পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬৮
বহল ব্যাকৰণ।

 ১৪৮৷ সম্ভ্ৰমাৰ্থত তৃতীয় পুৰুষৰ পদ প্ৰায় বহুবচনৰ হয়। যেনে, (এজন লোকক সম্বোধন কৰিলেও) দেউতাসকলৰ আদেশ কোনে আওহেলা কৰিব পাৰে?

 ১৪৯। নম্ৰতা বুজাবলৈ প্ৰথম পুৰুষৰ সৰ্ব্বনাম সদায় বহুবচনৰ হয়। যেনে, এই স্কুলখন আমিয়েই পাতি দিছোঁ, এই বিষয়ত আমাৰ এই মত।

 ১৫০। বহুত পৰিমাণ বুজালে, সংখ্যা নথকা বস্তুৰ নামতো বহুবচনৰ চিন যোগ হয়। যেনে, পানীবোৰ, তেলবোৰ।

 ১৫১। সমাহাৰ দ্বন্দ্ব সমাসৰ দ্বাৰা গোটখোৱা দুই বা অধিক শব্দৰ সলনি ব্যৱহাৰ হোৱা সৰ্ববনাম একবচনৰ হয়। যেনে, গৰু মহে ভাত আৰ্জে, তাক নহলে মানুহ তৰে কেনেকৈ? বিশেষ্যপদ উৰি আপ্ৰাণি, আৰু বিশেষণ আমা-ডিমা কেৱল বহুবচনত মাথোন ব্যৱহাৰ হয়। যেনে, আমাক উৰি আপ্ৰাণিক পুতৌ কৰোঁতা কোন আছে? এজাক আমা-ডিমা লৰা ছোৱালী থৈ মাকজনী মৰিল।