পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৬১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪০
বহুল ব্যাকৰণ।

পুৰুষৰ কৰ্ত্তা থাকিলে, দ্বিতীয় পুৰুষৰ হয়। যেনে, সি বা মই যাম, সি বা তুমি যাবা, সি, তুমি বা মই যাম।

 ১৮। একে পুৰুষৰ দুটা বা অধিক কৰ্ত্তাই এটা ক্ৰিয়া কৰা বুজালে, আনবিলাক কৰ্ত্তাৰ ক্ৰিয়া গুচি, প্ৰায় এটা কৰ্ত্তাৰ মাথোন ক্ৰিয়া থাকে। যেনে, ধনে মানুহৰ ক্ষমতা বঢ়ায় আৰু বিদ্যাই মানুহৰ গৌৰৱ বঢ়ায়। এই বাক্যৰ সলনি ধনে ক্ষমতা আৰু বিদ্যাই মানুহৰ গৌৰৱ বঢ়ায়।

 ১৯। কেতিয়াবা এফাঁকি সম্পূৰ্ণ কথাও ক্ৰিয়াৰ কৰ্ত্তা হয়। যেনে, মানভগনিত অসমৰ অনেক মানুহ নানা ঠাইত সিচ্‌ৰতি হৈ পৰিছিল, হয়। ইয়াত ওপৰৰ গোটেই ফাঁকি কথা শেষৰ ‘হয়’ ক্ৰিয়াৰ কৰ্ত্তা হৈছে।

 ২০। কেতিয়াবা ভাববাচ্যৰ কৃদন্ত পদ ক্ৰিয়াৰ কৰ্ত্তা হয়। যেনে, কালি তাৰ ভাত খোৱা নহল। ইয়াত খোৱা কৃদন্ত পদ নহল ক্ৰিয়াৰ কৰ্ত্তা হৈছে।

 ২১। ক্ৰিয়াৰ কৰ্ত্তা সকলোৱে জনা থাকিলে বা এবাৰ আগত উক্ত হলে, সি প্ৰায় উহ্য থাকে। যেনে, বৰষুণ আনিছে, ৰদ দিছে। ইয়াত, বৰষুণ মেঘে আনে, ৰদ সূৰ্য্যই দিয়ে, এই কথা সকলোৰে জনা আছে, সেই দেখি মেঘ আৰু সূৰ্য্য উহ্য আছে। ক্ৰিয়াৰ মূলক ধাতু বোলে। ইয়াতো ‘সকলোৱে’ উহ্য আছে।

 ২২। কোনো বিশেষ্য পদ বা ব্যক্তিবোধক সৰ্ব্বনামৰ পাচত বিশেষণ বা বিশেষণ স্বৰূপে ব্যৱহাৰ কৰা কোনো