পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩২
বহল ব্যাকৰণ।
ধাতু প্ৰত্যয় সিদ্ধ পদ
চাৰ্ চাৰ (বিশেষ্য) যেনে, গাইজনীয়ে আজি চাৰ পোৱা নাই।
বোল্ বোল (বিশেষ্য) যেনে, মাত বোল নাই, বোল বচন নুশুনে।

ইব।

 ১০৭। সকলো ধাতুত ভাববাচ্যত ইব প্ৰত্যয় হয়। সিদ্ধ পদ সংজ্ঞা শব্দৰ নিচিনা হয়, আৰু তাত চতুৰ্থী, পঞ্চমী আৰু ষষ্ঠীৰ এক বচনৰ বিভক্তি যোগ হব পাৰে। যেনে, কৰ্+ইব=কৰিব। চতুৰ্থীৰ ১ ব কৰিবলৈ, পঞ্চমীৰ ১ ব কৰিবৰপৰা, ষষ্ঠীৰ ১ ব কৰিবৰ। সেইদৰে, যা+ইব=যাব। চতুৰ্থীত যাবলৈ, পঞ্চমীত যাবৰপৰা, ষষ্ঠীত যাবৰ।

অন্ত, অন্তা।

 ১০৮। জী, জ্বল্, চল্ আদি ধাতুত, বৰ্ত্তমান কালত, কৰ্ত্তৃবাচ্যত, অন্ত প্ৰত্যয় হয়। যেনে, জী—জীৱন্ত, জ্বল্—জ্বলন্ত, চল্‌—চলন্ত স্ত্ৰী চলন্তা।

 ১০৯। মৰ্ আৰু নি আদি ধাতুত অন্তা প্ৰত্যয় হয়। যেনে, মৰ্—মৰন্তা, নি—নিয়ন্তা।

সিদ্ধা ক্ৰিয়া।

 ১১০। ভাববাচ্যত ধাতুত ই প্ৰত্যয় যোগ কৰিলে যি ৰূপ হয়, তাক ধাতুৰ সিদ্ধা ৰূপ বোলে। সিদ্ধা ক্ৰিয়াৰ কাল পুৰুষ বা বচন নাই।

 ১১১। যা ধাতুত ই প্ৰত্যয় কৰিলে, সি গ্ হয়, আৰু