত প্ৰত্যয়ৰ যোগত ধাতুৰ সিদ্ধা ৰূপ হয়।

অ।

 ১০৬। কোনো কোনো ধাতুত ভাববাচ্যত অ প্ৰত্যয় হয়। অ ইৎ যায়, একো নাথাকে, কেৱল ধাতু, ধাতু গুচি পদ হয়। সিদ্ধ পদ বিশেষ্য বা বিশেষণ হয়। যেনে,

ধাতু প্ৰত্যয় সিদ্ধ পদ
মৰ, মৰ (বিশেষণ) যেনে, মৰশ্ৰী, মৰশহ, মৰখঁক, মৰনৈ।
মাৰ্ মাৰ (বিশেষ্য) যেনে, মাৰ খালে, মাৰ মাৰিলে।
ডঁৰ্ ডঁৰ (বিশেষ্য) যেনে, সি গুৰু ঘৰত ১০ টকা ভঁৰ ভৰিলে।
পক্ পক (বিশেষ্য) যেনে, এই কালত আমে পক ধৰে।
[ ২৩২ ]
ধাতু প্ৰত্যয় সিদ্ধ পদ
চাৰ্ চাৰ (বিশেষ্য) যেনে, গাইজনীয়ে আজি চাৰ পোৱা নাই।
বোল্ বোল (বিশেষ্য) যেনে, মাত বোল নাই, বোল বচন নুশুনে।

ইব।

 ১০৭। সকলো ধাতুত ভাববাচ্যত ইব প্ৰত্যয় হয়। সিদ্ধ পদ সংজ্ঞা শব্দৰ নিচিনা হয়, আৰু তাত চতুৰ্থী, পঞ্চমী আৰু ষষ্ঠীৰ এক বচনৰ বিভক্তি যোগ হব পাৰে। যেনে, কৰ্+ইব=কৰিব। চতুৰ্থীৰ ১ ব কৰিবলৈ, পঞ্চমীৰ ১ ব কৰিবৰপৰা, ষষ্ঠীৰ ১ ব কৰিবৰ। সেইদৰে, যা+ইব=যাব। চতুৰ্থীত যাবলৈ, পঞ্চমীত যাবৰপৰা, ষষ্ঠীত যাবৰ।

অন্ত, অন্তা।

 ১০৮। জী, জ্বল্, চল্ আদি ধাতুত, বৰ্ত্তমান কালত, কৰ্ত্তৃবাচ্যত, অন্ত প্ৰত্যয় হয়। যেনে, জী—জীৱন্ত, জ্বল্—জ্বলন্ত, চল্‌—চলন্ত স্ত্ৰী চলন্তা।

 ১০৯। মৰ্ আৰু নি আদি ধাতুত অন্তা প্ৰত্যয় হয়। যেনে, মৰ্—মৰন্তা, নি—নিয়ন্তা।

সিদ্ধা ক্ৰিয়া।

 ১১০। ভাববাচ্যত ধাতুত ই প্ৰত্যয় যোগ কৰিলে যি ৰূপ হয়, তাক ধাতুৰ সিদ্ধা ৰূপ বোলে। সিদ্ধা ক্ৰিয়াৰ কাল পুৰুষ বা বচন নাই।

 ১১১। যা ধাতুত ই প্ৰত্যয় কৰিলে, সি গ্ হয়, আৰু [ ২৩৩ ] প্ৰত্যয়ৰ ই বৃদ্ধি হয়। যেনে, যা+ই=গৈ। অ-কাৰান্ত ধাতুৰ অ লোপ হয় আৰু প্ৰত্যয়ৰ ই বৃদ্ধি হয়। যেনে, হ+ই = হৈ। তলত সকলো প্ৰকাৰ ধাতুৰ সিদ্ধা ৰূপ দিয়া হল। যেনে,

‌‌‌‌‌
ব্যঞ্জনান্ত
অ-কাৰান্ত
আ-কাৰান্ত

ই-কাৰান্ত
ও-কাৰান্ত

ধাতু
কৰ্

খা
যা
দি
শো
ওলা
সোমা

প্ৰত্যয়







সিদ্ধ পদ
কৰি
লৈ
খাই
গৈ
দি
শুই
ওলাই
সোমাই

এই।

 ১১২। নিশ্চয় অৰ্থত ক্ৰিয়াৰ সিদ্ধা সাধ্যা দুয়ো ৰূপত, সকলো কালত এই প্ৰত্যয় হয়। যেনে, কৰিয়েই, খায়েই, দিছিলোঁয়েই, যামেই ইত্যাদি।

ঈয়া।

 ১১৩। কৰ্ম্ম পদ বা কোনো ইব প্ৰত্যয়ান্ত পদ আগত থাকিলে কৰ্ত্তৃ আৰু কৰ্ম্মবাচ্যত ধাতুত ঈয়া প্ৰত্যয় হয়। যেনে, (কৰ্ত্তৃবাচ্যত) পহু—মাৰ্ +ঈয়া=পহুমৰীয়া, গ (গো) —ৰখ + ঈয়া= গৰখীয়া, খৰি—কাট্‌ + ঈয়া = খৰিকাটীয়া। [ ২৩৪ ] (কৰ্ম্মবাচ্যত) দিব (ইব প্ৰত্যয়ান্ত পদ)—লাগ+ঈয়া=দিবলগীয়া। সেইদৰে, কৰিবলগীয়া, যাবলগীয়া, ইত্যাদি।

পাঁচনি ধাতুত কৃৎ প্ৰত্যয়।

 ১১৪। পাঁচনি ধাতুত সম্ভব মতে, কৰ্ত্তৃ আৰু ভাববাচ্যত কেতবিলাক কৃৎ প্ৰত্যয় যোগ হয়, এটাইবিলাক নহয়।

 পাঁচনি এটাইবিলাক ধাতু আ-কাৰান্ত। এতেকে আনবিলাক আ-কাৰান্ত ধাতুত কৃৎ প্ৰত্যয় যোগ হলে, ধাতুৰ যেনে ৰূপ হয়, পাঁচনি ধাতুবিলাকৰো প্ৰায় তেনে ৰূপ হয়।

 উৱা আৰু ওৱা প্ৰত্যয়ান্ত পাঁচনি ধাতুত কৃৎ প্ৰত্যয় যোগ হোৱাৰ উদাহৰণ অতি বিৰল। কেৱল ভাববাচ্যৰ প্ৰত্যয় আ মাথোন যোগ হোৱা দেখা যায়। ধাতুত আ প্ৰত্যয় কৰিলে যি পদ পোৱা যায়, সি প্ৰায় বিশেষ্যৰ নিচিনা। ক্ৰিয়াক বিশেষ্য ৰূপে ব্যৱহাৰ কৰিবলৈ অনেক ধাতুত আ প্ৰত্যয় কৰা হয়। পাঁচনি ধাতুতো এই উদ্দেশ্য সিদ্ধিৰ নিমিত্তেই মাজে সময়ে আ প্ৰত্যয় কৰে। কিন্তু আ প্ৰত্যয়ান্ত পাঁচনি ধাতুত কৃতৰ আ প্ৰত্যয় কৰিলেই সেই উদ্দেশ্য সিদ্ধ হয়। সচৰাচৰ মানুহে উৱা বা ওৱা প্ৰত্যয়ান্ত পাঁচনি ধাতুত কৃতৰ কোনো প্ৰত্যয়কে যোগ নিদিয়ে। আ প্ৰত্যয়ান্ত পাঁচনি ধাতুৰ দ্বাৰায় মানুহৰ ভাব সুন্দৰৰূপে প্ৰকাশ কৰা যায়। উৱা ও ওৱা প্ৰত্যয়ান্ত পাঁচনি ক্ৰিয়াৰ বিশেষ প্ৰয়োজন নহয়।

 ১১৫। কৃৎ প্ৰত্যয় যোগ দিলে, পাঁচনী ক্ৰিয়াৰ কেনে ৰূপ হয়, তাৰ আৰ্হি তলত দিয়া হল। যেনে,— [ ২৩৫ ]

পাঁচনি ধাতু কৰা আৰু কৰোৱা।

ধাতু
কৰা
কৰোৱা
কৰা
কৰোৱা

প্ৰত্যয়
ওঁতা

ইলে

সিদ্ধ পদ
কৰাওঁতা
কৰোৱাওঁতা
কৰালে
কৰোৱালে

প্ৰত্যয়
ওঁতে

ইলত

সিদ্ধ পদ
কৰাওঁতে
কৰোৱাওঁতে
কৰালত
কৰোৱালত

প্ৰত্যয়
অন


সিদ্ধ পদ
কৰাৱন
কৰোৱাৱন
কৰাৱা
কৰোৱাৱা

পাঁচনি ধাতু শুৱা আৰু শুউৱা।

শুৱা
শুউৱা
শুৱা
শুউৱা

ওঁতা

ইলে

শুৱাওঁতা
শুউৱাওঁতা
শুৱালে
শুউৱালে

ওঁতে

ইলত

শুৱাওঁতে
শুউৱাওঁতে
শুৱালত
শুউৱালত



অন

শুৱাৱা
শুউৱাৱা
শুৱাৱন
শুউৱাৱন

 ইয়াত আ আৰু অন প্ৰত্যয় কৰি যি কেইটা পদ সিদ্ধ হৈছে, সিহঁত অনুচ্চাৰণীয় ৰূপ। সেই দেখি পাঁচনি কোনো ধাতুতে কৃতৰ অন প্ৰত্যয় নহয়। আ প্ৰত্যয় কৰি যিবিলাক সিদ্ধ হৈছে, সিহঁত যে শুনিবলৈ বৰ মধুৰ, এনেও নহয়। সিহঁতক উচ্চাৰণ কৰাও উজু নহয়, জিভাই দোৰোল নাখায়। সেই দেখি মানুহে শ্ৰুতিমধুৰ কৰিবলৈ কৰাৱা কৰোৱাৱা, এই দুয়ো ৰূপৰ সলনি অনিয়মিতৰূপে কৰোৱা ব্যৱহাৰ কৰে আৰু শুৱাৱা শুউৱাৱা ৰূপৰ সলনি শুউৱা ব্যৱহাৰ কৰে।

⸻⸺