পৃষ্ঠা:কনফুচিয়াছ.djvu/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 
কনফুচিয়াছৰ-নীতিবচন
 

 কনফুচিয়াছৰ অসংখ্য নীতিবচন চীনৰ জনসাধাৰণৰ মাজত প্ৰচলিত হৈ আছে। এই নীতিবচন বিলাকৰ পৰাই মহামানব কনফুচিয়াছে শিক্ষা, নৈতিকতা, জীৱনাদৰ্শ, সমাজব্যৱস্থা আদি সকলোবিষয়ে পোষণ কৰা মতবাদ সম্যকৰূপে জানিব পাৰি। দৰাচলতে এই নীতিবচনবিলাকৰ বাবেহে প্ৰথমতে কনফুচিয়াছ পাশ্চাত্য জগতত জনাজাত হয় আৰু লাহে লাহে সমগ্ৰ জগতত সমাদৰ লাভ কৰে।

 কনফুচিয়াছৰ জীৱনী আলোচনা কৰোঁতে ঠায়ে ঠায়ে তেওঁৰ দুই এটা প্ৰবচন উল্লেখ কৰা হৈছে। এই প্ৰবচনবিলাক সাধাৰণতে কনফুচিয়াছে শিষ্যসকলৰ লগত কোনো সমস্যা বিষয়ে আলোচনা কৰোঁতে প্ৰকাশ পাইছিল আৰু পিচত শিষ্যসকলে এই সাৰগৰ্ভ বচনবিলাক সংৰক্ষণ কৰি জগতবাসীৰ মাজত প্ৰচাৰ কৰিছিল। এই বচনবিলাক কি প্ৰসঙ্গত কথিত হৈছিল সেইবোৰৰ অবতাৰণা কৰি আলোচনা কৰিব পাৰিলে বেচি উপাদেয় হলহেঁতেন। কিন্তু কিতাপৰ পৰিসৰ বৃদ্ধি হোৱাৰ ভয়ত আৰু আলোচনাৰ সম্পূৰ্ণ সঙ্গতি ৰাখিব নোৱাৰাৰ কাৰণে নীতিবচনবিলাকৰ ভিতৰত সাৰ্ব্বজনীন উপদেশমূলক আৰু সাৰগৰ্ভ প্ৰবচন কেইটামানহে তলত দিয়া হল। উদ্ধৃতিবিলাকৰ যাথাসম্ভব হবহু অনুবাদ কৰিবলৈ চেষ্টা কৰা হৈছে।