পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
বহল ব্যাকৰণ।

যেনে, ডাক্—ডাকল, কেতিয়াবা ডাকাল (যেনে ডাকল কেঁচা, যি ডাকে)।

আল।

 ৯৯। সৰ্ ধাতুত ভাববাচ্যত আল প্ৰত্যয় হয়। যেনে, সৰ্—সৰাল (হাঁহিনী জনীয়ে পাখি সৰাল দিছে, অৰ্থাৎ তাইৰ পাখি সৰিবলৈ ধৰিছে।)

উকা।

 ১০০। বহ্ ধাতুত কৰ্ত্তৃবাচ্যত উকা প্ৰত্যয় হয়। যেনে, বহ্-বহুকা, বহুকা লৰা, বহুকা বন।

অতীয়া।

 ১০১। সাঁচ্ ধাতুত কৰ্ম্মবাচ্যত অতীয়া প্ৰত্যয় হয়। যেনে, সাঁচতীয়া কৰ্ত্তৃবাচ্যত অতিয়াৰ প্ৰত্যয় হয়। যেনে, সাঁচতিয়াৰ।

অনীয়া।

 ১০২। সাঁচ্ আৰু জীয়া ধাতুত কৰ্ম্মবাচ্যত অনীয়া প্ৰত্যয় হয়। যেনে, সাঁচ—সাঁচনীয়া, জীয়া—জীয়নীয়া।

ওঁতে।

 ১০৩। ক্ৰিয়া কৰি থকা সময়ত, এই ভাব বুজাবলৈ সকলো ধাতুত সকলো কালত ওঁতে প্ৰত্যয় হয়। যেনে, সি পুথি পঢ়ি থাকোঁতে মই পাইছিলোঁগৈ, সি পুথি পঢ়ি থাকোঁতে মই পাম গৈ।
 ওঁতে প্ৰত্যয়ৰ যোগত ধাতুৰ সিদ্ধা ৰূপ হয়।