পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৬২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪১
বহল ব্যাকৰণ।

বিশেষ্য পদ থাকিলে, হ ধাতুৰ নিত্য বৰ্ত্তমানকাল উক্ত নহয়। যেনে, গোপাল ব্ৰাহ্ম (হয়), সি হিন্দু (হয়), তেওঁ বৰ দয়ালু (হয়), আব্দুল কাবুলী (হয়), তুমি বিদ্বান (হোৱা), মই নিমাখিত (হওঁ)। কিন্তু সেই ক্ৰিয়াৰ আগত অভাৱ বুজুৱা ন থাকিলে, সি উক্ত হয়। যেনে, গোপাল ব্ৰাহ্ম নহয়, সি হিন্দু নহয়, তুমি বিদ্বান নোহোৱা, মই নিমাখিত নহওঁ৷

 ২৩। প্ৰথম বা দ্বিতীয় পুৰুষৰ সৰ্ব্বনাম ক্ৰিয়াৰ কৰ্ত্তা হলে, সিহঁত প্ৰায় উক্ত নহয়। যেনে, দিলোঁ, যাম, অৰ্থাৎ মই দিলোঁ, মই যাম। সেইদৰে, দিলা, যাবা, অৰ্থাৎ তুমি দিলা, তুমি যাব৷।

 ২৪। নিজ শব্দ পাচত থাকিলে ব্যক্তিবোধক সৰ্ব্বনামৰ কৰ্ত্তাকাৰক কেতিয়াবা উক্ত নহয়। যেনে, নিজে দিম, নিজে যাব, নিজে কবা, অৰ্থাৎ মই নিজে দিম, সি নিজে যাব, তুমি নিজে কৰা।

 ২৫। তুলনা স্বৰূপে হ ধাতুৰ দুটা বা অধিক ব্যক্তিবোধক সৰ্ব্বনাম কৰ্ত্তা থাকিলে, সিহঁতৰ ঘাইটো প্ৰথমত থাকে, আৰু ক্ৰিয়া সেই পুৰুষৰ হয়। যেনে, মইতো তুমি নহওঁ, তুমিতো মই নোহোৱা, সি তুমি বা মই নহয়। ইয়াত, দ্বিতীয়ত থকা সৰ্ব্বনাম কেইটা প্ৰথমত থকা কেইটাৰ তুলনা মাথোন, প্ৰথমত থকা কেইটাই বাক্যটোৰ ভিতৰত আচল কৰ্ত্তা। সেই দেখি সিহঁত আগত আছে, আৰু ক্ৰিয়াৰ

পুৰুষে৷ সিহঁতৰ লগত মিলিছে।

১৬