পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪২
বহল ব্যাকৰণ।

 ২৬। সেইদৰে, আন আন ক্ৰিয়াৰ পুৰুষো ঘাই কৰ্ত্তাৰ লগত মিলে। যেনে, মই অধমে নিবেদন কৰোঁ, সি অজামিলে কৰিব নোৱাৰে কি? তই খটাসুৰে ভাল কথা শুনিবি নে?

 ২৭। পাৰি, নোৱাৰি, দেখি, নেদেখি আদি ক্ৰিয়াৰ আৰু আৱশ্যক বুজোৱা লাগে আদি ক্ৰিয়াৰ কৰ্ত্তা নাথাকে। যেনে, নাখাই ২১ দিনলৈকে জীয়াই থাকিব পাৰি, শীতৰ নিমিত্তে গৌৰীশৃঙ্গলৈ যাব নোৱাৰি, বতাহ চকুৰে নেদেখি, আন্ধাৰ ঠাইৰ পৰা চালে দিনতো তৰা দেখি, তাক ধন নালাগে বিদ্যাহে লাগে। ইয়াত পাৰি, নোৱাৰি, নেদেখি, দেখি আৰু লাগে ক্ৰিয়াৰ কৰ্ত্তা নাই।

 ২৮। ক্ৰিয়া অকৰ্ম্মক হলে, কৰ্ত্তাৰ বিভক্তি নাথাকে। যেনে, প্ৰাণী হলেই মৰে, গুটি হলেই গজে। এই নিয়ম আৰু এই সম্বন্ধে আনবিলাক নিয়মে৷ যোন সৰ্বনামত খাটে। যেনে, যোনে ভাত ৰান্ধে বা পুথি পঢ়ে, কিন্তু যোন জীয়ে, যোন মৰে।

 ২৯। এটা বাক্যত সকৰ্ম্মক আৰু অকৰ্ম্মক দুয়ো বিধৰ ক্ৰিয়া থাকিলে, কৰ্ত্তাৰ বিভক্তি প্ৰথমত থকা ক্ৰিয়াৰ অনুযায়ী হয়, অৰ্থাৎ প্ৰথম ক্ৰিয়া অকৰ্ম্মক হলে, কৰ্ত্তাৰ বিভক্তি গুচে, সকৰ্ম্মক হলে, নুগুচে। যেনে, গোপালে খায় আৰু শোৱে, তাৰ জান কাম নাই; গোপাল শোৱে আৰু খায়, তাৰ আন কাম নাই।