পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৯
বহল ব্যাকৰণ।

 বাচ্যবিশেষত এই ক্ৰম ভঙ্গ হয়। তাৰ উদাহৰণ আগত দিয়া হৈছে। তাত বাজেও আন হেতুত ক্ৰমৰ লৰচৰ হয়।

 ১২। কৰ্ম্মপদক ঘাইকৈ প্ৰকাশ কৰিব লাগিলে, সি বাক্যৰ আদিত থাকে। যেনে, বিষ্ণুত পূজে যি সি বৈষ্ণৱ।

 ১৩। ক্ৰিয়াপদক ঘাইকৈ প্ৰকাশ কৰিব লাগিলে, সিও বাক্যৰ আদিত থাকে। যেনে, পঢ়িছোঁ মই, শুইছে গোপাল, সি পঢ়া নাই।

 ১৪। সকলো বাক্যত কৰ্ত্তাৰ যি পুৰুষ আৰু বচন ক্ৰিয়াৰো সেই পুৰুষ আৰু বচন হয়। যেনে, মই কৰিছোঁ, আমি কৰিছোঁহঁক, তুমি কৰিছা, তোমালোকে কৰিছাহঁক, সি বা সিহঁতে কৰিছে।

 ১৫। এটা সাধ্যা ক্ৰিয়াৰ তিনিও পুৰুষৰ কৰ্ত্তা থাকিলে, সেই ক্ৰিয়া প্ৰথম পুৰুষৰ হয় আৰু প্ৰথম পুৰুষৰ কৰ্ত্তা ক্ৰিয়াৰ আগত থাকে। যেনে, সি, তুমি আৰু মই গোটখাই য

 ১৬। এটা সাধ্যা ক্ৰিয়াৰ দ্বিতীয় আৰু তৃতীয় পুৰুষৰ কৰ্ত্তা থাকিলে, সেই ক্ৰিয়া দ্বিতীয় পুৰুষৰ হয় আৰু দ্বিতীয় পুৰুষৰ কৰ্ত্তা ক্ৰিয়াৰ আগত থাকে। যেনে, সি আৰু তুমি যাবা, সি আৰু তোমালোক যাবাহঁক।

 ১৭। এটা সাধ্যা ক্ৰিয়াৰ ভিন ভিন পুৰুষৰ কৰ্ত্তা, কোন অব্যয় শব্দেৰে পৃথক কৰা হলেও, সেই সাধ্যা ক্ৰিয়া, প্ৰথম পুৰুষৰ কৰ্ত্তা থাকিলে, প্ৰথম পুৰুষৰ আৰু দ্বিতীয়