হৰিয়ে মোক এই কথা কৈছিল। ৰাম আৰু কৃষ্ণ আৰু হৰিক মাতিবা; ৰাম, কৃষ্ণ, আৰু হৰিক মাতিবা; সেইদৰে, ৰাম আৰু কৃষ্ণ আৰু হৰি আৰু গোপালৰ পৰা মই কথাটো শুনিছোঁ; ৰাম, কৃষ্ণ, হৰি, আৰু গোপালৰ পৰা মই কথাটো শুনিছোঁ। ৰাম বা কৃষ্ণ বা হৰি, ৰাম, কৃষ্ণ, বা হৰি।
৭৯। দুটাৰ অধিক খণ্ড বাক্য যোজক অব্যয়েৰে লগ লগোৱা হলে, অব্যয় শব্দটো শেষৰ খণ্ড বাক্যটোৰ আগত মাথোন থাকে। যেনে, বায়েকে ভাত ৰান্ধিছিল আৰু ভনীয়েকে আলপৈচান ধৰিছিল আৰু মাকে দেখুৱাই দিছিল, বায়েকে ভাত ৰান্ধিছিল, ভনীয়েকে আলপৈচান ধৰিছিল, আৰু মাকে দেখুৱাই দিছিল।
৮০। কৃদন্ত ভাববাচ্যৰ পদ কোনো ক্ৰিয়াৰ কৰ্ত্তা হলে, সেই কৃদন্ত পদৰ যি কৰ্ত্তা, তাত ষষ্ঠী বিভক্তি হয়। যেনে, গোপালৰ খোৱা হল। ইয়াত, খোৱা খা ধাতুৰ ভাববাচ্যৰ কৃদন্ত পদ, সি ‘হল’ ক্ৰিয়াৰ কৰ্ত্তা হৈছে। খোৱা কৃদন্ত পদৰ কৰ্ত্তা হৈছে গোপাল, সেই দেখি গোপাল শব্দত ষষ্ঠী বিভক্তি হৈছে।
১৮৷ কৃদন্ত ভাববাচ্যৰ পদ আন কোনো পদৰ বিশেষণ হলে, কৃদন্ত পদৰ কৰ্ত্তাত প্ৰথমা বিভক্তিয়েই থাকে। যেনে, মই গোপালে লিখা চিঠিখন পাইছোঁ৷ ইয়াত, লিখা কৃদন্ত পদ চিঠিৰ বিশেষণ হৈছে, তাৰ যে কৰ্ত্তা গোপাল, তাৰ প্ৰথমা বিভক্তিয়েই আছে।