পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৪০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৯
বহল ব্যাকৰণ।

অন ( অনট্ )।

 ৫৭। নন্দি, ভীষি আদি নিজন্ত ধাতুত কৰ্ত্তৃ বাচ্যত অন ( অনট) প্ৰত্যয় হয়। যেনে, নন্দি—নন্দন, সাধি—সাধন, বৰ্দ্ধি—বৰ্দ্ধন, বমি—বমন, ভীষি— ভীষণ, নাশি—নাশন। এইবিলাক সংস্কৃতত ক্লীবলিঙ্গ।
 এই অন অৰ্থাৎ অনট্ সাধাৰণতঃ ভাববাচ্যত ধাতুত যোগ হয়, কেতিয়াবা কৰণ আৰু অধিকৰণ বাচ্যতো যোগ হয়।

 ৫৮। অন্য নিজন্ত ধাতুত ভাববাচ্যত জন প্ৰত্যয় হয়। যেনে, অৰ্চ্চি—অৰ্চ্চনা, গণি—গণনা, ধাৰি—ধাৰণা, কল্পি- কল্পনা,ঘটি—ঘটনা, যাতি—যাতনা। সেইদৰে, বাসনা, বেদনা। এইবিলাক সংস্কৃতত স্ত্ৰীলিঙ্গ।

অনট্।

 ৫৯।ভাববাচ্যত সাধাৰণতঃ ধাতুত অনট প্ৰত্যয় হয়। টু ইৎ যায়, অন থাকে। যেনে, গম্ + অনট্ = গমন, ভুজ+ অনট্ = ভোজন। সেইদৰে, শয়ন, চলন, পতন, ৰক্ষণ, ভক্ষণ, মনন, অধ্যয়ন, পান, দান, জ্ঞান, স্নান, শ্ৰৱণ, মৰণ, হৰণ, দৰ্শন, স্পৰ্শন, ৰোদন।

 ৬০। কৰণ আৰু অধিকৰণ বাচ্যতো ধাতুত অনট্ প্ৰত্যয় হয়। যেনে, (কৰণবাচ্যত) নয়ন, লোচন, চৰণ, ভূষণ; (অধিকৰণবাচ্যত) যান, বাহন, ভবন। এইবিলাক সংস্কৃতত ক্লীবলিঙ্গ।