পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৪
বহল ব্যাকৰণ।

কালৰ ক্ৰিয়াৰ পাচত এটা নে অব্যয় শব্দ ব্যৱহাৰ হয়। যেনে, সি যায় নে? সি গৈছে নে? সি গৈছিল নে, সি যাব নে? ইত্যাদি৷

 ১৩০। ক্ৰিয়া নহয় বুলি প্রশ্ন কৰোঁতাৰ বিশ্বাস থাকিলে, প্রশ্ন বাক্যৰ কৰ্ত্তাৰ পাচত এটা নো অব্যয় শব্দ ব্যৱহাৰ হয়। যেনে, সি নো এই কাম কৰিব নে ? এই প্রশ্নত সোধোঁতাৰ বিশ্বাস যে সি এই কাম নকৰে।

 ১৩১ ৷ কৃতৰ ইব প্রত্যয়ান্ত পদ ক্ৰিয়াৰ কৰ্ত্তা বা কৰ্ম্ম হব পাৰে, কিন্তু তেতিয়া তাৰ পাচত এটা লৈ যোগ হয়। যেনে, আচল কথা কবলৈ হলে ৷ ইয়াত, হলে ক্ৰিয়াৰ কৰ্ত্তা কবলৈ ৷ সি পঢ়িবলৈ এৰিছে ৷ ইয়াত, এৰিছে ক্ৰিয়াৰ কৰ্ম্ম পঢ়িবলৈ ৷ সেই দেখি কব আৰু পঢ়িব কৃদত্ত পদত লৈ যোগ হৈছে।

 ১৩২ ৷ সক্ষম বুজুৱা ক্ৰিয়া পাব, নিষেধ নাই বুজুৱা ক্ৰিয়া পা, অনুমতি বুজুৱা ক্ৰিয়া দি, উচিত বুজুৱা ক্ৰিয়া লাগ, আৰু খোজ, জান, এই কেইটা ক্ৰিয়া পাচত থাকিলে ইব প্রত্যয়ান্ত পদৰ লৈ গুচে। যেনে, সি লিখিব পাৰে, গ্ৰহণত ৰাতি শ্ৰাদ্ধ কৰিব পায়, লৰাটোক কাপোৰ পিন্ধিব দিয়া, লৰাই পুৱাতে উঠি পঢ়িব লাগে, মই এইখন পাটীত শুব খোঁজো, সি চিত্ৰ আঁকিব জানে । সম্ভব বুজুৱা পা ক্ৰিয়া পাচত থাকিলেও কৃদন্ত পদৰ লৈ গুচে । যেনে, সি এতিয়া গৈ তিনচুকীয়া পাব পায়।

 ১৩৩। দুই গৰাকীৰ বস্তু ৰিজালে, আগৰ গৰাকীৰ