পৃষ্ঠা:কনফুচিয়াছ.djvu/১৪০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২
কনফুচিয়াছ
৮১। নিজৰ কামতকৈ কথাহে ভাল হলে ভদ্ৰলোকে লাজ পায়।
৮২। ডেকাৰ প্ৰিয় স্ত্ৰীসঙ্গ, আদহীয়াৰ প্ৰিয় ৰণ, বুঢ়ালোকৰ চিন্তা সদায় কেনেকৈ পাব খন।
৮৩। আনক সমালোচনা কৰা আৰু আনৰ দোষ খোঁচৰা লোকক সাধুলোকে ঘিণ কৰে।
৮৪। নিজক বুধিয়ক বুলি ভবা পদূলী শুঙা আৰু চৰবৃত্তি কৰা লোকক মই ঘিণ কৰো। সাহসী বুলি বৰাই কৰা উচ্ছৃঙ্খল লোকক মই ঘিণ কৰো। সাধুতাৰ মুখাপিন্ধা কপটলোকক মই ঘিণ কৰো।
৮৫। দেখাত গহীন গম্ভীৰ আৰু নিষ্ঠাবান অথচ ভিতৰি ফোপোলা আৰু দুৰ্ব্বললোক ৰাতি সিন্ধি কাটি ঘৰ সোমোৱা চোৰৰ নিচিনা।
৮৬। তিৰোতা আৰু নিকৃষ্ট লোকক চলোৱা বৰ টান। আপোনভাবে মৰম কৰি নাই দিলে সিহঁত অবিনীত হয় আৰু অবজ্ঞা কৰে আকৌ উপেক্ষা কৰি আঁতৰত ৰাখিলে সিহঁত কষ্ট হয়।
৮৭। বহুবল্কী ঘৃণাৰ পাত্ৰ।
৮৮। আপচু চেহেৰাৰ বহুভাষী লোক কাচিৎহে ভদ্ৰ হয়।
৮৯। শাসকৰ চৰিত্ৰ বতাহৰ দৰে আৰু সাধাৰণ মানুহৰ চৰিত্ৰ তৃণৰ দৰে। তৃণ সদায় বতাহমুৱা হয়।
৯০। শাসক ন্যায়পৰায়ণ হলে প্ৰজাৰ এনেয়ে প্ৰিয় হব, তাৰ বাবে হুকুমৰ আৱশ্যক নাই। নিজে ভালকাম নকৰিলে