পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫২
বহল ব্যাকৰণ।

 ৭৩। কেতিয়াবা সৈতে শব্দ লোপ হয়। যেনে, শ্ৰদ্ধাৰে সৈতে পঢ়িলেহে কথা মনত থাকে, শ্ৰদ্ধাৰে পঢ়িলেহে কথা মনত থাকে।

 ৭৪। কেতিয়াবা তৃতীয়াৰ এদি বিভক্তিৰ দি গুচে। যেনে, ই হাতে দি দিলে, সি হাতে দি নিলে; ই হাতে দিলে, সি হাতে নিলে।

 ৭৫। পতি (প্ৰতি) শব্দ পাচত থাকিলে, আগৰ শব্দত প্ৰথম৷ বিভক্তি হয়। যেনে, লৰাই পতি এটাকৈ পৰিছে, মুনিয়ে পতি মত ভিন।

 ৭৬। শুন্ ধাতুৰ ক্ৰিয়াৰ লগত মুখ শব্দৰ, আৰু পা ধাতুৰ ক্ৰিয়াৰ লগত হাত শব্দৰ সম্বন্ধ হলে, সিহঁতৰ পঞ্চমীৰ পৰ৷ বিভক্তি গুচি তাৰ ঠাইত এ হয়। যেনে, তাৰ মুখৰ পৰা শুনিলোঁ, তাৰ মুখে শুনিলোঁ; তাৰ হাতৰ পৰা পালোঁ, তাৰ হাতে পালোঁ।

 ৭৭। পাহৰ্‌ ধাতুৰ ক্ৰিয়াৰ কৰ্ম্ম পদত দ্বিতীয়াৰ অক বিভক্তিৰ ঠাইত কেতিয়াবা চতুৰ্থীৰ লৈ বিভক্তি হয়। যেনে, মোক পাহৰিলা বা মোলৈ পাহৰিল৷; তাক নাপাহৰিবা বা তালৈ নাপাহৰিবা।

 ৭৮। দুটাৰ অধিক পদ যোজক অব্যয়েৰে বা পৃথক বোধক অব্যয়েৰে লগ লগোৱা হলে অব্যয় শব্দটো সিহঁতৰ শেষৰটোৰ আগত মাথোন থাকে। যেনে, ৰাম আৰু কৃষ্ণ আৰু হৰিয়ে মোক এই কথা কৈছিল; ৰাম, কৃষ্ণ আৰু