এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯
পৰিশিষ্ট
৬২। | যি মানুহে প্ৰকৃত মনুষ্যত্বৰ আদৰ্শ আগত ৰাখি সেইমতে কাম কৰি অন্তৰত সুখ আৰু শান্তি পায় তেনে মানুহে সমগ্ৰ মানবজাতিক এজন ব্যক্তি হিচাবে জ্ঞান কৰে। এজন মানুহৰ অনুভূতিৰ সত্যতাই আনৰ অনুভূতিৰো পৰিমাপক হব পাৰে। |
৬৩। | সাধুলোকে নিজৰ চৰিত্ৰ গঠনৰ বাবে কৰা চেষ্টাৰ লগতে আনৰ চৰিত্ৰ গঠন কৰিবলৈকো চেষ্টা কৰে। নিজৰ লগত আনৰ জীৱন সফল কৰিবলৈকো চেষ্টা কৰে। নিজৰ ওচৰ-চুবুৰিয়াৰ লগত কেনেকৈ চলিব লাগে তাৰ শিক্ষাই প্ৰকৃত মনুষ্যত্ব লাভৰ অন্বেষণৰ শিক্ষাৰ পথ বা সূত্ৰ। |
৬৪। | প্ৰকৃত মনুষ্যত্বৰ আদৰ্শ সঁচাকৈয়ে বহু দূৰতনে? নহয়। মই যেতিয়াই ইয়াক পাবলৈ বিচাৰো ই তাতে ওচৰতে আছে। |
৬৫। | সাধু-পুৰুষে দূৰদেশত কাম কৰিব লগা হলে তেওঁ অনুভব কৰে তেওঁ যেন গন্যমান্য অতিথিসকলকহে আদৰ-সাদৰ কৰি অভ্যৰ্থনা কৰিছে। প্ৰজা শাসন কৰিব লগা হলে তেওঁ অনুভব কৰে তেওঁ যেন ঈশ্বৰকহে পূজা কৰিছে। আনে যি কৰিলে তেওঁ বেয়া পায় তেনে আচৰণ তেওঁ আনৰ প্ৰতি কেতিয়াও নকৰে। সেই কাৰণে সাধুপুৰুষ ঘৰে বাহিৰে সুখত থাকে। |
৬৬। | আজিকালি প্ৰকৃত সাধুসন্ত লোকৰ দৃষ্টান্ত পোৱা টান। প্ৰত্যেকে প্ৰায় অলপ অচৰপ দুৰ্ব্বল মনৰ আৰু এই |
৯