পৃষ্ঠা:কনফুচিয়াছ.djvu/১৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৮
কনফুচিয়াছ

এতিয়াও জীৱনকেই জনা নাই, মৃত্যুৰ কথা কেনেকৈ জানিবা?

৬০। বাহিৰা কোনো প্ৰলোভনত নপৰাকৈ যিজনে প্ৰকৃত মনুষ্যত্বৰ আদৰ্শ সাৰোগত কৰি জীৱন নিয়াব চেষ্টা কৰে, যিজনে বাহিৰৰ শাসন বা শাস্তিলৈ অকণো ভয় নকৰি প্ৰকৃত মানবতাৰ আদৰ্শৰ বিপথগামী সকলক ঘিণ কৰে, তেনে মানুহৰ মনত সমগ্ৰ মানবজাতি এজন মাত্ৰ ব্যক্তি হিচাবে পৰিগণিত হয়। সেই কাৰণে সাধুলোকে নিজৰ জীৱনকে লক্ষ্য কৰি চৰিত্ৰগঠনৰ ৰীতি-নীতিৰ আলোচনা কৰে আৰু জনসাধাৰণৰ বাবে নিয়ম নীতি প্ৰবৰ্ত্তন কৰে।
৬১। প্ৰকৃত মানবতা লাভ কৰিবলৈ অসীম শক্তি লাগে অৰু তাত উপনীত হোৱা পন্থাও বৰ দুৰ্গম। ইয়াক হাতেৰে তুলিব নোৱাৰি, ভৰিৰে খোজকাঢ়ি গৈও ইয়াক পাব নোৱাৰি। যিজনেই আনতকৈ এই পথত বেচি অগ্ৰসৰ হৈছে তেওঁকেই ‘প্ৰকৃত-মানব’ বুলিব পাৰি। পূৰ্ণমানবতাৰ মাপকাঠিৰে জুখিলে কোনোৱে হয়তো সাধনাৰ দ্বাৰাও ইয়াক পাব নোৱাৰে। মানুহৰ জোখেৰে জুখিলেহে সাধুলোকৰ কিছুমানে এই পথত কিছুদূৰ অগ্ৰসৰ হৈছে বুলি কব পাৰি।

[মানুহৰ নৈতিক জীৱনৰ মান কোনো অতিমানবীয় বা পূৰ্ণ আৰু নিৰ্দ্দোষ জোখেৰে ঠাৱৰাব নোৱাৰি। মানুহৰ জোখ মানুহেহ। চীনা সংস্কৃতিৰ ব্যৱহাৰিক দৃষ্টিভঙ্গীৰ ইয়ো এটা বৈশিষ্ট্য।]