পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১০
বহল ব্যাকৰণ।

ই মৰি ঈ হয়। যেনে, ৰুজ্‌—ৰুগ্ন, মস্‌জ্—মগ্ন, ক্ষি—ক্ষীণ। আন আন সলনিৰ নিমিত্তে সাঃ নিয়ম চোৱাঁ।

 ২১। ধাতুৰ শেষত ৰ্, থাকিলে, প্ৰত্যয়ৰ ত মৰি ন হয়। যেনে, পূৰ্‌—পূৰ্ণ, চূৰ্‌—চূৰ্ণ।

 ২২। ত্ৰৈ আদি ধাতুৰ পাচত প্ৰত্যয়ৰ ত মৰি ন হয়, ণ হৈও থাকে, কিন্তু স্নৈ আদি ধাতুৰ পাচত সদায় ন হয়। যেনে, ত্ৰৈ—ত্ৰাণ বা ত্ৰাত।

 ২৩। দীৰ্ঘ ৠ-কাৰান্ত ধাতুত ক্ত প্ৰত্যয় হলে, তাৰ ঋ মৰি ঈৰ হয়। যেনে, শ—শীৰ্ণ, জৃ—জীৰ্ণ, সম্—ক— সঙ্কীৰ্ণ, বি—দ়ৃ —বিদীৰ্ণ। সেইদৰে, উত্তীৰ্ণ, বিস্তীৰ্ণ, অবতীৰ্ণ, ইত্যাদি।

 ২৪। ক্ত প্ৰত্যয় হলে, ৰুষ্, শ্বস্ আদি ধাতুৰ পাচত এটা. ই হয়, নহৈও থাকে। যেনে, কষ্—ৰুষ্ট বা ৰুষিত, বি— শ্বস্—বিশ্বস্ত বা বিশ্বসিত।

 ২৫। ক্ত প্ৰত্যয় হলে, স্থা, মা আদি ধাতুৰ আ মৰি ই হয়, ধা ধাতুৰ ঠাইত হি, আৰু দা ধাতুৰ ঠাইত দৎ হয়। যেনে, স্থা—স্থিত, মা—মিত, বি—ধা—বিহিত, অভি—ধা —অভিহিত, দা—দত্ত।

 ২৬। ক্ত প্ৰত্যয় হলে, যজ আৰু ব্যধ্ ধাতুৰ য আৰু অ দুয়ো মৰি ই হয়। যেনে, যজ্—ইষ্ট, ব্যধ্—বিদ্ধ।

 ২৭৷ ক্ত প্ৰত্যয় হলে, গ্ৰহ্, প্ৰচ্ছ্, ভ্ৰস্‌জ ধাতুৰ ৰ্‌ আৰু