পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
বহল ব্যাকৰণ।

 কৰ্ম্মবাচ্য—যি বাচ্যত কৰ্ম্ম কাৰকৰ অৰ্থ প্ৰকাশ পায়, তাক কৰ্ম্মবাচ্য বোলে। যেনে, কু ধাতু কৰ্ম্মবাচ্যত ক্ত প্ৰত্যয়, কৃত = যিহক কৰা হৈছে।

 কৰণবাচ্য—যি বাচ্যত কৰণ কাৰকৰ অৰ্থ প্ৰকাশ পায়, তাক কৰণবাচ্য বোলে। যেনে, দম্ ধাতু কৰণবাচ্যত ড প্ৰত্যয়, দণ্ড = লাঠি, যিহেৰে দমন কৰা যায়।

 সেই দৰে, যি যি বাচ্যত সম্প্ৰদান, অপাদান আৰু অধি- কৰণ কাৰকৰ অৰ্থ প্ৰকাশ পায়, সিহঁতক ক্ৰমান্বয়ে সম্প্ৰদান বাচ্য, অপাদান বাচ্য আৰু অধিকৰণ বাচ্য বোলে।

কৃৎ প্ৰত্যয়।

 ৪। এটা ধাতুৰ পৰা ভিন ভিন অৰ্থৰ পদ কৰিবলৈ তাত যি ভিন ভিন প্ৰত্যয় যোগ দিয়া হয়, সেই প্ৰত্যয়বিলাকক কৃৎ প্ৰত্যয় বোলে আৰু নিষ্পন্ন পদটোক কৃদন্ত পদ বোলে। কৃদন্ত পদবিলাক বিশেষ্য, বিশেষণ বা সিদ্ধা ক্ৰিয়া হয়।

 ৫। ধাতুত কৃৎ প্ৰত্যয় যোগ দিবৰ সাধাৰণ নিয়ম। (ক) কৃৎ প্ৰত্যয় যোগ হলে, ধাতুৰ শেষৰ স্বৰ আৰু উপধাৰ হ্ৰস্ব স্বৰৰ গুণ হয়, প্ৰত্যয়ৰ ক্ বা ঙ্ ইৎ গলে নহয়।

 (খ) কৃৎ প্ৰত্যয়ৰ ণ বা ঞ ইৎ গলে, ধাতুৰ শেষৰ স্বৰ আৰু উপধাৰ অ বৃদ্ধি হয় আৰু আ-কাৰান্ত ধাতুৰ পাচত এটা য হয়।