পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৪
বহুল ব্যাকৰণ।

ঘাতী। সেই দৰে, আত্মঘাতী, ফলাহাৰী, স্তন্যপায়ী, সত্যবাদী, শয্যাশায়ী।
 ৪। ভবিষাৎ কালত ভূ, স্থা, গম্ আদি ধাতুত নিন্ প্ৰত্যয় হয়। যেনে, ভূ—ভাবী, চিৰ—স্থা—চিৰস্থায়ী। সেই দৰে, আগামী। সাঃ নিঃ (ক) চোৱাঁ।

 বিশেষ কাৰণত বিশেষ বিশেষ ধাতুত যোগ হোৱা প্ৰত্যয়।

ঘিণুন্ (ঘ্নিন্)।

 ৪১। যুজ্, ত্যজ্, ভুজ্, ৰন্‌ঞ্জ্‌, সৃজ্ আদি ধাতুত স্বভাব বা নিয়ম বুজাবলৈ কৰ্ত্তৃবাচ্যত ঘিণুন্ প্ৰত্যয় হয়। ঘ, উ, ণ ইৎ যায়, ইন থাকে। যেনে, যুজ—যোগী, ত্যজ—ত্যাগী, ভুজ—ভোগী, ৰন্‌জ্‌, (ইয়াৰ ন্ লোপ হয়)—বাগী অনুৰাগী। সাঃ নিঃ (ক) (ঘ) চোৱাঁ।
 ৪২। কৰ্ম্মবাচক পদ আগত থাকিলে, নিন্দাৰ্থত ক্ৰী ধাতুতো কৰ্ত্তৃবাচ্যত ঘিণুন্ প্ৰত্যয় হয়। যেনে, মাংস—ক্ৰী —মাংস বিক্ৰয়ী, কন্যা—ক্ৰী— কন্যা বিক্ৰয়ী।

ষক।

 এই প্ৰত্যয়টেো বিশেষ ধাতুত আৰু বিশেষ কাৰণত ণকৰ সলনি ব্যৱহাৰ হয়। ণক সাধাৰণ প্ৰত্যয়।
 ৪৩। ব্যৱসায় বা পাৰ্গতালি বুজাবলৈ কৰ্তৃবাচ্যত নৃৎ, খন্ আৰু ৰন্‌জ্ ধাতুত ষক প্ৰত্যয় হয়। ষ্‌ ইৎ যায় অক