পৃষ্ঠা:কনফুচিয়াছ.djvu/১৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২
কনফুচিয়াছ
১৭। প্ৰস্তুতিৰ ওপৰত কৰ্ম্মকুশলতা আৰু কৃতকাৰ্য্যতা নিৰ্ভৰ কৰে। সম্যক ভাবে প্ৰস্তুত নোহোৱাকৈ কামত হাত দিলে কৃতকাৰ্য্য হব নোৱাৰে।
১৮। উচ্চপদস্থ কৰ্ম্মচাৰীসকলৰ ওপৰত তলতীয়া কৰ্ম্মচাৰীসকলৰ বিশ্বাস আৰু আস্থা নাথাকিলে শাসনকাৰ্য্য চলোৱা অসম্ভব। যি মানুহক তেওঁৰ বন্ধুবান্ধবে বিশ্বাস নকৰে তেনে মানুহে উচ্চপদস্থ বিষয়াৰ ওপৰতো বিশ্বাস স্থাপন কৰিব নোৱাৰে। যি মানুহ নিজৰ পিতামাতাৰ প্ৰতি অনুৰক্ত নহয় তেনে মানুহক বন্ধুবান্ধবেও বিশ্বাস নকৰে। যি মানুহ আত্মনিষ্ঠ নহয় তেনে মানুহে পিতামাতাৰ প্ৰতিও সদয় বা অনুৰক্ত হব নোৱাৰে। যি মানুহে শ্ৰেয়বস্তু কি তাক ঠাৱৰাব নোৱাৰে তেনে মানুহ আত্মবিশ্বাসী বা আত্মনিষ্ঠ হব নোৱাৰে।
১৯। আত্মনিষ্ঠা ঈশ্বৰৰ বিধান। আত্মনিষ্ঠ হবলৈ কৰা চেষ্টা মানুহৰ নীতি।
২০। বুঢ়াসকলে শান্তিৰে জীৱন নিয়াবলৈ সক্ষম হওক, বন্ধুবান্ধবসকল বিশ্বাসী হওক, ডেকাসকলে বয়সীয়াললোকক মানসম্ৰম কৰা হওক— এয়ে মোৰ আকাঙ্ক্ষা।
২১। সাধুলোকৰ উৎকণ্ঠা নাই, জ্ঞানীলোকৰ দ্বিধা নাই, সাহসীলোকৰ ভয় নাই।
২২। আগ্ৰহ নথকা মানুহক মই নিশিকাও আৰু বুজিবলৈ চেষ্টা নকৰা মানুহক কোনো কথা বুজাবলৈ বৃথা চেষ্টা নকৰো।