পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৩
বহল ব্যাকৰণ।

 ৩১। এটা বাক্যত এটা বা অধিক সকৰ্ম্মক সিদ্ধা ক্ৰিয়া, আৰু এটা অকৰ্ম্মক সাধ্যা ক্ৰিয়া থাকিলে, কৰ্ত্তাপদ যদি সিদ্ধা ক্ৰিয়াৰ আগত থাকে, তেনেহলে তাৰ বিভক্তি কওঁতাৰ ইচ্ছা অনুসাৰে গুচে বা থাকে। যেনে, গোপালে তাৰ দিনৰ পাঠ পঢ়িহে পঢ়াশালিলৈ যায়, বা গোপাল তাৰ দিনৰ পাঠ পঢ়িহে পঢ়াশালিলৈ যায়।

 ৩১। বাক্যত সিদ্ধা ক্ৰিয়া কৰ্ত্তাৰ আগত থাকিলে, সি সকৰ্ম্মকেই হওক বা অকৰ্ম্মকেই হওক, কৰ্ত্তাৰ বিভক্তি পাচত থকা সাধ্যা ক্ৰিয়াৰ অধীন হয়, অৰ্থাৎ সেই ক্ৰিয়া অকৰ্ম্মক হলে কৰ্ত্তাৰ বিভক্তি গুচে, সকৰ্মক হলে নুগুচে। যেনে, ভাত খাই গোপাল শুইছে, ঘৰলৈ আহি গোপালে ভাত খাইছে।

 ৩২। এটা বাক্যত এটা বা অধিক অকৰ্ম্মক সিদ্ধা ক্ৰিয়া, আৰু এটা সকৰ্ম্মক সাধ্যা ক্ৰিয়া থাকিলে, তেতিয়া কৰ্ত্তাৰ বিভক্তি নুগুচে। যেনে, গোপালে শুই উঠি পঢ়িবলৈ ধৰিছে।

 ৩৩। সিদ্ধা ক্ৰিয়াৰ কৰ্ত্তাক কেৱলীয়া কৰ্ত্তা বোলে। কেৱলীয়া কৰ্ত্তাৰ সিদ্ধা ক্ৰিয়াৰ ভিতৰত সকৰ্ম্মক অকৰ্ম্মক দুয়ো বিধৰ ক্ৰিয়া থাকিলে, সেই কৰ্ত্তাৰ বিভক্তি নুগুচে। যেনে, গোপালে শুই উঠি ফুৰিবলৈ ওলাই গলে, আমি পাশটি খেলামহঁক।

 ৩৪। ব্যক্তিবোধক সৰ্ব্বনাম কৰ্ত্তা হলে, তাৰ পাচত থকা