এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৩
পৰিশিষ্ট
শাসকৰ কোনো আদেশৰেই মূল্য নাথাকে আৰু কোনো আদেশ কাৰ্য্যকৰী নহয়। |
৯১। | শাসকে নিজৰ চৰিত্ৰ সংশোধন কৰি ললে শাসনকাৰ্য্য সহজ হৈ পৰে। যদি নিজৰেই চৰিত্ৰ সংশোধন নকৰে তেন্তে শাসকে আনৰ চৰিত্ৰ কেনেকৈ সংশোধন কৰিব? |
৯২। | অন্তৰ শুদ্ধ আৰু পবিত্ৰ ৰাখিবা— এয়ে সকলো শাস্ত্ৰৰ শিক্ষা। |
৯৩। | কবিতা অধ্যয়ন নকৰিলে ভাষা মাৰ্জ্জিত নহয়। |
৯৪। | চিন্তা নকৰাকৈ পঢ়িলে মন অসংযত হয়, নপঢ়াকৈ চিন্তা কৰিলে মন চঞ্চল হয় আৰু মনৰ সমতা হেৰায়। |
৯৫। | যিলোকে পঢ়াকে পঢ়ি নতুন নতুন জ্ঞান আহৰণ কৰিব পাৰে তেওঁহে শিক্ষক হবৰ যোগ্য। |
৯৬। | প্ৰশ্নৰ উত্তৰ দিবলৈ যি শিক্ষিত লোকে আনৰ কথাবোৰ মুখস্থ কৰি থয় তেনে লোকৰ শিক্ষকতাৰ যোগ্য নাই। |
৯৭। | পুৰণি কালত বিদ্যানুৰাগী সকলে নিজৰ জ্ঞানৰ বাবে অধ্যয়ন কৰিছিল। আজিৰ বিদ্যাৰ্থী অধ্যয়ন কৰে আনৰ বাবেহে (শিক্ষকৰ বা মাক-বাপেকৰ দাইত)। |
৯৮। | যি মানুহে দয়া দাক্ষিণ্য ভাল পাই পঢ়িব ভাল নোপোৱা হয় সেই মানুহ অজ্ঞ হয়; জ্ঞান ভাল পাই পঢ়িব ভাল নোপোৱা মানুহৰ চিন্তাধাৰা কাল্পনিক বা অবাস্তব হয়, সাধুতা ভাল পাই পঢ়িব ভাল নোপোৱা হলে সকলোতে বিপৰ্য্যয় ঘটায়, সৰলতা ভাল পাই পঢ়িব |