পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫১
বহুল ব্যাকৰণ।

নামৰ পাচত ব্যৱহাৰ হলে নাথাকে। যেনে, কুলিৰ দ্বাৰা গছডাল কটোৱ৷ হৈছে, কিন্তু বাঁহডাল দাৰে কাটিছে।

 ৬৮। মতে শব্দ পাচত থাকিলে, সংজ্ঞা শব্দৰ যষ্ঠীৰ অৰ গুচে, কিন্তু ব্যক্তিবোধক সৰ্ব্বনামৰ নুগুচে। যেনে, নিয়মৰ মতে, নিয়ম মতে। বিধিৰ মতে, বিধি মতে। কিন্তু মোৰ মতে, তোমাৰ মতে।

 ৬৯। অনুসাৰে শব্দ পাচত থাকিলে, আগৰ শব্দৰ ষষ্ঠীৰ অৰ গুচে। যেনে, বুদ্ধিৰ অনুসাৰে, বুদ্ধি অনুসাৰে; আৰ্হিৰ অনুসাৰে, আৰ্হি অনুসাৰে।

 ৭০। সম্বন্ধে বা সম্পৰ্কে শব্দ পাচত থাকিলে, সংজ্ঞা শব্দৰ যষ্ঠীৰ অৰ লোপ হয়, কিন্তু ব্যক্তিবোধক সৰ্ব্বনামৰ লোপ নহয়। যেনে, শিক্ষাৰ সম্বন্ধে বা সম্পৰ্কে, শিক্ষা সম্বন্ধে বা সম্পৰ্কে; কিন্তু তোমাৰ বা তাৰ সম্বন্ধে বা সম্পৰ্কে।

 ৭১। অনুসৰি, অবধি আৰু পৰ্য্যন্ত শব্দ পাচত থাকিলে, আগৰ শব্দৰ দ্বিতীয়াৰ অক লোপ হয়। যেনে, আৰ্হিক অনুসৰি, আৰ্হি অনুসৰি; কালিক অবধি, কালি অবধি; আজিক পৰ্য্যন্ত, আজি পৰ্য্যন্ত।

 ৭২। সৈতে শব্দ পাচত থাকিলে, আগৰ শব্দৰ তৃতীয়াৰ এৰে বিভক্তিৰ ৰে কেতিয়াবা গুচে। যেনে চিত্তেৰে সৈতে, চিত্তে সৈতে; হাতেৰে সৈতে, হাতে সৈতে। কিন্তু স্বৰান্ত শব্দৰ ৰে লুগুচে। যেনে, কাঠিৰে জুখিলে, ধেনুৰে কঁড়িয়ালে, পলোৰে মাছ মাৰে।