পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৯
বহল ব্যাকৰণ।

বুজা গৈছে। কিন্তু, কালি আমাৰ ঘৰলৈ এজন বৰ বিদ্যাৱন্ত আৰু বৰ আঢ্যৱন্ত মানুহ আহিছিল। এই বাক্যটোত এজন মানুহহে বুজা যায়। সেই জন মানুহেই বিদ্যাৱন্তও আৰু আঢ্যৱন্তও।

 ১০৬। যি ক্ৰিয়াবিশেষণে যি ক্ৰিয়াৰ গুণ দেখুৱায় সি সেই ক্ৰিয়াৰ আগত থাকে। যেনে, অথনি গৈছিল, এতিয়া আহিল। খৰকৈ লিখিবা কিন্তু লাহে লাহে পঢ়িবা।

সৰ্ব্বনাম সঙ্গতি।

 ১০৭। সংজ্ঞা শব্দৰ যি বচন আৰু লিঙ্গ, তাৰ সৰ্ব্ব নামৰো সেই বচন আৰু লিঙ্গ হয়। যেনে, ইংৰাজৰ সকলো তিৰুতাই লিখা পঢ়া জানে, সেই দেখি তাইহঁত আমাৰ তিৰুতাতকৈ বহুত কামত পাকৈত। মানুহটোৰ কাণ গধুৰ, সেই দেখি সৰুকৈ কথা কলে, সি নুশুনে।

 ১০৮। এটা সম্পূৰ্ণ বাক্য বা খণ্ড বাক্যৰ সলনি ব্যক্তিবোধক সৰ্ব্বনাম ব্যৱহাৰ হয়। যেনে, তেওঁ বাটৰ সন্ন্যাসী বৰাগী ঘৰলৈ মাতি আনি সিধা দি পোহে, ইয়াৰ পৰা বুজা যায় যে, তেওঁৰ অন্তৰতো অলপ বৈৰাগ্যৰ ভাব উপজিছে। ইয়াত, ইয়াৰ সৰ্ব্বনামটো আগৰ গোটেই ফাঁকি কথাৰ সলনি ব্যৱহাৰ হৈছে।

 ১০৯।. অন্য, আন, এই, সেই, যি, কি, ইমান, সিমান, যিমান, কিমান, কিছুমান আৰু কিঞ্চিৎমান বিশেষণ