পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬১
বহুল ব্যাকৰণ।

পদ আৰু নানাবিধ শব্দৰ সঙ্গতি।

 ১১৪। নিশ্চয় অৰ্থত বিশেষ্য পদ সৰ্ব্বনাম আৰু ক্ৰিয়াৰ পাচত চোন শব্দ ব্যৱহাৰ হয়। যেনে, ৰাম চোন সভালৈ গৈছিল, মই চোন তোমাক আজি এমাহমান দেখা নাই, ছাগলী পোৱালিটো মৰিলেই চোন।

 ১১৫। নিশ্চয়তাৰ লগত আচৰিতৰ ভাব থাকিলে চোন শব্দৰ পাচত বা বাক্যৰ শেষত একা শব্দৰ ব্যৱহাৰ হয়। যেনে, তই চোন একা হিতকান্তৰ ঘৰলৈ গৈছিলি বা তই চোন হিতকান্তৰ ঘৰলৈ গৈছিলি একা।

 ১১৬। নিশ্চয়তাৰ লগত ভয় দেখুৱাৰ ভাব থাকিলে, বাক্যৰ শেষত একা ব্যৱহাৰ হয়। যেনে, তোক আকৌ এনে কাম কৰা দেখিলে, মই শুদাই নেৰিম একা।

 ১১৭। সেই ক্ৰিয়া মাথোন সম্প্ৰতি কৰে, এই ভাবত নিত্য বৰ্ত্তমান আৰু ভবিষ্যৎ কালৰ ক্ৰিয়াত চোন যোগ দিয়া হয়। যেনে, মই যাওঁচোন, তুমি আহিবাচোন।

 ১১৮। ক্ৰিয়াত চোন যোগ হলে, বাক্যৰ শেষত কেতিয়াবা বাৰু শব্দ ব্যৱহাৰ হয়। যেনে, মই যাওঁচোন বাৰু, তুমি আহিবাচোন বাৰু।

 ১১৯। ক্ৰিয়া বিশেষণ ন্ সদায় ক্ৰিয়াৰ আগত থাকে, আৰু সেই ক্ৰিয়াৰ আদিত যি স্বৰ থাকে, নতো সেই স্বৰ