পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৫
বহল ব্যাকৰণ।

পাচত অব্যয় শব্দ যদি ব্যৱহাৰ হয়। যেনে, যদি সি আহে, বা সি যদি আহে তেন্তে মই যাম।

 ৮৭। ক্ৰিয়া হোৱাত সন্দেহ থাকিলে, কেতিয়াবা ক্ৰিয়াৰ পাচত কৃৎ প্ৰত্যয় ইলে ব্যৱহাৰ হয়। যেনে, সি আহিলে মই যাম, অৰ্থাৎ যদি সি আহে মই যাম।

 ৮৮। কৃৎ প্ৰত্যয় ইলে, কেতিয়াবা ক্ৰিয়াৰ ভবিষ্যৎ সময় নিৰ্দ্দেশ কৰিবলৈকো ব্যৱহাৰ হয়। যেনে, সি আহিলে মই যাম, অৰ্থাৎ সি অহাটো স্থিৰ, কিন্তু সি আহি পালেহে মই যাম, আগেয়ে নেযাওঁ।

 ৮৯। যি ভবিষ্যৎ কালৰ ক্ৰিয়াৰ লগত যেতিয়া অব্যয় শব্দৰ সম্বন্ধ হয়, সেই ক্ৰিয়াও নিত্য বৰ্তমান কালত থাকে। যেনে, যেতিয়া সি আহে, বা সি যেতিয়া আহে, তেতিয়া কথাটো উলিৱা হব।

 ৯০। অভাৱ বা নিষেধ বুজুৱা ন থাকিলে, ভবিষ্যৎ কালৰ ঠাইত নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, মই আৰু ভবিষ্যতে তালৈ নাযাওঁ, এই শাস্তি খোৱাৰ পাচত সি আৰু এনে কাম নকৰে। কিন্তু অনুজ্ঞাত নিত্য বৰ্ত্তমান কাল নহয়, ভবিষ্যত কাল হয়৷ যেনে, তই আৰু ভবিষ্যতে তালৈ নাযাবি, সি আৰু ভবিষ্যতে তালৈ নাযায়।

 ৯১। অভ্যাস বা নিয়ম বুজালে, ভূত কালৰ সলনি নিত্য বৰ্ত্তমান কাল ব্যৱহাৰ হয়। যেনে, আগেয়ে এনে সময়ত তেওঁ পূজাত বহে।