পৃষ্ঠা:কনফুচিয়াছ.djvu/১২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
কনফুচিয়াছ
১৪। নৈতিকলোকে উচ্চপদত অখিস্থিত হৈ তলতীয়া কৰ্ম্মচাৰীৰ ওপৰত অযথা প্ৰভুত্ব নকৰে। তলতীয়া পদত থাকি ওপৰৱালাৰ অনুগ্ৰহ নিবিচাৰে। নিজৰ চৰিত্ৰ আৰু কৰ্ত্তব্য ঠিক ৰাখি আনে কি কৰিছে তালৈ চকু নিদিয়ে। তেনে লোকৰ কোনো ওজৰ আপত্তি নাই। ঈশ্বৰৰ বিৰুদ্ধেও কোনো অভিযোগ নাই আৰু মানুহকো তিৰস্কাৰ নকৰে। যদি জীৱনত সফলতা লাভ কৰিব নোৱাৰে তাৰ বাবে তেওঁ নিজকেই জগৰীয়া কৰে। ধনুৰ্বিদ্যা নৈতিক জীৱনৰ দৰেই। শৰে লক্ষ্যভেদ কৰিব নোৱাৰিলে ধনু বা শৰৰ দোষ নাই, দোষ ধনু-কাঁড় মাৰোতাজনৰহে।
১৫। সৎলোক থাকিলে সুশাসন হবই। সৎলোক নোহোৱা হলে সুশাসন দূষিত হয় আৰু ক্ৰমে লোপ পায়। সাৰুৱা মাটিত ঘাঁহ গজাৰ দৰে সৎমানুহৰ শাসনত সুশাসন ঠন ধৰি উঠে। সঁচাকৈ সুশাসন লহপহকৈ বাঢ়ি অহা গছপুলিৰ দৰে। গছপুলিক যেনেকৈ ভাল ৰক্ষণাবেক্ষণ লাগে সেইদৰে সুশাসনৰ গুৰিতো ভাল মানুহ লাগে। ভাল মানুহ হবলৈ নৈতিক বিধান মানি চলিব লাগিব। শাসক ব্যক্তিগত নৈতিক চৰিত্ৰৰ ওপৰতহে সুশাসন নিৰ্ভৰ কৰে।
১৬। বিদ্যানুৰাগ জ্ঞানৰ নিচিনা। চৰিত্ৰৰ প্ৰতি সযত্ন-সজাগতা দয়াৰ দৰেই আৰু লজ্জানুভূতি সাহসৰ তুল্য।