পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৪
বহল ব্যাকৰণ।

 ৮২। কৃদন্ত ভাববাচ্যৰ পদ কোনো ক্ৰিয়াৰ কৰ্ম্ম হলে, তাৰ কৰ্ত্তাত দ্বিতীয়া বিভক্তি হয়। যেনে, ম‍ই গোপালক সেই বাটেৰে যোৱা দেখিছিলোঁ৷ ইয়াত, যোৱা কৃদন্ত পদ দেখিছিলোঁ ক্ৰিয়াৰ কৰ্ম্ম, তাৰ যে কৰ্ত্তা গোপাল, তাত দ্বিতীয়া বিভক্তি হৈছে।

 ৮৩। প্ৰয়োজন বুজুৱা লাগ ধাতুৰ সদায় দুটা কৰ্ম্ম পদ থাকে, যাক লাগে, আৰু যি বস্তু লাগে। যেনে, মোক এখন আসামৰ বিস্তৃত বুৰঞ্জী লাগে। ইয়াত, লাগে ক্ৰিয়াৰ দুটা কৰ্ম্ম পদ আছে, মোক আৰু বুৰঞ্জী।

 ৮৪৷ ইব প্ৰত্যয়ান্ত কৃদন্ত পদ কোনো সাধ্যা ক্ৰিয়াৰ কৰ্ত্তা বা কৰ্ম্ম হয়। যেনে, তেওঁ সদায় এক আধ্যা গীতা পঢ়ে, আজি পঢ়িবলৈ নহল; আজি কালি বহুত লৰাই বোৱনি শিকিবলৈ ধৰিছে৷ ইয়াত, পঢ়িবলৈ আৰু শিকিবলৈ দুয়ো ইব প্ৰত্যয়ান্ত কৃদন্ত পদ, পঢ়িবলৈ নহল ক্ৰিয়াৰ কৰ্ত্তা হৈছে, আৰু শিকিবলৈ ধৰিছে ক্ৰিয়াৰ কৰ্ম্ম হৈছে।

কাল আৰু ক্ৰিয়াৰ সঙ্গতি।

 ৮৫। ক্ৰিয়া হোৱাত সন্দেহ থাকিলে, ভবিষ্যৎ কালৰ ঠাইত নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, যদি ঈশ্বৰে মোক তেতিয়ালৈ জীয়াই ৰাখে তেন্তে আকৌ তোমাৰে সৈতে দখা হব৷

 ৮৬। ক্ৰিয়া হোৱাত সন্দেহ থাকিলে, তাৰ আগত বা