পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৫
বহুল ব্যাকৰণ।

 (গ) কৃৎ প্ৰত্যয় হলে, ধাতুৰ ণিচ প্ৰত্যয় লোপ হয়।
 (ঘ) কৃৎ প্ৰত্যয়ৰ ঘ ইৎ গলে, ধাতুৰ শেষত থকা চ মৰি ক আৰু জ মৰি গ হয়।
 (ঙ) কৃৎ প্ৰত্যয়ৰ খ ইৎ গলে, ধাতুৰ আগত থকা পদত অনুস্বাৰ যোগ হয়।
 (চ) কৃৎ প্ৰত্যয়ৰ প ইৎ গলে, হ্ৰস্ব স্বৰ শেষত থকা ধাতুৰ পাচত এটা ৎ হয়।
 (ছ) কৃৎ প্ৰত্যয়ৰ য পাচত থাকিলে, ধাতুৰ শেষৰ ও মৰি অব আৰু ঔ মৰি আব হয়।
 (জ) তদ্ধিত প্ৰত্যয় যোগ দিবৰ কিছুমান নিয়ম কৃৎ প্ৰত্যয়তো খাটে।

সংস্কৃত কৃৎ প্ৰত্যয়।

 যিবিলাক কৃৎ প্ৰত্যয় যুক্ত পদ অসমীয়া সাহিত্যত পোৱা যায় সেই বিলাক প্ৰত্যয় মাথোন ইয়াত দিয়া হল।

সন্, ষঙ্, ক্যঙ্, ণিচ।

 এই কেইটা প্ৰত্যয়ৰ বিষয়ে সবিশেষ আগত কোৱা হৈছে (ধাতু আৰু ক্ৰিয়া প্ৰকৰণৰ আদিতে চোৱা)।

তব্য, অনীয়, যৎ, ণ্যৎ, ক্যপ্।

তব্য।

 ৬। কৰিব লগীয়া বা কৰা উচিত, এই অৰ্থত ভাববাচ্যত আৰু কৰ্ম্মবাচ্যত, ধাতুত তব্য প্ৰত্যয় হয়। যেনে,