পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
বহল ব্যাকৰণ।

ট।

 ৫৩। দিবা, নিশা, প্ৰভা, যশঃ আদি কৰ্ম্মবাচক পদ আগত থাকিলে, কৰ্ত্তৃ বাচ্যত কৃ ধাতুত ট প্ৰত্যয় হয়। ট্‌ ইৎ যায়, অ থাকে। যেনে, দিবাকৰ, নিশাকৰ, প্ৰভাকৰ, যশস্কৰ। সেইদৰে, ভাস্কৰ, হিতকৰ, আয়ুষ্কৰ, অগ্ৰসৰ, কিঙ্কৰ, ক্লেশকৰ, প্ৰীতিকৰ।

অচ্।

 ৫৪। কৰ্ম্মবাচক পদ আগত থাকিলে, কৃ, হৃ আদি ধাতুত কৰ্ত্তৃবাচ্যত অচ্ হয়। চ্ ইৎ যায়, অ থাকে। যেনে, ৰোগহৰ, শোকহৰ, দুঃখহৰ, ক্লেশহৰ। সেইদৰে, ভূধৰ, অৰ্থকৰ, সৰ্প।

ষণ।

 ৫৫।কৰ্ম্মবাচক পদ আগত থাকিলে, কৰ্তৃবাচ্যত ধাতুৰ পাচত ষণ প্ৰত্যয় হয়। ষ্‌ ণ্ ইৎ যায়, অ থাকে। যেনে, মালা—কৃ+ষণ = মালাকাৰ। সেইদৰে, শাস্ত্ৰকাৰ, কুম্ভকাৰ, গ্ৰন্থকাৰ, সূত্ৰধাৰ, টীকাকাৰ।

ক।

৫৬। প্ৰী, বুধ, ৰুহ্ আদি ধাতুত কৰ্ত্তবাচ্যত ক প্ৰত্যয় হয়। ক্ ইৎ যায়, অ থাকে। যেনে, প্ৰী+ক = প্ৰিয় (প্ৰীৰ ঈ মৰি ইয় হয় ) বুধ্+ক=বুধ, শিৰঃ+ৰুহ্ =শিৰোৰুহ, মহী+ৰুহ্‌ = মহীৰুহ।