পৃষ্ঠা:কনফুচিয়াছ.djvu/১২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯
পৰিশিষ্ট

ব্যৱহাৰ আশা কৰো, মই ৰজাকো তেনেদৰে সেৱা কৰিব লাগে। সৰু ভাইৰ পৰা যেনে ব্যৱহাৰ আশা কৰো মোৰ ডাঙৰ ভাইৰ প্ৰতিও মই তেনে আচৰণ কৰিব লাগে। বন্ধুৰ পৰা মই যেনে ব্যৱহাৰ বিচাৰো মইও প্ৰথমে বন্ধুক তেনে ব্যৱহাৰ কৰিব লাগে।

১২। নৈতিক জীৱন দূৰদেশলৈ কৰা যাত্ৰাৰ দৰে। মানুহে নিকটতম স্থানৰ পৰাই যাত্ৰা কৰিব লাগে। উচ্চপ্ৰাসাদত উঠিব লাগিলে খটখটিৰ নিম্নতম ধাপৰ পৰা উঠাৰ দৰে নৈতিক জীৱনৰ অগ্ৰগতিতো স্তৰে স্তৰে আগুৱাই যাব লাগে।
১৩। নৈতিক লোকে সকলো পৰিবেশতে নিজক খাপখুৱাই লয়। তেওঁ নিজৰ অৱস্থাৰ পৰিধিৰ বাহিৰত হাত নেমেলে। সন্মানিত আৰু সম্পাদযুক্ত অৱস্থাত থাকিলে সম্মানিত আৰু সমৃদ্ধ লোকৰ যোগ্য জীৱন নিয়ায়। নিঃকিন আৰু দীন অৱস্থাত পৰিলে তদনুৰূপ অৱস্থাত কাল নিয়ায়। অসভ্যদেশত পৰিলে অসভ্যদেশত যি দৰে থকা উচিত সেইদৰে থাকে। বিপদ আৰু কষ্টত পৰিলে সেই পৰিস্থিতিত মানুহ যি দৰে চলা উচিত সেইদৰে চলে। মুঠতে নৈতিকলোকে যি কোনো পৰিস্থিতিতেই নপৰক কিয় সকলোতে অপৰাজেয় হৈ চলিব আৰু পৰিবেশৰ ওপৰত প্ৰভুত্ব কৰিব।