পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৭
বহল ব্যাকৰণ।

অনা।

 ৮৬। বাজ্‌ আদি ধাতুত কৰ্ত্তৃবাচ্যত অনা প্ৰত্যয় হয়। যেনে, বাজ–বাজনা।
 বিন্ধ, আদি ধাতুত কৰণবাচ্যত অনা প্ৰত্যয় হয়। যেনে, বিন্ধ–বিন্ধনা।
 খুন্দ আদি ধাতুত অধিকৰণবাচ্যত অনা প্ৰত্যয় হয়। যেনে, খুন্দ—খুন্দনা, জী— জীয়না।

অনি।

 ৮৭। ভাববাচ্যত ধাতুত অনি প্ৰত্যয় হয়। উৎপন্ন পদ বিশেষ্য। যেনে, জিৰা—জিৰণি, পাত্—পাতনি, ধুপাল্— ধুপালনি, খচক্—খচকনি, গচক্—গচকনি, চৰ্—চৰণি ( চৰণীয়৷ ), নাট্—নাটনি, তৰ্—তৰণি। সেইদৰে, শোৱনি, ৰান্ধনি, নোৱনি, শপনি, ফুৰণি, বুজনি, উমনি, উজনি, নামনি, বাচনি, সিয়নি শুকনি, টপ্‌টপনি।

 ৮৮। কেতিয়াবা কৰ্ত্তৃ আৰু কৰ্ম্মবাচ্যত ধাতুত অনি প্ৰত্যয় হয়। যেনে, (কৰ্ত্তৃবাচ্যত) ৰান্ধ —ৰান্ধনি স্ত্ৰী ৰান্ধনী, ৰো—স্ত্ৰী ৰোৱনী, দা— দাৱনি বা দাউনি স্ত্ৰী দাৱনী বা দাউনী (ৱৰ পৰা অ ওলাই গলে সি উ উচ্চাৰিত হয়, উচ্চাৰণ প্ৰকৰণ চোৱাঁ), জুৰা—জুৰণি, নাট—নাটনি ( যিখিনি নটা হৈছে ), বাঢ়—বাঢ়নি স্ত্ৰী বাঢ়নী, শুৱা—শুৱনি স্ত্ৰী শুৱনী, শুটা—শুটনি, টুট্—টুটনি (কৰ্ম্মবাচ্যত) গঢ়—গঢ়নি ( বানচ ), ভব্—ভৰণি, পা—পাৱনি বা পাউনি, খা—খাৱনি