এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩১
পৰিশিষ্ট
৭২। | মানুহ যদি প্ৰকৃত মানুহ হব নোৱাৰে তেন্তে পূজা-পাতলৰ সাৰ্থকতা কত? প্ৰকৃত মানুহ হব নোৱাৰিলে সঙ্গীতৰো মূল্য নাই। |
৭৩। | উত্তমলোকে জানে কি বস্তু শ্ৰেয়, সাধাৰণ লোকে জানে কি বস্তু প্ৰেয়। |
৭৪। | উত্তম লোকে ভাল পায় আত্মাক, সাধাৰণ লোকে ভাল পায় ধনক। কি দোষত কি শাস্তি পাইছিল উত্তমলোকে তাক মনত ৰাখে আৰু সাধাৰণ লোকে মনত ৰাখে কিহত কি বস্তু পুৰস্কাৰ পাইছিল। |
৭৫। | উৎকৃষ্টজনে নিন্দে নিজক, নিকৃষ্টজনে নিন্দে পৰক। |
৭৬। | উত্তম লোকৰ গতি ওপৰলৈ, অধম লোকৰ গতি তললৈ। |
৭৭। | উৎকৃষ্ট লোকৰ মহানুভবতা আছে গৰ্ব্ব নাই, নিকৃষ্ট লোকৰ গৰ্ব্ব আছে মহানুভবতা নাই। |
৭৮। | সাধুলোকে ভাল খোৱা ভাল থকাৰ বিচাৰ নকৰে, তেওঁলোকে কৰ্ত্তব্যৰ প্ৰতি মনোযোগী আৰু কথা কওঁতেও সাৱধান। মহৎলোকৰ সঙ্গ পালে তেওঁক মানি চলে। এনে মানুহক বিদ্যানুৰাগী বুলিব পাৰা। |
৭৯। | সত্যানুসন্ধানী বিদ্যানুৰাগীজনে যদি সাধাৰণ আহাৰ আৰু সাধাৰণ পোষাকৰ বাবে লাজ পায় তেন্তে তেনে মানুহৰ লগত কথা পতাই উচিত নহয়। |
৮০। | আৰাম-প্ৰিয় আৰু সুখস্বাচ্ছন্দ্য-প্ৰিয় লোক বিদ্যানুৰাগী হব নোৱাৰে। |