পৃষ্ঠা:কনফুচিয়াছ.djvu/১২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৭
পৰিশিষ্ট

যেতিয়া জালত, ফান্দত বা গাঁতত পৰে তেতিয়া আনকি এজনেও তাৰ পৰা উদ্ধাৰ হবলৈ পথ বিচাৰি নাপায়। মানুহে সকলোৱে কয় ‘মই জ্ঞানী’, কিন্তু ভাৰসাম্য নৈতিক জীৱনৰ পথৰ সন্ধানত এমাহ কালো থিৰেৰে থাকিব নোৱাৰে।

৬। মানুহে উচ্ছৃঙ্খল দেশৰ শৃঙ্খলা আনয়ন কৰিব পাৰে, ৰাজপদবীৰ সম্মান আৰু উচ্চবেতন প্ৰত্যাখ্যান কৰিব পাৰে, তৰোৱালৰ ওপৰত সুদা ভৰিৰে নাচিব পাৰে। কিন্তু এই সকলোবিলাক কৰিও নৈতিক জীৱনৰ মূল সূত্ৰ বিচাৰি উলিয়াব নোৱাৰিবও পাৰে।
৭। কঠোৰ আৰু বিস্ময়প্ৰদ আচৰিত বস্তু অন্বেষণ কৰা লোক বহুত আছে। যাতে ভবিষ্যতলৈ জগতত খ্যাতি ৰাখিব পাৰে তেনে ইচ্ছাত অলৌকিক জীৱন যাপন কৰা লোকে বহুত আছে। মোৰ হলে কেতিয়াও তেনে কৰিবৰ ইচ্ছা নাই।

 জগতত নৈতিক বিধানৰ লগত খাপ খুৱাই জীৱন নিয়ন্ত্ৰণ কৰিবলৈ ইচ্ছা কৰা সাধুলোক বহুত আছে। কিন্তু সেই পথত কিছুদূৰ আগুৱাই গৈ তেওঁলোকে সেই পথ ত্যাগ কৰে। মই কিন্তু সেই পথ ত্যাগ কৰাৰ কথা ভাবিবই নোৰাৰে।

 আনপিনে বিশ্ব সাৰ্ব্বজনীন নৈতিক বিধানৰ লগত অজ্ঞাতসাৰেও সামঞ্জস্য স্থাপন কৰি নৈতিক জীৱন