পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৬
বহল ব্যাকৰণ।


উৎপন্ন পদ বিশেষণ হয়। যেনে,—কৰ্-কৰা, ল-লোৱা, খা—খোৱা, দি—দিয়া, ধো—ধোৱা, মৰ্—মৰা, জী—জীয়া।

ই।

 ৮২। কোনো কোনে৷ ধাতুৰ কৰ্তৃবাচ্যত ই প্ৰত্যয় হয়। উৎপন্ন পদ বিশেষণ হয়। যেনে, মৰ্ + ই= মৰি, মৰিকলং, মৰিদিখৌ, মৰিশালি, মৰিলুইত। উঠ+ই=উঠি, উঠিৰজা। সেই দৰে, বহিৰজা, বহিফুকন। বাঢ়্-বাঢ়ি।

 ৮৩। পাৰ্ ধাতুত ভাববাচ্যত ই প্ৰত্যয় হয়। যেনে, পাৰ—পাৰি (নৈত পাৰি দিয়া)।

অন।

 ৮৪। ভাববাচ্যত সকলে৷ ধাতুত অন প্ৰত্যয় হয়। উৎপন্ন পদ বিশেষ্য হয়। যেনে, খা-খাৱন, শো-শোৱন, ফুৰ —ফুৰণ, চল্‌—চলন, ধৰ্ – ধৰণ, পিন্ধ — পিন্ধন, জীৱ— জীৱন, মৰ্ —মৰণ, পি—পিয়ন, ৰান্ধ—ৰান্ধন, বাঢ়্—বাঢ়ন, ভৰ্ —ভৰণ, ভাগ —ভগন।

 ৮৫। কোনো কোনো ধাতুত কৰ্তৃবাচ্যত অন প্ৰত্যয় হয়। যেনে, গজ—গজন = গজন জীৱ, উদ্ভিদ্, উৰ—উৰণ = উৰণ জীৱ, পক্ষী, বুৰ্—বুৰণ = বুৰণ জীৱ, মাছ আদি। সেইদৰে, বা—বায়ন ( অনিয়মিত ৰূপে নিপাতনত সিদ্ধ। )। লাগ্—লাগন।
 কাট্ আদি ধাতুত কৰ্ম্মবাচ্যত অন প্ৰত্যয় হয়। যেনে, কাট্‌—কাটন।