পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৪৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৫
বহল ব্যাকৰণ।

 (গ) অ, আ, আৰু ও-কাৰান্ত ধাতুৰ পাচত প্ৰত্যয়ৰ আদিৰ অ আৰু আ মৰি ক্ৰমে ৱ আৰু ৱা হয়; ই বা ঈ-কাৰান্ত ধাতুৰ পাচত ক্ৰমে য় আৰু য়া হয় আৰু অ-কাৰান্ত ধাতু ও-কাৰান্ত হয়।

 (ঘ) অ, আ, ই, ঈ আৰু ও-কাৰান্ত ধাতুৰ পাচত প্ৰত্যয়ৰ আদিৰ ই, ঈ লোপ হয়, ও কাৰান্ত ধাতুৰ পাচত ওঁ প্ৰত্যয়ৰ ও লোপ হয়, কেৱল চন্দ্ৰবিন্দু ধাতুৰ শেষ বৰ্ণত যোগ হয়, কিন্তু ধাতুৰ শেষত ন, ম আদি অনুনাসিক বৰ্ণ থাকিলে, তাত চন্দ্ৰবিন্দুও যোগ নহয়।

 ইয়াত বাজে ধাতুত বা প্ৰত্যয়ত আন যি সালসলনি হয়, তাক উদাহৰণ বিলাকৰ পৰা বুজা যাব৷

ওঁতা, অঁতী।

 ৮০৷ সকলো ধাতুত কৰ্ত্তৃবাচ্যত, পুংলিঙ্গত ওঁতা আৰু স্ত্ৰীলিঙ্গত অঁতী প্ৰত্যয় হয়। যেনে,—

ধাতু
কৰ

খা
দি
ধো

 

পুংৰূপ
কৰোঁতা
লওঁতা
খাওঁতা
দিওঁতা
ধোঁতা

 

স্ত্ৰীৰূপ
কৰঁতী
লৱঁতী বা লঁতী
খাঁতী
দিয়ঁতী
ধোৱঁতী

আ।

 ৮১। ভাববাচ্যত ধাতুৰ পাচত আ প্ৰত্যয় হয়।

১৫