পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৪৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
বহল ব্যাকৰণ।

বা খাউনি, ছা-ছাৱনি বা ছাউনি। সেই দৰে, পাচনি, শিকনি।

অনী।

 ৮৯। কোনো কোনো ধাতুত কৰ্ত্তৃবাচ্যত অনী প্ৰত্যয় হয়। যেনে, বাঢ়্—বাঢ়নী, ধৰ্—ধৰণী, পিয়া—পিয়নী, নাচ্—নাচনী ( তাঁতৰ সজুলি), শুকা—শুকনী, পকনী, সাঁচনী স্ত্ৰী।

 ৯০। কোনো কোনো ধাতুত কৰণবাচ্যত অনী প্ৰত্যয় হয়। যেনে, জনা—জাননী, বিচ্—বিচনী, চাল–চালনী, ঢাক্‌—ঢাকনী, মথ্—মথনী, থোট—খোটনী, বঢ়া—বঢ়নী। সেই দৰে, সোৱৰণী, কাঢ়নী, লৰণী, লিখনী, খোঁচনী (চিতাৰ জুই খোঁচা মাৰি), ছেকনী, শিচনী (লাহনী)।
 কোনো কোনো ধাতুত ভাববাচ্যত অনী প্ৰত্যয় হয়। যেনে, গোঁঠ—গোঁঠনী, ছাট্—ছাটনী, বুল্—বুলনী।
 কোনো কোনো ধাতুত কৰ্ম্মবাচ্যত অনী প্ৰত্যয় হয়। যেনে, তিয়া—তিয়নী।

অতি৷

 ৯১। খজুৱা আদি ধাতুত ভাববাচ্যত অতি প্ৰত্যয় হয়। যেনে, খজুৱা—খজুৱতি।

অতী।

 ৯২। কোনো কোনো ধাতুত কৰ্ম্মবাচ্যত অতী প্ৰত্যয় হয়। যেনে, ক্ষীৰা—ক্ষীৰতী।