পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৩
বহল ব্যাকৰণ।

প্ৰত্যয়ৰ ই বৃদ্ধি হয়। যেনে, যা+ই=গৈ। অ-কাৰান্ত ধাতুৰ অ লোপ হয় আৰু প্ৰত্যয়ৰ ই বৃদ্ধি হয়। যেনে, হ+ই = হৈ। তলত সকলো প্ৰকাৰ ধাতুৰ সিদ্ধা ৰূপ দিয়া হল। যেনে,

‌‌‌‌‌
ব্যঞ্জনান্ত
অ-কাৰান্ত
আ-কাৰান্ত

ই-কাৰান্ত
ও-কাৰান্ত

ধাতু
কৰ্

খা
যা
দি
শো
ওলা
সোমা

প্ৰত্যয়







সিদ্ধ পদ
কৰি
লৈ
খাই
গৈ
দি
শুই
ওলাই
সোমাই

এই।

 ১১২। নিশ্চয় অৰ্থত ক্ৰিয়াৰ সিদ্ধা সাধ্যা দুয়ো ৰূপত, সকলো কালত এই প্ৰত্যয় হয়। যেনে, কৰিয়েই, খায়েই, দিছিলোঁয়েই, যামেই ইত্যাদি।

ঈয়া।

 ১১৩। কৰ্ম্ম পদ বা কোনো ইব প্ৰত্যয়ান্ত পদ আগত থাকিলে কৰ্ত্তৃ আৰু কৰ্ম্মবাচ্যত ধাতুত ঈয়া প্ৰত্যয় হয়। যেনে, (কৰ্ত্তৃবাচ্যত) পহু—মাৰ্ +ঈয়া=পহুমৰীয়া, গ (গো) —ৰখ + ঈয়া= গৰখীয়া, খৰি—কাট্‌ + ঈয়া = খৰিকাটীয়া।