পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
বহল ব্যাকৰণ।

 ৯৩। ৰো ধাতুৰ পাচত অধিকৰণবাচ্যত অতী প্ৰত্যয় হয়। যেনে, ৰো—ৰোৱতী (মাটি)।

তাৰী।

 ৯৪। দি ধাতুত নিয়োজন অৰ্থত, কৰ্তৃবাচ্যত অৰি প্ৰত্যয় হয়। অৰি প্ৰত্যয় হলে, দি দে হয়। যেনে, দি + অৰী = দেৱৰী বা দেউৰী।

অৰীয়া, ঐয়া, ঐচ।

 ৯৫। খা ধাতুত অতিশয় অৰ্থত কৰ্ত্তৃবাচ্যত অৰীয়া, ঐয়া বা ঐচ প্ৰত্যয় হয়। যেনে, খা — খাৱৰীয়া বা খাউৰীয়া, খাৱৈয়া বা খাৱৈচ।

আৰু।

 ৯৬। কোনো কোনো ধাতুত, পাৰ্গত অৰ্থত কৰ্ত্তৃবাচ্যত আৰু প্ৰত্যয় হয়। যেনে, লিখ—লিখাৰু, শিক্‌—শিকাৰু, যুজ্‌—যুজাৰু।

উৰা।

 ৯৭। কান্দ, কাহ আদি ধাতুত অতিশয় অৰ্থত কৰ্ত্তৃবাচ্যত উৰা প্ৰত্যয় হয়। যেনে, কান্দ—কান্দুৰা স্ত্ৰী কান্দুৰী, কাহ্‌—কাহুৰা স্ত্ৰী কাহুৰী, হাগ—হাগুৰা স্ত্ৰী হাগুৰী, মুত্—মুতুৰা স্ত্ৰী মুতুৰী।

অল।

 ৯৮। ডাক্ ধাতুত কৰ্ত্তৃবাচ্যত অল প্ৰত্যয় হয়।