এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
পৰিশিষ্ট
১২১। | কুচিন্তা নকৰিবা। কুচিন্তাই মন কলুষিত কৰে। |
১২২। | অলৌকিক আৰু অপ্ৰাকৃতিক বিষয়ে বেচি চিন্তা কৰা আৰু অধ্যয়ন কৰা অনিষ্টকৰ। |
১২৩। | তোমাৰ সমুখত থকা কৰ্ত্তব্য যদি অবহেলা কৰা তেন্তে ই তোমাৰ নৈতিক সাহসৰ অভাবহে সূচনা কৰিব। |
১২৪। | সাৱধান লোকৰ বিপদ নাই। সতৰ্ক লোকে কাচিৎহে ভুল কৰে। |
১২৫। | কোনো মানুহে তোমাৰ ওচৰলৈ আহিলে তেওঁক ভাল মানুহ বুলিয়েই গ্ৰহণ কৰিবা। |
১২৬। | অমিতব্যয়ী হলে গৰ্ব্বিত হয়, অতি-হিচাবী হলে কৃপণ হয়। |
১২৭। | ক্ষমতাৰ মোহ আৰু দাৰিদ্ৰ্যৰ ভয় ৰাষ্ট্ৰদ্ৰোহৰ উৎপাদক। |
১২৮। | বিপদতহে মানুহ চিনা যায়। |
১২৯। | যুদ্ধলৈ যোৱাৰ আগতে সৈন্যসকলে অন্ততঃ সাতবছৰ সাধুলোকৰ সঙ্গত শিক্ষা লব লাগে। অশিক্ষিত জনসমুদ্ৰ যুদ্ধত নমাই দিয়া মানে সিহঁতক দলিয়াই পেলোৱা। |
১৩০। | যত শিক্ষাৰ পোহৰ পৰিছে তাত শ্ৰেীবিভাজন নাই। |
১৩১। | যৌবনত লোলুপতা, কলহপ্ৰিয়তা আৰু অতিলোভ বৰ্জ্জনীয়। |