বহল ব্যাকৰণ/দ্বাদশ অধ্যায়

[ ২৩৬ ]

দ্বাদশ অধ্যায়।
⸺:✱:⸺
বাক্যবিন্যাস প্ৰকৰণ।

 ১। দুটা বা অধিক পদ গোট খাই এটা কথা বুজালে, তাক বাক্য বোলে।

 ২। বাক্য দুবিধ—পূৰ্ণ বাক্য আৰু খণ্ড বাক্য।

 ৩। যি বাক্যত এটা কথা সম্পূৰ্ণৰূপে প্ৰকাশ পায়, তাক পূৰ্ণ বাক্য বোলে।

 ৪। যি বাক্যত এটা কথাৰ এক খণ্ড মাথোন প্ৰকাশ পায়, তাক খণ্ড বাক্য বোলে। খণ্ড বাক্যৰ বিশেষ বিবৰণ পাচত দিয়া যাব।

বাক্যৰ বাচ্য।

 ৫। প্ৰত্যেক পূৰ্ণ বাক্যৰ পদসঙ্গতি তিনি প্ৰকাৰ। এই পদসঙ্গতিক বাক্যৰ বাচ্য বোলা যায়। এতেকে বাক্যৰ বাচ্য তিনি বিধ:— কৰ্ত্তৃবাচ্য, কৰ্ম্মবাচ্য আৰু ভাববাচ্য।

 ৬৷ যি বাক্যত কৰ্ত্তা প্ৰধান হৈ বহে, তাক কৰ্ত্তৃবাচ্যৰ বাক্য বোলে। এই বাচ্যত কৰ্ত্তাত প্ৰথমা বিভক্তি হয়, বাক্যত কৰ্ম্ম থাকিলে, তাত দ্বিতীয়া বিভক্তি হয় আৰু কৰ্ত্তাৰ [ ২৩৭ ] যি পুৰুষ আৰু বচন, ক্ৰিয়াৰে৷ সেই পুৰুষ আৰু বচন হয়। যেনে, গোপাল শুলে, গোপালে পঢ়িছে, আমি পুথি পঢ়িছোঁহঁক।

 ৭। যি বাক্যত কৰ্ম্ম প্ৰধান হৈ বহে, তাক কৰ্ম্মবাচ্যৰ বাক্য বোলে। এই বাচ্যত কৰ্ম্মত প্ৰথমা বিভক্তি আৰু কৰ্ত্তাত তৃতীয়া বিভক্তি হয়, আৰু ক্ৰিয়া কৃদন্ত হয়, আৰু হ বা যা ধাতুৰ সাধ্যা ক্ৰিয়াৰে বাক্য পূৰণ হয়। যেনে, পুথিখন গোপালৰ দ্বাৰা লিখা হৈছে। ইয়াত, গোপালে পুথিখন লিখিছে, এই বাক্যটোক লুটিয়াই কোৱা হৈছে। পুথিখন যথাৰ্থত কৰ্ম্মপদ, গোপাল কৰ্ত্তা, এতেকে গোপাল ১ মা, বি, ১ব আৰু পুথিখন দ্বি, বি, ১ব হব লাগিছিল। কিন্তু লুটিয়াই দিয়া বাক্যটোত পুথিখন ১মা, বি, ১ব হৈছে, আৰু গোপালত ৩য়া, বি, ১ব হৈছে, আৰু লিখিছে ক্ৰিয়াৰ ঠাইত তাৰ ভাববাচ্যৰ কৃদন্তৰূপ ‘লিখা’ ব্যৱহাৰ হৈছে। বাক্যৰ শেষত হ ধাতুৰ সাধ্যাৰূপ ‘হৈছে’ আছে, তাৰ দ্বাৰায় বাক্য পূৰণ হৈছে।

 কৰ্ম্মবাচ্যৰ বাক্যত কেতিয়াবা কৰ্ত্তা উহ্য থাকে। যেনে, নাম ধৰা হল (আমাৰ দ্বাৰায়, উহ্য), গুৰুসেৱা কৰা হল (মোৰ দ্বাৰায়, উহ্য)।

 কোনো কোনো কৰ্ম্মবাচ্যৰ বাক্যত কৰ্ত্তা উহ্যও নাথাকে, কৰ্ম্মই কৰ্ত্তা যেন হয়। যেনে, কাৰো মাত কতো নুশুনি, দিনত তৰা নেদেখি। ইয়াত মাত, নুশুনি ক্ৰিয়াৰ আৰু তৰা, [ ২৩৮ ] নেদেখি ক্ৰিয়াৰ কৰ্ত্তা যেন হৈছে। যথাৰ্থত এনেবিলাক ক্ৰিয়াক কৰ্ত্তাহীন ক্ৰিয়া বুলিব পাৰি।

 ৮। যি বাক্যত ক্ৰিয়া প্ৰধান হৈ বহে, আক সেই ক্ৰিয়া ভাববাচ্যৰ কৃদন্ত পদ হৈ বাক্যৰ সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা হয়, তাক ভাববাচ্যৰ বাক্য বোলে। যেনে, পঢ়া হল, দিয়া গল। ইয়াত, পঢ়া আৰু দিয়া ভাববাচ্যৰ কৃদন্ত পদ, সিহঁত হল আৰু গল সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা হৈছে।

 ৯। ভাববাচ্যৰ বাক্যত আচল কৰ্ত্তা আৰু কৰ্ম্ম প্ৰকাশ থাকিলে, কৰ্ত্তাত ষষ্ঠী বিভক্তি হয়, আৰু কৰ্ম্ম তাৰ আপোন বিভক্তিত, অৰ্থাৎ দ্বিতীয়া বিভক্তিত থাকে। যেনে, গোপালৰ পুথি পঢ়া হল, অৰ্থাৎ গোপালে পুথি পঢ়ি অঁতালে। গোপাল কৰ্ত্তা, কিন্তু ভাববাচ্যৰ বাক্যটোত গোপালত ষষ্ঠি বিভক্তি হৈছে, আৰু পঢ়ি ক্ৰিয়াৰ ভাববাচ্যৰ কৃদন্ত পদ ‘পঢ়া’, হল সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা হৈছে। পুথি কৰ্ম্মপদ, সি: দ্বিতীয়া বিভক্তিত আছে।

কৰ্ত্তা আৰু ক্ৰিয়াৰ সঙ্গতি।

 ১০। বাক্যত কৰ্ত্তা প্ৰথমত, কৰ্ম্ম দ্বিতীয়ত আৰু ক্ৰিয়া শেষত থাকে। যেনে, গোপালে পুথি পঢ়িছে।

 ১১৷ বাক্যত কৰ্ম্ম নাথাকিলে, অৰ্থাৎ ক্ৰিয়া অকৰ্ম্মক হলে, কৰ্ত্তা প্ৰথমত আৰু ক্ৰিয়া শেষত থাকে। যেনে, গোপাল শুলে। [ ২৩৯ ]  বাচ্যবিশেষত এই ক্ৰম ভঙ্গ হয়। তাৰ উদাহৰণ আগত দিয়া হৈছে। তাত বাজেও আন হেতুত ক্ৰমৰ লৰচৰ হয়।

 ১২। কৰ্ম্মপদক ঘাইকৈ প্ৰকাশ কৰিব লাগিলে, সি বাক্যৰ আদিত থাকে। যেনে, বিষ্ণুত পূজে যি সি বৈষ্ণৱ।

 ১৩। ক্ৰিয়াপদক ঘাইকৈ প্ৰকাশ কৰিব লাগিলে, সিও বাক্যৰ আদিত থাকে। যেনে, পঢ়িছোঁ মই, শুইছে গোপাল, সি পঢ়া নাই।

 ১৪। সকলো বাক্যত কৰ্ত্তাৰ যি পুৰুষ আৰু বচন ক্ৰিয়াৰো সেই পুৰুষ আৰু বচন হয়। যেনে, মই কৰিছোঁ, আমি কৰিছোঁহঁক, তুমি কৰিছা, তোমালোকে কৰিছাহঁক, সি বা সিহঁতে কৰিছে।

 ১৫। এটা সাধ্যা ক্ৰিয়াৰ তিনিও পুৰুষৰ কৰ্ত্তা থাকিলে, সেই ক্ৰিয়া প্ৰথম পুৰুষৰ হয় আৰু প্ৰথম পুৰুষৰ কৰ্ত্তা ক্ৰিয়াৰ আগত থাকে। যেনে, সি, তুমি আৰু মই গোটখাই য

 ১৬। এটা সাধ্যা ক্ৰিয়াৰ দ্বিতীয় আৰু তৃতীয় পুৰুষৰ কৰ্ত্তা থাকিলে, সেই ক্ৰিয়া দ্বিতীয় পুৰুষৰ হয় আৰু দ্বিতীয় পুৰুষৰ কৰ্ত্তা ক্ৰিয়াৰ আগত থাকে। যেনে, সি আৰু তুমি যাবা, সি আৰু তোমালোক যাবাহঁক।

 ১৭। এটা সাধ্যা ক্ৰিয়াৰ ভিন ভিন পুৰুষৰ কৰ্ত্তা, কোন অব্যয় শব্দেৰে পৃথক কৰা হলেও, সেই সাধ্যা ক্ৰিয়া, প্ৰথম পুৰুষৰ কৰ্ত্তা থাকিলে, প্ৰথম পুৰুষৰ আৰু দ্বিতীয় [ ২৪০ ] পুৰুষৰ কৰ্ত্তা থাকিলে, দ্বিতীয় পুৰুষৰ হয়। যেনে, সি বা মই যাম, সি বা তুমি যাবা, সি, তুমি বা মই যাম।

 ১৮। একে পুৰুষৰ দুটা বা অধিক কৰ্ত্তাই এটা ক্ৰিয়া কৰা বুজালে, আনবিলাক কৰ্ত্তাৰ ক্ৰিয়া গুচি, প্ৰায় এটা কৰ্ত্তাৰ মাথোন ক্ৰিয়া থাকে। যেনে, ধনে মানুহৰ ক্ষমতা বঢ়ায় আৰু বিদ্যাই মানুহৰ গৌৰৱ বঢ়ায়। এই বাক্যৰ সলনি ধনে ক্ষমতা আৰু বিদ্যাই মানুহৰ গৌৰৱ বঢ়ায়।

 ১৯। কেতিয়াবা এফাঁকি সম্পূৰ্ণ কথাও ক্ৰিয়াৰ কৰ্ত্তা হয়। যেনে, মানভগনিত অসমৰ অনেক মানুহ নানা ঠাইত সিচ্‌ৰতি হৈ পৰিছিল, হয়। ইয়াত ওপৰৰ গোটেই ফাঁকি কথা শেষৰ ‘হয়’ ক্ৰিয়াৰ কৰ্ত্তা হৈছে।

 ২০। কেতিয়াবা ভাববাচ্যৰ কৃদন্ত পদ ক্ৰিয়াৰ কৰ্ত্তা হয়। যেনে, কালি তাৰ ভাত খোৱা নহল। ইয়াত খোৱা কৃদন্ত পদ নহল ক্ৰিয়াৰ কৰ্ত্তা হৈছে।

 ২১। ক্ৰিয়াৰ কৰ্ত্তা সকলোৱে জনা থাকিলে বা এবাৰ আগত উক্ত হলে, সি প্ৰায় উহ্য থাকে। যেনে, বৰষুণ আনিছে, ৰদ দিছে। ইয়াত, বৰষুণ মেঘে আনে, ৰদ সূৰ্য্যই দিয়ে, এই কথা সকলোৰে জনা আছে, সেই দেখি মেঘ আৰু সূৰ্য্য উহ্য আছে। ক্ৰিয়াৰ মূলক ধাতু বোলে। ইয়াতো ‘সকলোৱে’ উহ্য আছে।

 ২২। কোনো বিশেষ্য পদ বা ব্যক্তিবোধক সৰ্ব্বনামৰ পাচত বিশেষণ বা বিশেষণ স্বৰূপে ব্যৱহাৰ কৰা কোনো [ ২৪১ ] বিশেষ্য পদ থাকিলে, হ ধাতুৰ নিত্য বৰ্ত্তমানকাল উক্ত নহয়। যেনে, গোপাল ব্ৰাহ্ম (হয়), সি হিন্দু (হয়), তেওঁ বৰ দয়ালু (হয়), আব্দুল কাবুলী (হয়), তুমি বিদ্বান (হোৱা), মই নিমাখিত (হওঁ)। কিন্তু সেই ক্ৰিয়াৰ আগত অভাৱ বুজুৱা ন থাকিলে, সি উক্ত হয়। যেনে, গোপাল ব্ৰাহ্ম নহয়, সি হিন্দু নহয়, তুমি বিদ্বান নোহোৱা, মই নিমাখিত নহওঁ৷

 ২৩। প্ৰথম বা দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম ক্ৰিয়াৰ কৰ্ত্তা হলে, সিহঁত প্ৰায় উক্ত নহয়। যেনে, দিলোঁ, যাম, অৰ্থাৎ মই দিলোঁ, মই যাম। সেইদৰে, দিলা, যাবা, অৰ্থাৎ তুমি দিলা, তুমি যাব৷।

 ২৪। নিজ শব্দ পাচত থাকিলে ব্যক্তিবোধক সৰ্ব্বনামৰ কৰ্ত্তাকাৰক কেতিয়াবা উক্ত নহয়। যেনে, নিজে দিম, নিজে যাব, নিজে কবা, অৰ্থাৎ মই নিজে দিম, সি নিজে যাব, তুমি নিজে কৰা।

 ২৫। তুলনা স্বৰূপে হ ধাতুৰ দুটা বা অধিক ব্যক্তিবোধক সৰ্ব্বনাম কৰ্ত্তা থাকিলে, সিহঁতৰ ঘাইটো প্ৰথমত থাকে, আৰু ক্ৰিয়া সেই পুৰুষৰ হয়। যেনে, মইতো তুমি নহওঁ, তুমিতো মই নোহোৱা, সি তুমি বা মই নহয়। ইয়াত, দ্বিতীয়ত থকা সৰ্ব্বনাম কেইটা প্ৰথমত থকা কেইটাৰ তুলনা মাথোন, প্ৰথমত থকা কেইটাই বাক্যটোৰ ভিতৰত আচল কৰ্ত্তা। সেই দেখি সিহঁত আগত আছে, আৰু ক্ৰিয়াৰ পুৰুষে৷ সিহঁতৰ লগত মিলিছে। [ ২৪২ ]  ২৬। সেইদৰে, আন আন ক্ৰিয়াৰ পুৰুষো ঘাই কৰ্ত্তাৰ লগত মিলে। যেনে, মই অধমে নিবেদন কৰোঁ, সি অজামিলে কৰিব নোৱাৰে কি? তই খটাসুৰে ভাল কথা শুনিবি নে?

 ২৭। পাৰি, নোৱাৰি, দেখি, নেদেখি আদি ক্ৰিয়াৰ আৰু আৱশ্যক বুজোৱা লাগে আদি ক্ৰিয়াৰ কৰ্ত্তা নাথাকে। যেনে, নাখাই ২১ দিনলৈকে জীয়াই থাকিব পাৰি, শীতৰ নিমিত্তে গৌৰীশৃঙ্গলৈ যাব নোৱাৰি, বতাহ চকুৰে নেদেখি, আন্ধাৰ ঠাইৰ পৰা চালে দিনতো তৰা দেখি, তাক ধন নালাগে বিদ্যাহে লাগে। ইয়াত পাৰি, নোৱাৰি, নেদেখি, দেখি আৰু লাগে ক্ৰিয়াৰ কৰ্ত্তা নাই।

 ২৮। ক্ৰিয়া অকৰ্ম্মক হলে, কৰ্ত্তাৰ বিভক্তি নাথাকে। যেনে, প্ৰাণী হলেই মৰে, গুটি হলেই গজে। এই নিয়ম আৰু এই সম্বন্ধে আনবিলাক নিয়মে৷ যোন সৰ্বনামত খাটে। যেনে, যোনে ভাত ৰান্ধে বা পুথি পঢ়ে, কিন্তু যোন জীয়ে, যোন মৰে।

 ২৯। এটা বাক্যত সকৰ্ম্মক আৰু অকৰ্ম্মক দুয়ো বিধৰ ক্ৰিয়া থাকিলে, কৰ্ত্তাৰ বিভক্তি প্ৰথমত থকা ক্ৰিয়াৰ অনুযায়ী হয়, অৰ্থাৎ প্ৰথম ক্ৰিয়া অকৰ্ম্মক হলে, কৰ্ত্তাৰ বিভক্তি গুচে, সকৰ্ম্মক হলে, নুগুচে। যেনে, গোপালে খায় আৰু শোৱে, তাৰ জান কাম নাই; গোপাল শোৱে আৰু খায়, তাৰ আন কাম নাই। [ ২৪৩ ]  ৩১। এটা বাক্যত এটা বা অধিক সকৰ্ম্মক সিদ্ধা ক্ৰিয়া, আৰু এটা অকৰ্ম্মক সাধ্যা ক্ৰিয়া থাকিলে, কৰ্ত্তাপদ যদি সিদ্ধা ক্ৰিয়াৰ আগত থাকে, তেনেহলে তাৰ বিভক্তি কওঁতাৰ ইচ্ছা অনুসাৰে গুচে বা থাকে। যেনে, গোপালে তাৰ দিনৰ পাঠ পঢ়িহে পঢ়াশালিলৈ যায়, বা গোপাল তাৰ দিনৰ পাঠ পঢ়িহে পঢ়াশালিলৈ যায়।

 ৩১। বাক্যত সিদ্ধা ক্ৰিয়া কৰ্ত্তাৰ আগত থাকিলে, সি সকৰ্ম্মকেই হওক বা অকৰ্ম্মকেই হওক, কৰ্ত্তাৰ বিভক্তি পাচত থকা সাধ্যা ক্ৰিয়াৰ অধীন হয়, অৰ্থাৎ সেই ক্ৰিয়া অকৰ্ম্মক হলে কৰ্ত্তাৰ বিভক্তি গুচে, সকৰ্মক হলে নুগুচে। যেনে, ভাত খাই গোপাল শুইছে, ঘৰলৈ আহি গোপালে ভাত খাইছে।

 ৩২। এটা বাক্যত এটা বা অধিক অকৰ্ম্মক সিদ্ধা ক্ৰিয়া, আৰু এটা সকৰ্ম্মক সাধ্যা ক্ৰিয়া থাকিলে, তেতিয়া কৰ্ত্তাৰ বিভক্তি নুগুচে। যেনে, গোপালে শুই উঠি পঢ়িবলৈ ধৰিছে।

 ৩৩। সিদ্ধা ক্ৰিয়াৰ কৰ্ত্তাক কেৱলীয়া কৰ্ত্তা বোলে। কেৱলীয়া কৰ্ত্তাৰ সিদ্ধা ক্ৰিয়াৰ ভিতৰত সকৰ্ম্মক অকৰ্ম্মক দুয়ো বিধৰ ক্ৰিয়া থাকিলে, সেই কৰ্ত্তাৰ বিভক্তি নুগুচে। যেনে, গোপালে শুই উঠি ফুৰিবলৈ ওলাই গলে, আমি পাশটি খেলামহঁক।

 ৩৪। ব্যক্তিবোধক সৰ্ব্বনাম কৰ্ত্তা হলে, তাৰ পাচত থকা [ ২৪৪ ] নিজ শব্দৰ বিভক্তি নুগুচে। যেনে, মই নিজে যাম, সি নিজে কৰিব।

 ৩৫। কেতিয়াবা দুটা বা অধিক বিশেষ্য পদৰ একে কাৰক হয়। তেনে পদবিলাকক সমকাৰক বোলা যায়। সমকাৰকৰ প্ৰথমটোৰ বিভক্তি গুচে, শেষৰটোত মাথোন থাকে। যেনে, মহাৰাজ জৰ্জ্জৰ আজ্ঞা, মহামহোপাধ্যায় স্বৰ্গীয় ধীৰেশ্বৰ ভট্টাচাৰ্য্যই বছেৰেকত এশ ৰূপ সম্মানী পাইছিল, মল্ল ৰামমূৰ্ত্তিক কেওঁ বলে নোৱাৰে, মহাপুৰুষ শঙ্কৰদেৱে ১৩৭১ শঁকত বৈকুণ্ঠ প্ৰয়াণ কৰে।

 ৩৬। সমকাৰকৰ প্ৰথম পদ সৰ্ব্বনাম হলে, তাৰ বিভক্তি নুগুচে। যেনে, আমি দুয়োজনে, আমাক দুয়োজনক, আমাৰ দুয়োজনৰ, তাক মহাপাপীক, তাক সিয়নিত শোৱাক। কিন্তু তই মহাপাপীক, সি সিয়নিত শোৱাক, এনেকুৱাও হয়।

 ৩৭। হাঁহ, কান্দ, কাহ, নাচ, হাগ, মুত, গাঁজ, ওমল, হাঁচিয়া আদি কেতবিলাক অকৰ্ম্মক ক্ৰিয়াৰ, আৰু নামধাতুৰ ক্ৰিয়াৰ কৰ্ত্তাৰ বিভক্তি নুগুচে। যেনে, গোপালে হাঁহিছে, কান্দিছে, কাহিছে, নাচিছে। লৰাই হাগিছে, মুতিছে, উমলিছে, হাঁচিয়াইছে। মেঘে গাঁজিছে, বেঙে কোৰ্‌কোৰাইছে, পেটে খিল্‌খিলাইছে, হৰিয়ে ৰিঙিয়াইছে।

 ৩৮। কৃতৰ ওঁতে প্ৰত্যয়ান্ত সিদ্ধা ক্ৰিয়া আৰু আন কোনো সাধ্যা ক্ৰিয়াৰ একেটা কৰ্ত্তা হলে, সি সিদ্ধা ক্ৰিয়াৰ [ ২৪৫ ] আগত থাকে। যেনে, মই বজাৰলৈ যাওঁতে তাক দেখিছিলোঁ। বজাৰলৈ যাওঁতে মই তাক দেখিছিলোঁ, এনেকুৱা হলে, কোন যাওঁতে, সি যাওঁতে নে মই যাওঁতে, এই কথা অস্পষ্ট হৈ থাকে।

ক্ৰিয়া আৰু কৰ্ম্মৰ সঙ্গতি।

 ৩৯। সকৰ্ম্মক ক্ৰিয়াৰ এটা বা অধিক কৰ্ম্ম পদ থাকে। কৰ্ম্ম পদবাক্যত প্ৰকাশ বা উহ্য থাকিব পাৰে।

 ৪০। সকৰ্ম্মক ধাতুৰ পৰা উৎপন্ন হোৱা কৃদন্ত ক্ৰিয়াৰো কৰ্ম্ম পদ থাকে। যেনে, ৰুগীয়া মানুহৰ পক্ষে মাংস ভোজন অযুগুত। ইয়াত, ভোজন সকৰ্ম্মক ধাতুৰ পৰা উৎপন্ন হোৱা কৃদন্ত পদ, তাৰ কৰ্ম্ম মাংস। সেইদৰে, পুথি পঢ়োঁতে তাৰ খোকোজা লাগে। ইয়াতো, পঢ়োঁতে সকৰ্ম্মক ধাতুৰ পৰা উৎপন্ন হোৱা কৃদন্ত পদ, তাৰ কৰ্ম্ম পুথি।

 ৪১। সংজ্ঞা শব্দ বা সৰ্ব্বনাম সকৰ্ম্ম ক্ৰিয়াৰ কৰ্ম্ম হয়। কেতিয়াবা ভাববাচ্যৰ কৃদন্ত পদো বাক্যত কৰ্ম্ম হৈ বহে। যেনে, এপালি দৰবেই তাৰ মূৰ ফুৰণি গুচালে। ইয়াত, ফুৰণি ভাববাচ্যৰ কৃদন্ত পদ, সি গুচালে ক্ৰিয়াৰ কৰ্ম্ম হৈছে।

 ৪২। কেতিয়াবা এটা সম্পূৰ্ণ বাক্যও সকৰ্ম্মক ক্ৰিয়াৰ কৰ্ম্ম হয়। যেনে, ম‍ই বোলোঁ, মই নেযাওঁ। ইয়াত, ‘মই নেযাওঁ’ বাক্যটো বোলোঁ ক্ৰিয়াৰ কৰ্ম্ম হৈছে। সেইদৰে, [ ২৪৬ ] সি কৈছিল যে গোপালে হেনো আজিলৈকে তাৰ অৱস্থাৰ উন্নতি কৰিব পৰা নাই। ইয়াত, ‘যে গোপালে * * * *’ বাক্যটো কৈছিল ক্ৰিয়াৰ কৰ্ম্ম।

 ৪৩। বাক্য এটা ক্ৰিয়াৰ কৰ্ম্ম হলে, তাৰ আগত অব্যয় যে, বা ক্ৰিয়াটোৰ কৰ্ত্তাৰ পুৰুষ অনুসাৰে বোলোঁ, বোলা, বা বোলে শব্দ থাকে। যেনে, মই বোলোঁ মই নেযাওঁ, তুমি বোলা তুমি নোযোৱা, সি বোলে সি নেযায়; বা মই বোলো নেযাওঁ, তুমি বোলা নোযোৱা, সি বোলে নেযায়। আৰু, তুমি কোৱা যে তেওঁ লিখা কিতাপখন লৰাই পঢ়িবলৈ বেয়া; ইত্যাদি।

 ৪৪। সাধাৰণ সংজ্ঞাবোধক শব্দ ক্ৰিয়াৰ কৰ্ম্ম হলে, তাৰ শেষৰ দ্বিতীয়া বিভক্তিৰ অক গুচে। যেনে, চৰাই মাৰিলে, মানুহ বধিলে, ভাত খালে, কিতাপ পঢ়িলে, ইত্যাদি।

 ৪৫। সাধাৰণ সংজ্ঞাবোধক কৰ্ম্ম পদৰ শেষত তদ্ধিতৰ টো, জন, আৰু গৰাকী প্ৰত্যয় থাকিলে, তাৰ বিভক্তি নুগুচে। যেনে, চৰাইটোক মাৰ, মানুহটোক, মানুহজনক বা মানুহ গৰাকীক মাত।

 ৪৬। সাধাৰণ সংজ্ঞাবোধক কৰ্ম্ম পদ যদি নিৰ্জীব বস্তু হয়, তেন্তে তদ্ধিত প্ৰত্যয় থাকিলেও তাৰ বিভক্তি গুচে। যেনে, বাঁহটো কাট, কিতাপখন পঢ়, চেনিফেৰা নেপেলাবি।

 ৪৭। বিশেষ সংজ্ঞাবোধক শব্দ বা সৰ্ব্বনাম কৰ্ম্ম পদ হলে, তাৰ বিভক্তি নুগুচে। যেনে, শিৱক পূজিলে পুত্ৰলাভ [ ২৪৭ ] হয়, ভাৰতত সূৰ্য্যক পূজা এটা সম্প্ৰদায় আছে, গোপালক মাত, তাক মোৰ ঘৰলৈ পঠিয়াই দিবি।

 ৪৮। সম্বন্ধ, জাতি আৰু কুল বুজুৱা শব্দ কৰ্ম্ম পদ হলে, তাৰ বিভক্তি নুগুচে। যেনে, পুতেকে বাপেকক সেৱা কৰিব লাগে, পঞ্জাবীক সকলোৱে সাহিয়াল আৰু বলৱন্ত বুলি ভাবে, কলিতাক আগৰ ক্ষত্ৰিয় বুলি কয়।

 ৪৯। যি কৰ্ম্ম পদৰ কোনো এটা গুণ বিশেষৰূপে দেখুউৱা হয়, তাৰ বিভক্তি নুগুচে। যেনে, ক্ষমতাই মানুহক অহঙ্কাৰী কৰে।

 ৫০। বিশেষৰূপে দেখুৱালে, কোনো কৰ্ম্ম পদৰ বিভক্তি নুগুচে। যেনে, সি ৰজাকো ককাই নোবোলে, নৰিয়াই আজি চকুকে নেমেলে, সি পঁইতাকো জুৰাই খায়।

 ৫১। দুটা বা অধিক সংজ্ঞা শব্দৰ পাচত সংখ্যাবোধক শব্দ থাকিলে, সংজ্ঞা শব্দৰ যি কাৰক সংখ্যাবোধক শব্দৰো সেই কাৰক হয়, কিন্তু বিভক্তি কেৱল সংখ্যাবোধক শব্দতহে থাকে, আৰু তাৰ পাচত এটা ও হয়। যেনে, হলি, মতি, আৰু গোপাল, তিনিও যাব। হলি, মতি, আৰু গোপাল, তিনিওকো মাতিবি।

 ৫২। সৰ্ব্বনামৰ পাচত সংখ্যাবোধক শব্দ থাকিলে, সৰ্ব্বনামৰ বিভক্তি নুগুচে। যেনে, তোমাক আৰু মোক, দুয়োকো মাতিছে, তুমি আৰু মই, দুয়ো যাম।

 ৫৩। দুটা বা অধিক সংজ্ঞা শব্দৰ পাচত, এই বিলাক, [ ২৪৮ ] এই সকল আদি বিশেষণ সৰ্ব্বনাম থাকিলে, সংজ্ঞা শব্দৰ কাৰকেই বিশেষণ সৰ্ব্বনামৰে৷ কাৰক হয়, আৰু বিভক্তি কেৱল বিশেষণ সৰ্ব্বনামত থাকে। যেনে, গছ, লতা, বন এইবিলাকক উদ্ভিদ্ বোলে; বাই ভনী, ককাই ভাই, এই সকলো তোমাৰ মৰমৰ পাত্ৰ; লৰা বুঢ়া, মতা মাইকী, সকলোৱে তাক গৰিহণা দিছিল।

আন আন কাৰক আৰু ক্ৰিয়াৰ সঙ্গতি।

 ৫৪। সম্বন্ধ আৰু সম্বন্ধী পদৰ ভিতৰত সম্বন্ধী সংজ্ঞা শব্দ কেতিয়াবা লোপ হয়, আৰু তাৰ ঠাইত তদ্ধিতৰ টো, জন আদি প্ৰত্যয় মাথোন থাকে। আগত উক্ত থাকিলে, সম্বন্ধ আৰু সম্বন্ধী দুয়ো সংজ্ঞা শব্দ লোপ হয়, কেৱল সিহঁতৰ তদ্ধিত প্ৰত্যয় কেইটাহে থাকে। যেনে, ভাল কাপটো হেৰাল, বেয়াটোহে আছে; ভাল শিক্ষকজন গল, বেয়াজন ৰল। কিন্তু কাপ বা শিক্ষকৰ বিষয়েহে যে কোৱা হৈছে, এই কথা জনা থাকিলে, তেতিয়৷ ভালটো হেৰাল, বেয়াটো আছে; ভালজন গল, বেয়াজন ৰল, এনেকুৱা হয়।

 ৫৫। যিবিলাক ক্ৰিয়া সকৰ্ম্মক আৰু অকৰ্ম্মক, দুয়ো ৰূপে ব্যৱহাৰ কৰিব পাৰি, সিহঁতৰ লগত সম্বন্ধ হোৱা সংজ্ঞা আৰু সৰ্ব্বনাম শব্দত দ্বিতীয়া বিভক্তিৰ অক বা সপ্তমী বিভক্তিৰ অত হয়। যেনে, আপোনাক খাটোঁ বা আপোনাত খাটোঁ। [ ২৪৯ ]  ৫৬। অকৰ্ম্মক ক্ৰিয়াৰে সৈতে সম্বন্ধ হোৱা সংজ্ঞা আৰু সৰ্ব্বনাম শব্দত সপ্তমী বিভক্তিৰ অত যোগ হয়। যেনে, পাটীত শুইছোঁ, পিৰাত বহিছোঁ, ঘৰত আছোঁ।

 ৫৭। সপ্তাহৰ দিন বুজুৱা বাৰ শব্দত সপ্তমীৰ অত বিভক্তিৰ ঠাইত এ হয়। যেনে, দেওবাৰে যাম, সোমবাৰে আহিবি।

 ৫৮। তাৰিখ শব্দত সপ্তমীৰ অত বা তাৰ সলনি এ হয়। যেনে, বহাগৰ বাৰ তাৰিখত, বা বহাগৰ বাৰ তাৰিখে।

 ৫৯। দিন শব্দে দিনৰ ভাগ বুজালে, তাত সপ্তমীৰ অত থাকে। যেনে, দিনত শোৱা অযুগুত।

 ৬০। ৰাতি শব্দে ৰাতিৰ ভাগ বুজালে, তাত অত নাথাকে। যেনে, সি ৰাতি আহিছিল, ৰাতি শ্ৰাদ্ধ কৰা নিষেধ।

 ৬১। বিশেষৰূপে দেখুৱালে, কেতিয়াবা ৰাতি শব্দৰ অত থাকে। যেনে, সি ৰাতিতে আহি ৰাতিতে গল।

 ৬২। সেই সময়ৰ শেষত, এই অৰ্থত দিন, বাৰ, মাহ আদি সময় বুজুৱা শব্দ ব্যৱহাৰ হলে, সিহঁতৰ সপ্তমীৰ অত নুগুচে। যেনে, সি মাহত এশ ৰূপ পায়, অৰ্থাৎ মাহেকৰ শেষত পায়, বছৰত বাৰ মাহ থাকে, অৰ্থাৎ বছৰৰ শেষত বাৰ মাহ পূৰ হয়। সেইদৰে, ছমাহত পুথিখন লিখা হল, চাৰি বছৰত তিনি হেজাৰ ৰূপ আয় হল, দহ মাহ দহ দিনত লৰা ওপজে।

[ ২৫০ ]  ৬৩। সেই সময় ব্যাপি, এই অৰ্থত দিন, বাৰ, মাহ আদি সময় বুজুৱা শব্দ ব্যৱহাৰ হলে, সিহঁতৰ সপ্তমীৰ অত গুচে। যেনে, এদিন আছিলোঁ, অৰ্থাৎ এদিন ব্যাপি আছিলোঁ। ছবছৰ খাটিলোঁ, অৰ্থাৎ ছবছৰ ব্যাপি খাটিলোঁ। কুম্ভকৰ্ণে বাৰ বছৰ শুইছিল, অৰ্থাৎ বাৰ বছৰ জুৰি শুইছিল।

 ৬৪। বিনা বা বিনে শব্দৰ যোগত কোনো সংজ্ঞা শব্দত সপ্তমীৰ অত হলে, সেই অত কেতিয়াবা গুচে। যেনে, ধন বিনা বা ধন বিনে কোনো কাম সিদ্ধ নহয়। পদ্যত প্ৰায় সদায় গুচে। যেনে, হৰি বিনে উদ্ধাৰৰ নাহিকে উপায়।

 ৬৫। যুক্ত শব্দৰ যোগত কোনো সংজ্ঞা শব্দত তৃতীয়া বিভক্তি হলে, যুক্ত শব্দ লোপ হয়। যেনে, দীঘল জঁটাৰে যুক্ত সন্ন্যাসীজন, দীঘল জঁটাৰে সন্ন্যাসীজন। সেই দৰে, জুটুলা চুলিৰে তিৰোতা জনী, ঘুৰণীয়া মুখেৰে লৰাটো।

 ৬৬। হতুৱাই শব্দ কেৱল সজীব বস্তুৰ নামৰ পাচতহে ব্যৱহাৰ হয়, আৰু তাৰ পাচত এটা পাঁচনী ক্ৰিয়া থাকে। যেনে, গোপালৰ হতুৱাই চিঠিখন লিখোৱা হল, আজিকালি বান্দৰৰ হতুৱাই ছাপাখানাত আখৰ বচোৱা হয়।

 ৬৭। দ্বাৰা শব্দ প্ৰাণীৰ নাম আৰু নিৰ্জীব বস্তুৰ নাম, দুয়োৰো পাচত ব্যৱহাৰ হয়। প্ৰাণীৰ নামৰ পাচত ব্যৱহাৰ হলে, তাৰ পাচত এটা পাঁচনী ক্ৰিয়া থাকে, নিৰ্জীব বস্তুৰ [ ২৫১ ] নামৰ পাচত ব্যৱহাৰ হলে নাথাকে। যেনে, কুলিৰ দ্বাৰা গছডাল কটোৱ৷ হৈছে, কিন্তু বাঁহডাল দাৰে কাটিছে।

 ৬৮। মতে শব্দ পাচত থাকিলে, সংজ্ঞা শব্দৰ যষ্ঠীৰ অৰ গুচে, কিন্তু ব্যক্তিবোধক সৰ্ব্বনামৰ নুগুচে। যেনে, নিয়মৰ মতে, নিয়ম মতে। বিধিৰ মতে, বিধি মতে। কিন্তু মোৰ মতে, তোমাৰ মতে।

 ৬৯। অনুসাৰে শব্দ পাচত থাকিলে, আগৰ শব্দৰ ষষ্ঠীৰ অৰ গুচে। যেনে, বুদ্ধিৰ অনুসাৰে, বুদ্ধি অনুসাৰে; আৰ্হিৰ অনুসাৰে, আৰ্হি অনুসাৰে।

 ৭০। সম্বন্ধে বা সম্পৰ্কে শব্দ পাচত থাকিলে, সংজ্ঞা শব্দৰ যষ্ঠীৰ অৰ লোপ হয়, কিন্তু ব্যক্তিবোধক সৰ্ব্বনামৰ লোপ নহয়। যেনে, শিক্ষাৰ সম্বন্ধে বা সম্পৰ্কে, শিক্ষা সম্বন্ধে বা সম্পৰ্কে; কিন্তু তোমাৰ বা তাৰ সম্বন্ধে বা সম্পৰ্কে।

 ৭১। অনুসৰি, অবধি আৰু পৰ্য্যন্ত শব্দ পাচত থাকিলে, আগৰ শব্দৰ দ্বিতীয়াৰ অক লোপ হয়। যেনে, আৰ্হিক অনুসৰি, আৰ্হি অনুসৰি; কালিক অবধি, কালি অবধি; আজিক পৰ্য্যন্ত, আজি পৰ্য্যন্ত।

 ৭২। সৈতে শব্দ পাচত থাকিলে, আগৰ শব্দৰ তৃতীয়াৰ এৰে বিভক্তিৰ ৰে কেতিয়াবা গুচে। যেনে চিত্তেৰে সৈতে, চিত্তে সৈতে; হাতেৰে সৈতে, হাতে সৈতে। কিন্তু স্বৰান্ত শব্দৰ ৰে লুগুচে। যেনে, কাঠিৰে জুখিলে, ধেনুৰে কঁড়িয়ালে, পলোৰে মাছ মাৰে। [ ২৫২ ]  ৭৩। কেতিয়াবা সৈতে শব্দ লোপ হয়। যেনে, শ্ৰদ্ধাৰে সৈতে পঢ়িলেহে কথা মনত থাকে, শ্ৰদ্ধাৰে পঢ়িলেহে কথা মনত থাকে।

 ৭৪। কেতিয়াবা তৃতীয়াৰ এদি বিভক্তিৰ দি গুচে। যেনে, ই হাতে দি দিলে, সি হাতে দি নিলে; ই হাতে দিলে, সি হাতে নিলে।

 ৭৫। পতি (প্ৰতি) শব্দ পাচত থাকিলে, আগৰ শব্দত প্ৰথম৷ বিভক্তি হয়। যেনে, লৰাই পতি এটাকৈ পৰিছে, মুনিয়ে পতি মত ভিন।

 ৭৬। শুন্ ধাতুৰ ক্ৰিয়াৰ লগত মুখ শব্দৰ, আৰু পা ধাতুৰ ক্ৰিয়াৰ লগত হাত শব্দৰ সম্বন্ধ হলে, সিহঁতৰ পঞ্চমীৰ পৰ৷ বিভক্তি গুচি তাৰ ঠাইত এ হয়। যেনে, তাৰ মুখৰ পৰা শুনিলোঁ, তাৰ মুখে শুনিলোঁ; তাৰ হাতৰ পৰা পালোঁ, তাৰ হাতে পালোঁ।

 ৭৭। পাহৰ্‌ ধাতুৰ ক্ৰিয়াৰ কৰ্ম্ম পদত দ্বিতীয়াৰ অক বিভক্তিৰ ঠাইত কেতিয়াবা চতুৰ্থীৰ লৈ বিভক্তি হয়। যেনে, মোক পাহৰিলা বা মোলৈ পাহৰিল৷; তাক নাপাহৰিবা বা তালৈ নাপাহৰিবা।

 ৭৮। দুটাৰ অধিক পদ যোজক অব্যয়েৰে বা পৃথক বোধক অব্যয়েৰে লগ লগোৱা হলে অব্যয় শব্দটো সিহঁতৰ শেষৰটোৰ আগত মাথোন থাকে। যেনে, ৰাম আৰু কৃষ্ণ আৰু হৰিয়ে মোক এই কথা কৈছিল; ৰাম, কৃষ্ণ আৰু [ ২৫৩ ] হৰিয়ে মোক এই কথা কৈছিল। ৰাম আৰু কৃষ্ণ আৰু হৰিক মাতিবা; ৰাম, কৃষ্ণ, আৰু হৰিক মাতিবা; সেইদৰে, ৰাম আৰু কৃষ্ণ আৰু হৰি আৰু গোপালৰ পৰা মই কথাটো শুনিছোঁ; ৰাম, কৃষ্ণ, হৰি, আৰু গোপালৰ পৰা মই কথাটো শুনিছোঁ। ৰাম বা কৃষ্ণ বা হৰি, ৰাম, কৃষ্ণ, বা হৰি।

 ৭৯। দুটাৰ অধিক খণ্ড বাক্য যোজক অব্যয়েৰে লগ লগোৱা হলে, অব্যয় শব্দটো শেষৰ খণ্ড বাক্যটোৰ আগত মাথোন থাকে। যেনে, বায়েকে ভাত ৰান্ধিছিল আৰু ভনীয়েকে আলপৈচান ধৰিছিল আৰু মাকে দেখুৱাই দিছিল, বায়েকে ভাত ৰান্ধিছিল, ভনীয়েকে আলপৈচান ধৰিছিল, আৰু মাকে দেখুৱাই দিছিল।

 ৮০। কৃদন্ত ভাববাচ্যৰ পদ কোনো ক্ৰিয়াৰ কৰ্ত্তা হলে, সেই কৃদন্ত পদৰ যি কৰ্ত্তা, তাত ষষ্ঠী বিভক্তি হয়। যেনে, গোপালৰ খোৱা হল। ইয়াত, খোৱা খা ধাতুৰ ভাববাচ্যৰ কৃদন্ত পদ, সি ‘হল’ ক্ৰিয়াৰ কৰ্ত্তা হৈছে। খোৱা কৃদন্ত পদৰ কৰ্ত্তা হৈছে গোপাল, সেই দেখি গোপাল শব্দত ষষ্ঠী বিভক্তি হৈছে।

 ১৮৷ কৃদন্ত ভাববাচ্যৰ পদ আন কোনো পদৰ বিশেষণ হলে, কৃদন্ত পদৰ কৰ্ত্তাত প্ৰথমা বিভক্তিয়েই থাকে। যেনে, মই গোপালে লিখা চিঠিখন পাইছোঁ৷ ইয়াত, লিখা কৃদন্ত পদ চিঠিৰ বিশেষণ হৈছে, তাৰ যে কৰ্ত্তা গোপাল, তাৰ প্ৰথমা বিভক্তিয়েই আছে।

[ ২৫৪ ]  ৮২। কৃদন্ত ভাববাচ্যৰ পদ কোনো ক্ৰিয়াৰ কৰ্ম্ম হলে, তাৰ কৰ্ত্তাত দ্বিতীয়া বিভক্তি হয়। যেনে, ম‍ই গোপালক সেই বাটেৰে যোৱা দেখিছিলোঁ৷ ইয়াত, যোৱা কৃদন্ত পদ দেখিছিলোঁ ক্ৰিয়াৰ কৰ্ম্ম, তাৰ যে কৰ্ত্তা গোপাল, তাত দ্বিতীয়া বিভক্তি হৈছে।

 ৮৩। প্ৰয়োজন বুজুৱা লাগ ধাতুৰ সদায় দুটা কৰ্ম্ম পদ থাকে, যাক লাগে, আৰু যি বস্তু লাগে। যেনে, মোক এখন আসামৰ বিস্তৃত বুৰঞ্জী লাগে। ইয়াত, লাগে ক্ৰিয়াৰ দুটা কৰ্ম্ম পদ আছে, মোক আৰু বুৰঞ্জী।

 ৮৪৷ ইব প্ৰত্যয়ান্ত কৃদন্ত পদ কোনো সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা বা কৰ্ম্ম হয়। যেনে, তেওঁ সদায় এক আধ্যা গীতা পঢ়ে, আজি পঢ়িবলৈ নহল; আজি কালি বহুত লৰাই বোৱনি শিকিবলৈ ধৰিছে৷ ইয়াত, পঢ়িবলৈ আৰু শিকিবলৈ দুয়ো ইব প্ৰত্যয়ান্ত কৃদন্ত পদ, পঢ়িবলৈ নহল ক্ৰিয়াৰ কৰ্ত্তা হৈছে, আৰু শিকিবলৈ ধৰিছে ক্ৰিয়াৰ কৰ্ম্ম হৈছে।

কাল আৰু ক্ৰিয়াৰ সঙ্গতি।

 ৮৫। ক্ৰিয়া হোৱাত সন্দেহ থাকিলে, ভবিষ্যৎ কালৰ ঠাইত নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, যদি ঈশ্বৰে মোক তেতিয়ালৈ জীয়াই ৰাখে তেন্তে আকৌ তোমাৰে সৈতে দখা হব৷

 ৮৬। ক্ৰিয়া হোৱাত সন্দেহ থাকিলে, তাৰ আগত বা [ ২৫৫ ] পাচত অব্যয় শব্দ যদি ব্যৱহাৰ হয়। যেনে, যদি সি আহে, বা সি যদি আহে তেন্তে মই যাম।

 ৮৭। ক্ৰিয়া হোৱাত সন্দেহ থাকিলে, কেতিয়াবা ক্ৰিয়াৰ পাচত কৃৎ প্ৰত্যয় ইলে ব্যৱহাৰ হয়। যেনে, সি আহিলে মই যাম, অৰ্থাৎ যদি সি আহে মই যাম।

 ৮৮। কৃৎ প্ৰত্যয় ইলে, কেতিয়াবা ক্ৰিয়াৰ ভবিষ্যৎ সময় নিৰ্দ্দেশ কৰিবলৈকো ব্যৱহাৰ হয়। যেনে, সি আহিলে মই যাম, অৰ্থাৎ সি অহাটো স্থিৰ, কিন্তু সি আহি পালেহে মই যাম, আগেয়ে নেযাওঁ।

 ৮৯। যি ভবিষ্যৎ কালৰ ক্ৰিয়াৰ লগত যেতিয়া অব্যয় শব্দৰ সম্বন্ধ হয়, সেই ক্ৰিয়াও নিত্য বৰ্তমান কালত থাকে। যেনে, যেতিয়া সি আহে, বা সি যেতিয়া আহে, তেতিয়া কথাটো উলিৱা হব।

 ৯০। অভাৱ বা নিষেধ বুজুৱা ন থাকিলে, ভবিষ্যৎ কালৰ ঠাইত নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, মই আৰু ভবিষ্যতে তালৈ নাযাওঁ, এই শাস্তি খোৱাৰ পাচত সি আৰু এনে কাম নকৰে। কিন্তু অনুজ্ঞাত নিত্য বৰ্ত্তমান কাল নহয়, ভবিষ্যত কাল হয়৷ যেনে, তই আৰু ভবিষ্যতে তালৈ নাযাবি, সি আৰু ভবিষ্যতে তালৈ নাযায়।

 ৯১। অভ্যাস বা নিয়ম বুজালে, ভূত কালৰ সলনি নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, আগেয়ে এনে সময়ত তেওঁ পূজাত বহে।

[ ২৫৬ ]  ৯২। ক্ৰিয়া কৰা নিশ্চয় হলে ভবিষ্যৎ কালৰ সলনি নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, কমলা কালিলৈ কলিকতালৈ যায়।

 ৯৩। ভূত কালৰ কোনো ঘটনা বৰ্ণনা কৰিবলৈ হলে, তাত নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, বিদেশী জাতিৰ ভিতৰত ভাৰতলৈ আদিতে গ্ৰীক আহে, তাৰ পাচত ওলন্দাজ আহে, তাৰ পাচত স্পেনিয়াৰ্ড আহে, তাৰ পাচত মুছলমান আহে, তাৰ পাচত ফৰাচী আহে, সবশেহত ইংৰাজ আহে, আৰু এই সকলোবিলাক জাতিয়েই ভাৰতত বেহা বেপাৰ কৰি থাকিবলৈ একো ডুখৰি ঠাই যুগুত কৰি লয়।

 ৯৪। কৃতৰ ই প্ৰত্যয়ান্ত সিদ্ধা ক্ৰিয়াৰ পাচত সকলো কালৰ সাধ্যা ক্ৰিয়া থাকিব পাৰে। যেনে, সি খাই শোৱে, সি শুই ভাবিছিল, সি শুই উঠি যাব, মই খাই আহিছোঁ, সি খাই আহিলহেঁতেন।

 ৯৫। কৃতৰ ইলত প্ৰত্যয়ান্ত সিদ্ধা ক্ৰিয়াৰ পাচত কেৱল স্বৰূপ বৰ্ত্তমান, স্বৰূপ ভূত, আৰু অপূৰ্ণ ভূত কালৰ সাধ্যা ক্ৰিয়া মাথোন থাকে। যেনে, সি শুলত মই আহিছোঁ, মই আহিলত সি গল, তই গলত সি আহিছিল।

 ৯৬। কৃতৰ ইলে প্ৰত্যয়ান্ত সিদ্ধা ক্ৰিয়াৰ পাচত কেৱল নিত্য বৰ্ত্তমান, সাম্ভব্য ভূত, আৰু ভবিষ্যৎ কালৰ সাধ্যা ক্ৰিয়া মাথোন থাকে। যেনে, তেওঁ ওলাই গলে মই পঢ়োঁ; লৰাৰ হাই উৰুমি মৰিলে মই শুলোঁহেঁতেন; সি গলে মই যাম।

[ ২৫৭ ]  ৯৭। কোনো অতীত কালত হৈ যোৱা ক্ৰিয়াৰ ফল বৰ্ত্তমান সময়লৈকে থাকিলে, তাক প্ৰকাশ কৰিবলৈ স্বৰূপ- বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, মই জাপানী মাটিকঠাল খাইছো, সি কেনে মই জানো। ইয়াত, খোৱা ক্ৰিয়া কোনো অতীত কালত হৈছে, কিন্তু সেই মাটিকঠালৰ সোৱাদ, আকাৰ প্ৰকাৰ সকলো আজিলৈকে মোৰ মনত আছে, সেই দেখি স্বৰূপ বৰ্তমান কালৰ ক্ৰিয়া খাইছোঁ ব্যৱহাৰ হৈছে। শকুন্তলা নাট কালিদাসে লিখিছে। ইয়াতো, লিখা ক্ৰিয়া কোনো অতীত কালত হৈ গলেও, তাৰ ফল এতিয়ালৈকে আছে, সেই দেখি স্বৰূপ বৰ্তমান কালৰ ক্ৰিয়া লিখিছে ব্যৱহাৰ হৈছে।

 ১৮। কেতিয়াবা ইব প্ৰত্যয়ান্ত পদৰ পাচত লাগ্ ধাতুৰ ক্ৰিয়া যোগ দি স্বৰূপ বৰ্ত্তমান কাল প্ৰকাশ কৰা হয়। যেনে, সি পঢ়িব লাগিছে, অৰ্থাৎ পঢ়ি আছে।

 ৯৯। ইব প্ৰত্যয়ান্ত পদত লৈ যোগ দি, তাৰ পাচত লাগ্ ধাতুৰ ক্ৰিয়া ব্যৱহাৰ কৰিলে, ক্ৰিয়া আৰম্ভ কৰা বুজায়। যেনে, সি পঢ়িবলৈ লাগিছে।

 ১০০। সিদ্ধা ক্ৰিয়াৰ বাক্য শেষ নহয়। সেই দেখি সিদ্ধা ক্ৰিয়াৰ পাচত সদায় এটা সাধ্যা ক্ৰিয়া ব্যৱহাৰ হয়। যেনে, সি ভাত খাই শুলে। ইয়াত, খাই সিদ্ধা ক্ৰিয়া, শুলে সাধ্যা, শুলে ক্ৰিয়াৰ দ্বাৰা বাক্যটো শেষ কৰা হৈছে।

 ১০১। প্ৰশ্ন বাক্যত নে অব্যয়ৰ পাচত ভবিষ্যৎ কালৰ সলনি নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, তুমি আজি [ ২৫৮ ] যাবা নে নোযোৱা, সি আজি যাব নে নাযায়। এনেকুৱা প্ৰশ্নৰ উত্তৰতো নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, মই নাযাওঁ, সি নাযায়। কিন্তু যোৱা বিষয়ত উত্তৰ দিওঁতাৰ সন্দেহ থাকিলে, ভবিষ্যৎ কাল ব্যৱহাৰ হয় আৰু তাৰ পাচত হবলা শব্দ যোগ হয়। যেনে, মই নাযাম হবলা, সি নাযাব হবলা।


বিশেষ্য আৰু বিশেষণ পদৰ সঙ্গতি।

 ১০২। বিশেষণ পদ সদায় বিশেষ্যৰ আগত থাকে। যেনে, থুলন্তৰ পুৰুষ, বিতোপন ফুল, ৰূপহী ছোৱালী।

 ১০৩। বিশেষণ পদ বিশেষৰূপে দেখুৱাব লাগিলে, সি বিশেষ্য পদৰ পাচলৈ যায়। যেনে, বগলী বগা, কাউৰী কলা, জাপানী কঁটিয়া, পাবদ ধাতু জুলীয়া৷

 ১০৪। কেতিয়াবা কেইবাটাও পদ গোট খাই এটা বিশেষণ হয়। যেনে, হাতে কটা সূতাৰে ঘৰত বোৱা কাপোৰ। ইয়াত, হাতে কটা সূতাৰে ঘৰত বোৱা, এই গোটেই ফাঁকি কথা কাপোৰৰ বিশেষণ হৈছে।

 ১০৫। এটা বাক্যৰ ভিতৰত ভিন ভিন বিশেষ্যৰ ভিন ভিন বিশেষণ থাকিলে, সেই বিশেষ্যবিলাকৰ প্ৰত্যেকৰ আগত এটা, এজন, এগৰাকী আদি কথা থাকে। যেনে, কালি আমাৰ ঘৰলৈ এজন বৰ বিদ্যাৱন্ত আৰু এজন বৰ আঢ্যৱন্ত মানুহ আহিল। এই বাক্যটোত মানুহ দুজন বুলি [ ২৫৯ ] বুজা গৈছে। কিন্তু, কালি আমাৰ ঘৰলৈ এজন বৰ বিদ্যাৱন্ত আৰু বৰ আঢ্যৱন্ত মানুহ আহিছিল। এই বাক্যটোত এজন মানুহহে বুজা যায়। সেই জন মানুহেই বিদ্যাৱন্তও আৰু আঢ্যৱন্তও।

 ১০৬। যি ক্ৰিয়াবিশেষণে যি ক্ৰিয়াৰ গুণ দেখুৱায় সি সেই ক্ৰিয়াৰ আগত থাকে। যেনে, অথনি গৈছিল, এতিয়া আহিল। খৰকৈ লিখিবা কিন্তু লাহে লাহে পঢ়িবা।

সৰ্ব্বনাম সঙ্গতি।

 ১০৭। সংজ্ঞা শব্দৰ যি বচন আৰু লিঙ্গ, তাৰ সৰ্ব্ব নামৰো সেই বচন আৰু লিঙ্গ হয়। যেনে, ইংৰাজৰ সকলো তিৰুতাই লিখা পঢ়া জানে, সেই দেখি তাইহঁত আমাৰ তিৰুতাতকৈ বহুত কামত পাকৈত। মানুহটোৰ কাণ গধুৰ, সেই দেখি সৰুকৈ কথা কলে, সি নুশুনে।

 ১০৮। এটা সম্পূৰ্ণ বাক্য বা খণ্ড বাক্যৰ সলনি ব্যক্তিবোধক সৰ্ব্বনাম ব্যৱহাৰ হয়। যেনে, তেওঁ বাটৰ সন্ন্যাসী বৰাগী ঘৰলৈ মাতি আনি সিধা দি পোহে, ইয়াৰ পৰা বুজা যায় যে, তেওঁৰ অন্তৰতো অলপ বৈৰাগ্যৰ ভাব উপজিছে। ইয়াত, ইয়াৰ সৰ্ব্বনামটো আগৰ গোটেই ফাঁকি কথাৰ সলনি ব্যৱহাৰ হৈছে।

 ১০৯।. অন্য, আন, এই, সেই, যি, কি, ইমান, সিমান, যিমান, কিমান, কিছুমান আৰু কিঞ্চিৎমান বিশেষণ [ ২৬০ ] সৰ্ব্বনামৰ পাচত সংজ্ঞা শব্দ কেতিয়াবা নাথাকে, বিভক্তি সেই সৰ্ব্বনামবিলাকত যোগ হয়। যেনে, অন্যে কলেও, এনে কথা তুমি কোৱা অযুগুত; আনৰ কথাৰে চলিব নোৱাৰি৷ সেইদৰে, যি দিলা, অৰ্থাৎ যি বস্তু দিলা; যি কৈছে, অৰ্থাৎ যি কথা কৈছে; কিমানেদি কিনিলা, অৰ্থাৎ কিমান ধনেদি কিনিলা? ইত্যাদি।

 ১১০। ভালেমান, ভালেখিনি, অলপমান আদি বিশেষণৰ পাচতো কেতিয়াবা সংজ্ঞা শব্দ উহ্য থাকে। যেনে, তুমি ভালেমান নিলা, মোলৈ অলপমানহে ৰল, অৰ্থাৎ ভালেমান বস্তু; ভালেখিনি গৈছে, লগ ধৰা টান, অৰ্থাৎ ভালেখিনি বাট গৈছে।

 ১১১। যি সৰ্ব্বনামৰ যেই সেই ৰূপ সদায় সি সৰ্ব্বনামৰ কোনো এটা ৰূপৰ আগত বহে। যেনে, যি পঢ়ে সি জনা হয়; যাক দিছা তাক খোজাঁ; যাৰ লগত যাবা তাক আগে কৈ থোৱাঁ।

 ১১২। যি সৰ্ব্বনাম সংজ্ঞা শব্দৰ সলনি ব্যৱহাৰ হলে, সি প্ৰায় সংজ্ঞা শব্দৰ পাচলৈ যায়। যেনে, আসামত এনে কোন মানুহ আছে, যি ৰাইজৰ উপকাৰৰ অৰ্থে নিজৰ সৰ্ব্বস্ব দিব পাৰে?

 ১১৩। কেতিয়াবা সৰ্ব্বনামৰ সলনি ব্যৱহাৰ হলেও, যি তাৰ পাচলৈ যায়। যেনে, এনে কোন আছে, যি মৰণক ভয় কৰে?

[ ২৬১ ]

পদ আৰু নানাবিধ শব্দৰ সঙ্গতি।

 ১১৪। নিশ্চয় অৰ্থত বিশেষ্য পদ সৰ্ব্বনাম আৰু ক্ৰিয়াৰ পাচত চোন শব্দ ব্যৱহাৰ হয়। যেনে, ৰাম চোন সভালৈ গৈছিল, মই চোন তোমাক আজি এমাহমান দেখা নাই, ছাগলী পোৱালিটো মৰিলেই চোন।

 ১১৫। নিশ্চয়তাৰ লগত আচৰিতৰ ভাব থাকিলে চোন শব্দৰ পাচত বা বাক্যৰ শেষত একা শব্দৰ ব্যৱহাৰ হয়। যেনে, তই চোন একা হিতকান্তৰ ঘৰলৈ গৈছিলি বা তই চোন হিতকান্তৰ ঘৰলৈ গৈছিলি একা।

 ১১৬। নিশ্চয়তাৰ লগত ভয় দেখুৱাৰ ভাব থাকিলে, বাক্যৰ শেষত একা ব্যৱহাৰ হয়। যেনে, তোক আকৌ এনে কাম কৰা দেখিলে, মই শুদাই নেৰিম একা।

 ১১৭। সেই ক্ৰিয়া মাথোন সম্প্ৰতি কৰে, এই ভাবত নিত্য বৰ্ত্তমান আৰু ভবিষ্যৎ কালৰ ক্ৰিয়াত চোন যোগ দিয়া হয়। যেনে, মই যাওঁচোন, তুমি আহিবাচোন।

 ১১৮। ক্ৰিয়াত চোন যোগ হলে, বাক্যৰ শেষত কেতিয়াবা বাৰু শব্দ ব্যৱহাৰ হয়। যেনে, মই যাওঁচোন বাৰু, তুমি আহিবাচোন বাৰু।

 ১১৯। ক্ৰিয়া বিশেষণ ন্ সদায় ক্ৰিয়াৰ আগত থাকে, আৰু সেই ক্ৰিয়াৰ আদিত যি স্বৰ থাকে, নতো সেই স্বৰ [ ২৬২ ] হয়। যেনে, গল নগল, যায় নাযায়, দিয়ে নিদিয়ে, ধোৱে নোধোৱে, উঠে নুঠে।

 ১২০৷ ক্ৰিয়াৰ আদিত ঐ-কাৰ থাকিলে, নত অ-কাৰ মাথোন যোগ হয়। যেনে, হৈছিল নহৈছিল, গৈছিল নগৈছিল।

 ১২১। পাৰ্ ক্ৰিয়াৰ আগত ন্ থাকিলে, তাত ও-কাৰ যোগ হয় আৰু ক্ৰিয়াৰ পা মৰি ৱা হয়। যেনে, পাৰ নোৱাৰ, পাৰে নোৱাৰে, পাৰোঁ নোৱাৰোঁ।

 ১২২। অনুকাৰ শব্দৰ পৰা হোৱা ধাতুৰ ক্ৰিয়াত ক্ৰিয়া বিশেষণ ন্ যোগ হলে, সি অনুকাৰ শব্দ দুটাৰ মাজত থাকে। আৰু শেষ শব্দটোৰ আদিত যি স্বৰ থাকে নতো সেই স্বৰ হয়। যেনে, গছডাল ভাগি পৰোঁতে মৰ্ নমৰালে, পেটে খল্‌নখলায়, ঘৰিয়ে টংনটঙায়। সেই দৰে, কোৰ্‌নোকোৰায়, গুম্‌নুগুমায়। কিন্তু দ্বিতীয় অনুকাৰ শব্দটোৰ আদিত ঔ-কাৰ থাকিলে নত অ-কাৰ মাথোন যোগ হয়। যেনে, পানীয়ে চৌনচৌৱায়।

 ১২৩। ক্ৰিয়াৰ আদিত অকলশৰীয়া স্বৰ থাকিলে, ন্ সেই স্বৰৰ লগ লাগে। যেনে, ন+আহিল = নাহিল, ন+ এৰে = নেৰে।

 ১২৪। ক্ৰিয়াৰ আদি ব্যঞ্জনত আকাৰ যোগ থাকিলে, নত হোৱা আ-কাৰ এ-কাৰ হয়, নহৈও থাকে। যেনে, নাপায় নেপায়, নাযায় নেযায়, নাখায় নেখায়, নাজানো নেজানো, ইত্যাদি। [ ২৬৩ ]  ১২৫। ওপৰত দিয়া নিয়মটো, অৰ্থাৎ নাজানো কথাৰ ঠাইত নেজানো হোৱা নিয়ম, প্ৰাকৃত ভাষাৰ পৰা অহা। অসমীয়া ভাষা উত্তৰ ভাৰতৰ আন আন ভাষাৰ নিচিনা আদিতে প্ৰাকৃতৰ পৰা ওলোৱা ভাষা। গতিকে তাৰ ভিতৰত অনেক প্ৰাকৃতৰ শব্দ, আৰু নিয়ম প্ৰণালী চলিত আছে। প্ৰাকৃত ভাষাৰ নিয়ম অনুসাৰেই ৰাজাৰ সলনি ৰজা, তাৰাৰ সলনি তৰা, মালাৰ সলনি মলা, বিধাতাৰ সলনি বিধতা অসমীয়াত ব্যৱহাৰ হয়।

 ১২৬। সম্প্ৰতি ক্ৰিয়া হোৱা নাই অলপতে হব, এই ভাবত ক্ৰিয়া বিশেষণ নৌ নিত্য বৰ্ত্তমান কালৰ ক্ৰিয়াৰ আগত ব্যৱহাৰ হয়। যেনে, সি নৌযায়, অৰ্থাৎ সি এতিয়াও যোৱা নাই, কিন্তু সোনকালে যাব। সেইদৰে, নৌখায়, নৌদিয়ে, নৌশোৱে, ইত্যাদি।

 ১২৭। ক্ৰিয়াত নৌ যোগ হলে, বাক্যত প্ৰায় এটা এথোন শব্দ ব্যৱহাৰ হয়। যেনে, সি নৌযায় এথোন, বা সি এথোন নৌযায়।

 ১২৮৷ প্ৰশ্নাৰ্থত ব্যৱহাৰ হলে, নৌ ক্ৰিয়াৰ পাচলৈ যায়, আৰু তাৰ আগত এটা নে অব্যয় শব্দ থাকে। যেনে, সি ভাত খালে নে নৌ? সিগল নে নৌ? প্ৰশ্নত নৌ কেৱল স্বৰূপ বৰ্ত্তমান, স্বৰূপভূত, আৰু ভবিষ্যৎ কালৰ ক্ৰিয়াৰ পাচতহে বহে।

 ১২৯৷ প্ৰশ্নাৰ্থত সাম্ভব্যভূত কালৰ বাজে আন সকলো [ ২৬৪ ] কালৰ ক্ৰিয়াৰ পাচত এটা নে অব্যয় শব্দ ব্যৱহাৰ হয়। যেনে, সি যায় নে? সি গৈছে নে? সি গৈছিল নে, সি যাব নে? ইত্যাদি৷

 ১৩০। ক্ৰিয়া নহয় বুলি প্রশ্ন কৰোঁতাৰ বিশ্বাস থাকিলে, প্রশ্ন বাক্যৰ কৰ্ত্তাৰ পাচত এটা নো অব্যয় শব্দ ব্যৱহাৰ হয়। যেনে, সি নো এই কাম কৰিব নে ? এই প্রশ্নত সোধোঁতাৰ বিশ্বাস যে সি এই কাম নকৰে।

 ১৩১ ৷ কৃতৰ ইব প্রত্যয়ান্ত পদ ক্ৰিয়াৰ কৰ্ত্তা বা কৰ্ম্ম হব পাৰে, কিন্তু তেতিয়া তাৰ পাচত এটা লৈ যোগ হয়। যেনে, আচল কথা কবলৈ হলে ৷ ইয়াত, হলে ক্ৰিয়াৰ কৰ্ত্তা কবলৈ ৷ সি পঢ়িবলৈ এৰিছে ৷ ইয়াত, এৰিছে ক্ৰিয়াৰ কৰ্ম্ম পঢ়িবলৈ ৷ সেই দেখি কব আৰু পঢ়িব কৃদত্ত পদত লৈ যোগ হৈছে।

 ১৩২ ৷ সক্ষম বুজুৱা ক্ৰিয়া পাব, নিষেধ নাই বুজুৱা ক্ৰিয়া পা, অনুমতি বুজুৱা ক্ৰিয়া দি, উচিত বুজুৱা ক্ৰিয়া লাগ, আৰু খোজ, জান, এই কেইটা ক্ৰিয়া পাচত থাকিলে ইব প্রত্যয়ান্ত পদৰ লৈ গুচে। যেনে, সি লিখিব পাৰে, গ্ৰহণত ৰাতি শ্ৰাদ্ধ কৰিব পায়, লৰাটোক কাপোৰ পিন্ধিব দিয়া, লৰাই পুৱাতে উঠি পঢ়িব লাগে, মই এইখন পাটীত শুব খোঁজো, সি চিত্ৰ আঁকিব জানে । সম্ভব বুজুৱা পা ক্ৰিয়া পাচত থাকিলেও কৃদন্ত পদৰ লৈ গুচে । যেনে, সি এতিয়া গৈ তিনচুকীয়া পাব পায়।

 ১৩৩। দুই গৰাকীৰ বস্তু ৰিজালে, আগৰ গৰাকীৰ [ ২৬৫ ] বস্তুৰ নাম নাথাকে, গৰাকীৰ নামতেই ৰিজনিৰ কৈ যোগ হয়। যেনে, মোতকৈ তোমাৰ আখৰ ভাল, হৰিতকৈ গোলাপৰ ঘৰ দূৰৈ।

 ১৩৪। ৰিজোৱা বস্তু দুটা জনা থাকিলে, কেতিয়াবা সিহঁতৰ উল্লেখ নহয়েই, কেৱল গৰাকীৰ নাম মাথোন উল্লেখ হয়। যেনে, মোতকৈ তোমাৰ ভাল, হবিতকৈ গোপালৰ দূৰৈ। কেতিয়াবা নামত তদ্ধিতৰ টো যোগ হয়। যেনে, হৰিৰটোতকৈ গোপালৰটো দূৰৈ।

 ১৩৫। মাত্ৰ শব্দ বিশেষণ আৰু ক্ৰিয়া বিশেষণ, দুয়ো ৰূপে ব্যৱহাৰ হয়। বিশেষণৰূপে ব্যৱহাৰ হলে, যাৰ বিশেষণ তাৰ এটাইবিলাকক বুজায়, আৰু বিশেষ্য পদৰ পাচত থাকে। মাত্ৰ বিশেষণ পাচত থকা পদ অকৰ্ম্মক ক্ৰিয়াৰ কৰ্ত্তা হলেও, তাৰ বিভক্তি নুগুচে। যেনে, কণী পৰা জন্তু মাত্ৰে, আহাৰ গিলি খায়। উদ্ভিদকে আদি কৰি প্ৰাণী মাত্ৰে শোৱে।

 ১৩৬। মাত্ৰ ক্ৰিয়া বিশেষণৰূপে ব্যৱহাৰ হলে, তাৰ অৰ্থ মাথোন হয়। যেনে, প্ৰাণীৰ ভিতৰত উদ্ভিদে মাত্ৰ লৰিচৰি ফুৰিব নোৱাৰে, এই গাঁৱত গোপালৰ ঘৰত মাত্ৰ দশম পুথি আছে।

 ১৩৭৷ একেটা বাক্যত নহয় বা নাই বুজুৱা ন্‌ দুটা থাকিলে, তাৰ অৰ্থ বিপৰীত হয়। যেনে, সি ব্যাকৰণ নজনা নহয়, অৰ্থাৎ জানে; মই নগৈ নাথাকোঁ, অৰ্থাৎ যাম।

[ ২৬৬ ]  ১৩৮। কেতিয়াবা হয় বুজাবলৈ ন ব্যৱহাৰ হয়। যেনে, সি যিকি নহওক, অৰ্থাৎ যিকি হওক; সি যলৈকি নেযাওক, অৰ্থাৎ যলৈকি যাওক, মই যিকি নকৰোঁ, তুমি জগৰ ধৰিবৰ কোন? অৰ্থাৎ মই যিকি কৰোঁ, তুমি জগৰ ধৰিবৰ কোন।

অব্যয় আৰু আন শব্দৰ সঙ্গতি।

 ১৩৯। যদি অব্যয় শব্দ বাক্যত থাকিলে, বাক্য দুখণ্ড হয়। যদি অব্যয় প্ৰথম খণ্ডত কৰ্ত্তাৰ আগত বা পাচত থাকে, আৰু শেষ খণ্ডৰ আদিত তেন্তে বা তেনেহলে অব্যয় শব্দ ব্যৱহাৰ হয়। যেনে, যদি সি আহে বা সি যদি আহে, তেন্তে বা তেনেহলে মই যাম।

 ১৪০। যদিও বা যদিবাও অব্যয় শব্দ বাক্যত থাকিলে, বাক্য দুখণ্ড হয়। যদিও বা যদিবাও প্ৰথম খণ্ডত কৰ্ত্তাৰ আগত বা পাচত থাকে, আৰু শেষ খণ্ডৰ আদিত তেও অব্যয় শব্দ ব্যৱহাৰ হয়। যেনে, যদিও সি আহে, বা সি যদিও আহে, তেও মই নাযাওঁ; যদিবাও সি আহে, বা সি যদিবাও আহে, তেওঁ মই নাযাওঁ। তেও কথাৰ সলনি সেই ঠাইত তদপি বা তত্ৰাচ ব্যৱহাৰ কৰা যায়।

 ১৪১। ওপৰত কোৱাৰ দৰে, বাক্যৰ প্ৰথম ভাগত যেনে অব্যয় শব্দ থাকিলে, দ্বিতীয় ভাগত তেনে ব্যৱহাৰ হয়। যেনে, যেনে কুকুৰ তেনে টাঙ্গন।

[ ২৬৭ ]  ১৪২। বাক্যৰ প্ৰথম ভাগত যেতিয়া শব্দ থাকিলে, দ্বিতীয় ভাগত তেতিয়া ব্যৱহাৰ হয়। যেনে, যেতিয়া সি আহে তেতিয়৷ মোক খবৰ দিবি।

 ১৪৩। বাক্যৰ প্ৰথম ভাগত যিমান শব্দ থাকিলে, দ্বিতীয় ভাগত সিমান বা তিমান ব্যৱহাৰ হয়। যেনে, যাৰ যিমান পাপ, তাৰ সিমান শাস্তি।

বচন সঙ্গতি।

 ১৪৪। বিশেষণ পদ দুবাৰ উক্ত হলে, তাৰ বিশেষ্য পদ বহুবচনৰ হয়। সৰু সৰু লৰাবিলাক, ছুটি ছুটি শব্দবোৰ।

 ১৪৫। সৰহ বুজাবলৈ বিশেষণ পদ দুবাৰ উক্ত হলেও, কেতিয়াবা বিশেষ্য পদত বহুবচনৰ চিন যোগ নহয়, কিন্তু সি বহুবচনৰ ভাব বুজায়, আৰু তাৰ সলনি ব্যৱহাৰ হোৱা সৰ্ব্বনাম বহুবচনৰ হয়। যেনে, বৰ বৰ লোকৰ বৰ বৰ ভাগ, সৰুৱে তেওঁবিলাকৰ সমান কেনেকৈ পাব?

 ১৪৬৷ সংখ্যাবাচক শব্দ আগত থাকিলে, সংজ্ঞা শব্দত বহুবচনৰ চিন যোগ নহয়। যেনে, দহোটা মানুহ, পাঁচোটা লৰা।

 ১৪৭৷ জাতি বা সমূহ বুজালে, একবচনৰ পদেই বহুবচনৰ ভাব বুজায়, আৰু তাৰ সলনি ব্যৱহাৰ হোৱা সৰ্ববনাম বহুবচনৰ হয়। যেনে, বাঘে কেতিয়াও পোহ নলয়, এতেকে সিহঁতক পুহিবলৈ চেষ্টা কৰা বৃথা।

[ ২৬৮ ]  ১৪৮৷ সম্ভ্ৰমাৰ্থত তৃতীয় পুৰুষৰ পদ প্ৰায় বহুবচনৰ হয়। যেনে, (এজন লোকক সম্বোধন কৰিলেও) দেউতাসকলৰ আদেশ কোনে আওহেলা কৰিব পাৰে?

 ১৪৯। নম্ৰতা বুজাবলৈ প্ৰথম পুৰুষৰ সৰ্ব্বনাম সদায় বহুবচনৰ হয়। যেনে, এই স্কুলখন আমিয়েই পাতি দিছোঁ, এই বিষয়ত আমাৰ এই মত।

 ১৫০। বহুত পৰিমাণ বুজালে, সংখ্যা নথকা বস্তুৰ নামতো বহুবচনৰ চিন যোগ হয়। যেনে, পানীবোৰ, তেলবোৰ।

 ১৫১। সমাহাৰ দ্বন্দ্ব সমাসৰ দ্বাৰা গোটখোৱা দুই বা অধিক শব্দৰ সলনি ব্যৱহাৰ হোৱা সৰ্ববনাম একবচনৰ হয়। যেনে, গৰু মহে ভাত আৰ্জে, তাক নহলে মানুহ তৰে কেনেকৈ? বিশেষ্যপদ উৰি আপ্ৰাণি, আৰু বিশেষণ আমা-ডিমা কেৱল বহুবচনত মাথোন ব্যৱহাৰ হয়। যেনে, আমাক উৰি আপ্ৰাণিক পুতৌ কৰোঁতা কোন আছে? এজাক আমা-ডিমা লৰা ছোৱালী থৈ মাকজনী মৰিল।