পৃষ্ঠা:বহল ব্যাকৰণ.pdf/২৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৭
বহল ব্যাকৰণ।

হয়, ভাৰতত সূৰ্য্যক পূজা এটা সম্প্ৰদায় আছে, গোপালক মাত, তাক মোৰ ঘৰলৈ পঠিয়াই দিবি।

 ৪৮। সম্বন্ধ, জাতি আৰু কুল বুজুৱা শব্দ কৰ্ম্ম পদ হলে, তাৰ বিভক্তি নুগুচে। যেনে, পুতেকে বাপেকক সেৱা কৰিব লাগে, পঞ্জাবীক সকলোৱে সাহিয়াল আৰু বলৱন্ত বুলি ভাবে, কলিতাক আগৰ ক্ষত্ৰিয় বুলি কয়।

 ৪৯। যি কৰ্ম্ম পদৰ কোনো এটা গুণ বিশেষৰূপে দেখুউৱা হয়, তাৰ বিভক্তি নুগুচে। যেনে, ক্ষমতাই মানুহক অহঙ্কাৰী কৰে।

 ৫০। বিশেষৰূপে দেখুৱালে, কোনো কৰ্ম্ম পদৰ বিভক্তি নুগুচে। যেনে, সি ৰজাকো ককাই নোবোলে, নৰিয়াই আজি চকুকে নেমেলে, সি পঁইতাকো জুৰাই খায়।

 ৫১। দুটা বা অধিক সংজ্ঞা শব্দৰ পাচত সংখ্যাবোধক শব্দ থাকিলে, সংজ্ঞা শব্দৰ যি কাৰক সংখ্যাবোধক শব্দৰো সেই কাৰক হয়, কিন্তু বিভক্তি কেৱল সংখ্যাবোধক শব্দতহে থাকে, আৰু তাৰ পাচত এটা ও হয়। যেনে, হলি, মতি, আৰু গোপাল, তিনিও যাব। হলি, মতি, আৰু গোপাল, তিনিওকো মাতিবি।

 ৫২। সৰ্ব্বনামৰ পাচত সংখ্যাবোধক শব্দ থাকিলে, সৰ্ব্বনামৰ বিভক্তি নুগুচে। যেনে, তোমাক আৰু মোক, দুয়োকো মাতিছে, তুমি আৰু মই, দুয়ো যাম।

 ৫৩। দুটা বা অধিক সংজ্ঞা শব্দৰ পাচত, এই বিলাক,